ফিফা বিশ্বকাপ : আজি নিশা কোৱাৰ্টাৰ ফাইনেলত সমুখসমৰত ফ্ৰান্স-মৰক্কো
২০২৬ ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ আৰম্ভণিতে অনুষ্ঠিত হ’ব এক হাইভ’ল্টেজ মেচ। দুবাৰৰ বিশ্ব চেম্পিয়ন ফ্ৰান্সৰ সন্মুখত থাকিব আফ্ৰিকাৰ চেম্পিয়ন মৰক্কো।
উত্তৰ আমেৰিকাত অনুষ্ঠিত এই বিশ্বকাপত ফ্ৰান্সে এতিয়ালৈকে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছে। পাঁচখন মেচৰ পাঁচখনতেই জয়লাভ কৰি দলটোৱে ১৪টা গ’ল কৰাৰ বিপৰীতে মাত্ৰ ২টা গ’লহে হজম কৰিছে। গোল্ডেন বুটৰ দৌৰত শীৰ্ষস্থানত থকা কিলিয়ান এমবাপেৰ নেতৃত্বত অ’ছমান ডেম্বেলে, মাইকেল অলিছে আৰু ব্ৰেডলী বাৰ্কোলাক লৈ গঠিত ফ্ৰান্সৰ আক্ৰমণভাগ প্ৰতিযোগিতাখনৰ অন্যতম শক্তিশালী।
অৱশ্যে তৃতীয়বাৰৰ বাবে বিশ্বকাপ জয়ৰ সপোন পূৰণৰ পথ সহজ নহ’ব। কোৱাৰ্টাৰ ফাইনেলত তেওঁলোকৰ সন্মুখত থাকিব ব্ৰাহিম ডিয়াজ আৰু ইছমাইল ছাইবাৰীৰ নেতৃত্বাধীন মৰক্কো।
নকআউট পৰ্যায়ত নেদাৰলেণ্ডছক পৰাস্ত কৰি আত্মবিশ্বাসেৰে উজ্জীৱিত হোৱা এটলাছ লায়ন্স খ্যাত মৰক্কোৱে এইবাৰ আন এখন ইউৰোপীয় শক্তিকো বিদায় দিবলৈ সাজু। ইতিহাসত প্ৰথমবাৰৰ বাবে একেৰাহে দ্বিতীয়বাৰ বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লক্ষ্য দলটোৰ।
গ্ৰুপ ‘আই’ত নৰৱে, ছেনেগাল আৰু ইৰাকক পৰাস্ত কৰি পূৰ্ণ ৯ পইণ্টেৰে শীৰ্ষস্থান দখল কৰিছিল ফ্ৰান্সে। ইয়াৰ পিছত ৰাউণ্ড অৱ ৩২ত ছুইডেনক ৩-০ গ’লত আৰু ৰাউণ্ড অৱ-16ত পাৰাগুৱেক ১-০ গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত উপনীত হয়।
আনহাতে, গ্ৰুপ ‘চি’ত স্কটলেণ্ড আৰু হাইটিক পৰাস্ত কৰাৰ লগতে ব্ৰাজিলৰ বিৰুদ্ধে ড্ৰ কৰি ৭ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰিছিল মৰক্কোৱে। নকআউটত নেদাৰলেণ্ডছৰ বিৰুদ্ধে পেনাল্টী শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰাৰ পিছত ৰাউণ্ড অৱ-16ত কানাডাক ৩-০ গ’লত পৰাস্ত কৰে।
২০২২ চনৰ বিশ্বকাপত স্পেইন আৰু পৰ্তুগালক পৰাস্ত কৰি প্ৰথম আফ্ৰিকান আৰু আৰব দেশ হিচাপে ছেমিফাইনেলত প্ৰৱেশ কৰি ইতিহাস সৃষ্টি কৰিছিল মৰক্কোৱে। তাৰ পিছৰে পৰা দলটোৱে ধাৰাবাহিকভাৱে বিশ্ব ফুটবলত নিজৰ শক্তি প্ৰমাণ কৰিছে।
২০২৫ চনৰ আফ্ৰিকা কাপ অৱ নেচনছ (AFCON)ৰ চেম্পিয়ন হোৱা মৰক্কোৱে ৩৪খন মেচত অপৰাজেয় ধাৰা অব্যাহত ৰাখিছে। ফিফা ৰেংকিঙত ষষ্ঠ স্থানত থকা দলটোৱে এতিয়া কেৱল অঘটন ঘটাবলৈ নহয়, প্ৰথমবাৰৰ বাবে বিশ্বকাপ জিকাৰ লক্ষ্যৰে খেলপথাৰত নামিব।
এই বিশ্বকাপত ব্ৰাহিম ডিয়াজে চাৰিটা এছিষ্ট কৰাৰ বিপৰীতে ইছমাইল ছাইবাৰীয়ে তিনিটা গ’ল কৰি দলটোৰ অন্যতম নায়ক হিচাপে পৰিগণিত হৈছে। ছুফিয়ান ৰাহিমি আৰু আজ্জেদিন ঔনাহীয়ে দুটাকৈ গ’ল কৰিছে।
কিন্তু হামষ্ট্ৰিং আঘাতৰ বাবে ইছমাইল ছাইবাৰী কোৱাৰ্টাৰ ফাইনেলত খেলিব নোৱাৰিব। শেষ মেচত আঘাতপ্ৰাপ্ত হোৱা ২৫ বছৰীয়া এই ফুটবলাৰৰ অনুপস্থিতি মৰক্কোৰ বাবে ডাঙৰ আঘাত হিচাপে বিবেচিত হৈছে।
অন্যহাতে, পাঁচখন মেচত ৭টা গ’ল কৰি কিলিয়ান এমবাপেই গোল্ডেন বুটৰ দৌৰত শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে। একে সময়তে বিশ্বকাপত একাধিকবাৰ গোল্ডেন বুট জিকা প্ৰথম খেলুৱৈ হোৱাৰ দিশেও আগবাঢ়িছে তেওঁ।
ৰাউণ্ড অৱ-16ত পাৰাগুৱেৰ বিৰুদ্ধে কঠিন মেচ খেলিলেও দলটোৱে নিজৰ দৃঢ় মানসিকতা আৰু প্ৰতিভাৰ পৰিচয় দি জয় সাব্যস্ত কৰিছিল। সেয়েহে বিশ্বকাপ জয়ৰ অন্যতম প্ৰবল দাবীদাৰ হিচাপেই কোৱাৰ্টাৰ ফাইনেলত নামিব ফ্ৰান্স।
ডিজিটেল ডেস্ক, ৯ জুলাই