নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ জুলাই, আহাৰ মাহৰ ২৩ তাৰিখ
বুধবাৰ : তিথি–সপ্তমী, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : নাই

মেষ : আজি ফুৰা–চকাৰ ক্ষেত্রত অলপ সাৱধানতা অৱলম্বন কৰিব৷ বিদ্যার্থীসকলে পঢ়া–শুনাৰ প্রতি যত্ন লোৱাৰ প্রয়োজন৷ দাম্পত্যত শুভ৷ প্রেম–প্রীতিৰ ক্ষেত্রত মধ্যম৷ শুভ ৰং– নীলা৷ শুভ সংখ্যা– ৩৷

বৃষ : আজি দিনটো আগৰ দিনতকৈ কিছু সুমধুৰ হ’ব৷ ভ্রমণৰ যোগ দেখা যায় যদিও ভ্রমণৰ ক্ষেত্রত অলপ সাৱধান হোৱাৰ প্রয়োজন৷ আর্থিক দিশত লাভৱান হ’ব৷ দাম্পত্যত শুভ৷ শুভ ৰং– ক’লা৷ শুভ সংখ্যা– ২৷

মিথুন : আজি দিনটোত সন্তানৰ পৰা সন্মানপ্রাপ্তিৰ যোগ আছে৷ বিদ্যার্থীসকলৰ শুভ৷ শত্রুৰ পৰা সাৱধান হ’ব৷ খৰচৰ মাত্রা বাঢ়িব যদিও আর্থিক দিশত কিছু লাভ হোৱাৰ সম্ভাৱনা আছে৷ শুভ ৰং– হালধীয়া৷ শুভ সংখ্যা– ৪৷

কর্কট : আজি দিনটোত সুখবৰ পোৱাৰ সম্ভাৱনা আছে৷ দাম্পত্যত শুভ৷ ছাত্র–ছাত্রীসকলৰ বাবে ডত্তম৷ কিছু পেটৰ অসুবিধাত ভুগিব পাৰে৷ সামাজিক ক্ষেত্রত স্থান লাভ৷ শুভ ৰং– মেৰুন৷ শুভ সংখ্যা– ৭৷

সিংহ : আজি ৰাজনৈতিক ক্ষেত্রত জড়িত লোকসকলে সুনাম পাব৷ ব্যৱসায়ীসকলৰ মধ্যম৷ খৰচৰ প্রতি কিছু গুৰুত্ব দিব৷ দাম্পত্যত সুখপ্রাপ্তি৷ শুভ ৰং– গুলপীয়া৷ শুভ সংখ্যা –৮৷

কন্যা : আজি আর্থিক দিশত উন্নতিৰ সম্ভাৱনা আছে৷ বন্বুূৰ সহায়ত কোনো গুৰুত্বপূর্ণ কাম হ’ব পাৰে৷ স্বাস্থ্যৰ প্রতি যত্ন ৰাখক৷ বিদ্যার্থীসকলৰ শুভ৷ শুভ ৰং– সোণালী৷ শুভ সংখ্যা– ৬৷

তুলা : আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ ব্যৱসায়ীসকলে লাভজনক সিদ্ধান্ত ল’ব পাৰিব৷ কর্মক্ষেত্রত সহকর্মীৰ সহযোগ লাভ কৰিব৷ প্রেমত শুভ৷ পৰিয়ালত মিলা–প্রীতি বৃদ্ধি হ’ব৷ শুভ ৰং– নীলা৷ শুভ সংখ্যা– ২৷

বৃশ্চিক : আজি যোগাযোগ আৰু বুদ্ধিমতাৰ জৰিয়তে সফলতা লাভ কৰিব৷ চাকৰি বিচাৰি থকা ব্যক্তিসকলে ভাল খবৰ লাভ কৰিব পাৰে৷ ভ্রমণৰ যোগ আছে৷ স্বাস্থ্য স্বাভাৱিক থাকিব৷ শুভ ৰং– বেঙুনীয়া৷ শুভ সংখ্যা– ৬৷

ধনু : আজি পৰিয়ালক কেন্দ্র কৰি ব্যস্ততা বৃদ্ধি পাব৷ ঘৰ–সংসাৰৰ কোনো গুৰুত্বপূর্ণ সিদ্ধান্ত ল’ব লাগিব পাৰে৷ কর্মক্ষেত্রত ধৈর্য ধৰি কাম কৰিব৷ আর্থিক দিশত মধ্যম৷ শুভ ৰং– বগা৷ শুভ সংখ্যা– ৩৷

মকৰ : আজি পৰিশ্রমৰ ফল লাভ কৰিব৷ কর্মক্ষেত্রত উন্নতিৰ সুযোগ আহিব পাৰে৷ শিক্ষার্থীসকলৰ বাবে দিনটো শুভ৷ প্রেমত শুভ৷ শুভ ৰং– গুলপীয়া৷ শুভ সংখ্যা– ১৷

কুম্ভ : আজি মানসিক শান্তি অনুভৱ কৰিব৷ আর্থিক দিশত পথ মুকলি হ’ব পাৰে৷ প্রেম আৰু দাম্পত্য জীৱনত সুখ–শান্তি বজাই থাকিব৷ কর্মক্ষেত্রত ধৈর্য ধৰি আগবাঢ়ক৷ শুভ ৰং– ৰঙা৷ শুভ সংখ্যা– ৪৷

মীন : আজি গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক৷ কর্মক্ষেত্রত সাফল্য লাভৰ সম্ভাৱনা আছে৷ স্বাস্থ্যৰ প্রতি গুৰুত্ব দিব৷ দাম্পত্যত সুখী হ’ব৷ শুভ ৰং– হালধীয়া৷ শুভ সংখ্যা– ৭৷

You might also like