১৬সংখ্যক অসম বিধানসভাৰ প্রথমখন পূর্ণাংগ বাজেট অধিৱেশন দিছপুৰত আৰম্ভ হৈছে৷ নতুন চৰকাৰখনে নির্বাচনত বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনখন কেৱল এক নিয়মমতে হ’বলগীয়া সংসদীয় প্রক্রিয়াই নহয়, ই আগন্তুক পাঁচটা বছৰৰ বাবে ৰাজ্যখনৰ অর্থনৈতিক আৰু আন্তঃগাঁথনিমূলক উন্নয়নৰ এক মহাপৰিকল্পনা৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে স্পষ্ট কৰি দিছে যে এই বাজেটখনে অকল এটা বছৰৰ হিচাপ ধৰি নাৰাখি শাসনকালৰ অনাগত পাঁচটা বছৰৰ বাবে এক দীর্ঘম্যাদী অর্থনৈতিক দৃষ্টিভংগী দাঙি ধৰিব৷
বর্তমান সময়ত অসম ৰাজ্যৰ অর্থনীতিৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো হৈছে আন্তঃগাঁথনিৰ ক্ষিপ্র আধুনিকীকৰণ৷ আধুনিক আন্তঃগাঁথনি অবিহনে কোনো এখন ৰাজ্যই উদ্যোগীকৰণ, নিয়োগ সৃষ্টি আৰু উন্নত জীৱন ধাৰণৰ মান অক্ষুণ্ণ ৰাখিব নোৱাৰে৷
এই পৰিপ্রেক্ষিতত চলিত বাজেট অধিৱেশনে অসমৰ সামগ্রিক বিকাশৰ বাবে এক নতুন গতিপথ নির্ধাৰণ কৰিব বুলি আশা কৰা হৈছে৷ বিগত কেহটামান বছৰত অসমৰ আন্তঃগাঁথনি খণ্ডলৈ এক অভূতপূর্ব পৰিৱর্তন আহিছে৷
পথ সংযোগ, দলং নির্মাণৰ পৰা আৰম্ভ কৰি চিকিৎসা মহাবিদ্যালয়ৰ সম্প্রসাৰণলৈকে প্রতিটো খণ্ডতে এক বৃহৎ মূলধনী ব্যয় কৰা হৈছে৷ চলিত বছৰৰ আৰম্ভণিতে উত্থাপন কৰা লেখানুদান বাজেটত যি কল্যাণকামী আঁচনিসমূহৰ ধাৰাবাহিকতা ঘোষণা কৰা হৈছিল, তাৰ সমান্তৰালভাৱে এই পূর্ণাংগ বাজেটখনত ঔদ্যোগিক বিকাশ আৰু স্মার্ট চিটী আন্তঃগাঁথনিৰ ওপৰত সর্বাধিক গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে৷
বিশেষকৈ গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহক কেন্দ্র কৰি চৰকাৰে গ্রহণ কৰা চহৰীকৰণ প্রক্রিয়াক সুপৰিকল্পিত ৰূপ দিবলৈ এই অধিৱেশনতে বিধিগত দিশৰ পূর্ণতা প্রদান কৰা হ’ব৷
তদুপৰি ক্ষুদ্র আৰু মজলীয়া উদ্যোগ খণ্ডক সুকলমে চলাই নিবলৈ অনুমতি পত্র অবিহনে প্রথম তিনি বছৰ ব্যৱসায় আৰম্ভ কৰিব পৰা নীতিগত শিথিলতাই ৰাজ্যখনলৈ বিনিয়োগ আকর্ষণ কৰাত সহায় কৰিব৷
আন্তঃগাঁথনি বুলি ক’লে অকল পকী ৰাস্তা বা অট্টালিকাকে নুবুজায়, হয়াৰ অন্যতম প্রাণস্পন্দন হৈছে শক্তিখণ্ড৷ বর্তমান সময়ত গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন নগৰীয়া অঞ্চলত বিদ্যুৎ যোগান ব্যৱস্থাক আধুনিক ৰূপ দিয়াৰ এক বৃহৎ যাত্রা আৰম্ভ হৈছে৷
পুৰণি আৰু জৰাজীর্ণ ওলোমা তাঁৰসমূহ আঁতৰাই ভূগর্ভস্থ বিদ্যুৎ কেবলিং কৰাৰ যি প্রক্রিয়া হাতত লোৱা হৈছে, সি কেৱল চহৰখনৰ সৌন্দর্যবর্ধন কৰাৰ লগতে বাৰিষা কালত হোৱা কৃত্রিম দুর্ঘটনা আৰু সঘনাই হোৱা বিদ্যুৎ কর্তনৰ সমস্যা বহু পৰিমাণে হ্রাস কৰিব৷
অসম বিদ্যুৎ নিয়ামক আয়োগে হাইলোড ফিডাৰ আৰু বিতৰণ প্রণালীৰ ক্ষেত্রত অনা সংস্কাৰসমূহো এই আধুনিকীকৰণৰ অংশ৷ কিন্তু এই পৰিৱর্তনৰ কালছোৱাত গ্রাহকসকল সঘনাহ বিদ্যুৎ কর্তনৰ সন্মুখীন হৈছে৷
চৰকাৰে এই দিশটোৰ প্রতিও মনযোগ দিব লাগিব৷ দীর্ঘম্যাদী সুফলৰ বাবে সাময়িক অসুবিধা গ্রহণযোগ্য হ’লেও হয়াৰ কার্যকৰীকৰণৰ গতি খৰতকীয়া হোৱাটো বাঞ্ছনীয়৷ অসমৰ দৰে এখন বৈচিত্র্যপূর্ণ ৰাজ্যৰ বাবে বাজেট প্রস্তুত কৰাৰ ক্ষেত্রত দেখা পোৱা আটাহতকৈ ডাঙৰ প্রত্যাহ্বানটো হ’ল– চহৰ আৰু গাঁৱৰ মাজৰ ভাৰসাম্য ৰক্ষা কৰা৷
গুৱাহাটী বা ডিব্রুগডৰ দৰে চহৰত স্মার্ট চিটী প্রকল্প, মেট্ৰ’ ৰে’লৰ পৰিকল্পনা বা ভূগর্ভস্থ কেবলিঙৰ দৰে ব্যয়বহুল আঁচনি ৰূপায়ণ কৰা সময়তে অসমৰ গ্রাম্য অর্থনীতিৰ ভেটিটোকো শক্তিশালী কৰাৰ প্রয়োজন থাকে৷
অসমৰ এটা বুজন অংশ এতিয়াও বানপানী আৰু খহনীয়াত জুৰুলা হৈ আছে৷ গতিকে নতুন বাজেটখনত কেৱল মহানগৰকেন্দ্রিক জিলিকনিৰ পৰিকল্পনা থাকিলে নহ’ব৷ গ্রাম্যপথ, কৃষিভিত্তিক শীতলীকৰণ কেন্দ্র আৰু মথাউৰি আদিৰ স্থায়ী মেৰামতিৰ বাবেও পর্যাপ্ত ধন আবণ্টন হ’ব লাগিব৷
এই বাজেটে যদি অসমৰ যোগাযোগ, শক্তি আৰু উদ্যোগ খণ্ডৰ আন্তঃগাঁথনিক এক নতুন মাত্রা দিব পাৰে, তেন্তে অনাগত দিনত অসম দেশৰ ভিতৰতে অন্যতম এখন অগ্রণী ৰাজ্যলৈ ৰূপান্তৰিত হ’ব৷