নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ৭ জুলাই : মৰিগাঁও জিলাৰ ভূৰাগাঁৱত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় কুখ্যাত চাইবাৰ অপৰাধী । যোৱানিশা ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশাল বণিকৰ নেতৃত্বত চলা অভিযানত ফলিহামাৰী গাঁৱৰ পৰা কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
ধৃত চাইবাৰ অপৰাধীটোৰ নাম চামিম আহমেদ। অভিযানত ধৃত চাইবাৰ অপৰাধীৰ ঘৰৰ পৰা এটা লেপটপ, ১০খন এটিএম, ১২খন পাছবুক, ৯টা ছুইফ মেচিন, ৬টা মোবাইল, জিঅ’ ফাইবাৰ ৪টা আৰু হাৰ্ডডিক্স ৩খন জব্দ কৰিবলৈ সক্ষম হয়।
মায়ং থানাত ৰুজু হোৱা এটা চাইবাৰজনিত গোচৰত গ্ৰেপ্তাৰ কৰে ভূৰাগাঁও আৰক্ষীয়ে । অধিক তদন্তৰ বাবে আজি ধৃত চাইবাৰ অপৰাধীটোক মায়ং থানালৈ লৈ যায়। দীৰ্ঘদিন ধৰি ধৃত চাইবাৰ অপৰাধীটোৱে অসাধু উপায়েৰে কোটি কোটি টকা লুণ্ঠন কৰি আহিছে। উল্লেখ্য যে ধৃত চাইবাৰ অপৰাধীটো পূৰ্বে চাইবাৰৰ গোচৰত জে’ল-হাজোতলৈ গৈছিল ।