ডিজিটেল ডেস্ক, ১০ জুলাই : লখিমপুৰত আৰক্ষীৰ জালনোট, নকল সোণ মাফিয়াৰ বিৰুদ্ধে একচন আৰম্ভ হ’ল। কেইদিনমানৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত লাখ লাখ জালনোট উদ্ধাৰ, সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাৰ পাছত যোৱানিশা গৰজি উঠিল আৰক্ষীৰ বন্দুক। আৰক্ষীৰ গুলীত ধৰাশায়ী হয় জালনোট বেহাৰ দুই মাষ্টাৰমাইণ্ড।
উল্লেখযোগ্য যে লখিমপুৰৰ লালুক আৰক্ষীয়ে নিশা এনকাউণ্টাৰ কৰে দুই জালনোট সৰবৰাহকাৰীক। আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰোঁতেই দুই জালনোট সৰবৰাহকাৰীক আৰক্ষীয়ে গুলীয়াই ধৰাশায়ী কৰে।
আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰা দুই জালনোট সৰবৰাহকাৰী হ’ল মুকছিদুল আলম আৰু মতিবুৰ ৰহমান।
নিশা দুয়োটা সৰবৰাহকাৰীক লগত লৈ বালিজান বালিটিকালৈ গৈ থকা অৱস্থাত ২নং হৰিবৰ নাহৰবাৰীৰ পথৰ পৰা আৰক্ষীৰ পৰা অস্ত্ৰ কাঢ়ি পলাবলৈ লওঁতেই দুই সৰবৰাহকাৰীক ৰখাবলৈ লালুক আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। ফলত ধৃত মুকছিদুল আৰু মতিবুৰৰ ভৰিত গুলীবিদ্ধ হয়। সম্প্ৰতি দুয়োকে চিকিৎসাধীন কৰোৱা হৈছে।