শিৱসাগৰত চাঞ্চল্যৰ সৃষ্টি কৰা যৌন নিৰ্যাতনৰ এক গোচৰত ডেকা সত্ৰাধিকাৰৰ পুত্ৰ কীৰ্তিকমল দেৱ গোস্বামীক অৱশেষত গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে।
অভিযোগ অনুসৰি, মহিলা চৰিত্ৰত অভিনয় কৰা এজন পুৰুষ ভাওৰীয়াক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছিল কীৰ্তিকমল দেৱ গোস্বামীৰ বিৰুদ্ধে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল।
জানিব পৰা মতে, প্ৰায় ৭ ঘণ্টা ধৰি জেৰা কৰাৰ পিছত আৰক্ষীয়ে কীৰ্তিকমল দেৱ গোস্বামীক গ্ৰেপ্তাৰ কৰে।
দীৰ্ঘদিনে শাৰীৰিক-মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ আছে কীৰ্তিকমল দেৱ গোস্বামীৰ বিৰুদ্ধে। ভুক্তভোগী ভাওনা শিল্পীগৰাকীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় কীৰ্তিকমল দেৱ গোস্বামীক। বৰ্তমান ১৯ বছৰত ভৰি দিয়া ভুক্তভোগী ভাওনা শিল্পীগৰাকীক ১৫ বছৰ বয়সৰ পৰাই যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উঠিছে।
ভয় ভাবুকিৰে বিষয়টো গাপ দিবলৈ হেঁচা প্ৰয়োগ কৰি অহাৰো অভিযোগ কীৰ্তিকমল দেৱ গোস্বামীৰ বিৰুদ্ধে। ভুক্তভোগীৰ বহু ভিডিঅ’ ম’বাইলত আবদ্ধ কৰি অহাৰো অভিযোগ।অৱশেষত আৰক্ষীয়ে ১৩০/২০২৬ গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ POCSO ৰ অধীনত গ্ৰেপ্তাৰ কৰে।
ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে শিৱসাগৰ আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে, অভিযোগ আৰু উপলব্ধ প্ৰমাণৰ ভিত্তিত আইনী প্ৰক্ৰিয়া অনুসৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ডিজিটেল ডেস্ক, ৯ জুলাই