ডিজিটেল ডেস্ক, ১০ জুলাই : আজি সদনত উত্থাপন হ’ব ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বহু প্ৰতীক্ষিত পূৰ্ণাংগ বাজেট । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ এইখন প্ৰথম তথা আটাইতকৈ গুৰুত্বপূৰ্ণ বাজেট । ৬ জুলাইৰ পৰা আৰম্ভ হোৱা ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি পঞ্চমটো দিন। দিনৰ ১১ বাজি ৪৫ মিনিটত সদনত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে । বিশেষভাৱে লক্ষণীয় যে ৰাজ্যৰ নতুন বিত্তমন্ত্ৰী হিচাপে জয়ন্ত মল্ল বৰুৱাই আজি প্ৰথমখন বাজেট সদনত দাখিল কৰিব ।
বাজেট উত্থাপনৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এক তাৎপৰ্যপূৰ্ণ পোষ্ট শ্বেয়াৰ কৰি কয়- “বাজেট কেৱল চৰকাৰৰ আয় আৰু ব্যয়ৰ হিচাপ নহয়, এয়া চৰকাৰখনে স্বদেশ-স্বজাতি আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে দেখা সপোনক বাস্তৱায়িত কৰাৰ এক পথ নক্সা ।” স্বাভাৱিকতে নতুন বিত্তমন্ত্ৰীৰ প্ৰথমখন বাজেটক লৈ সৰ্বসাধাৰণ ৰাইজৰ মাজত আশা-প্ৰত্যাশাৰ সৃষ্টি হৈছে। আনহাতে, নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহ এই বাজেটত প্ৰতিফলিত হ’ব বুলি আশা প্ৰকাশ কৰিছে সাধাৰণ জনতাই । এইবাৰৰ বাজেটত মূলত: উন্নয়নমুখী, কৰ্মসংস্থাপনমুখী আৰু কল্যাণকামী এক সন্তুলিত বাজেট হোৱাৰ সম্ভাৱনা আছে।
এইবাৰৰ বাজেটত চৰকাৰে উন্নয়ন আৰু নতুন কৰ্মসংস্থাপনৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । লগতে কি কি সামগ্ৰীৰ দাম কমিব আৰু কি কি সামগ্ৰীৰ দাম বৃদ্ধি হ’ব পাৰে, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম কমিবনে তাকে লৈ উৎকণ্ঠিত হৈ আছে সাধাৰণ জনতা।