নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেটৰ ভাল খবৰ : ৰাজ্যত হ’ব আৰু চাৰিখন চিকিৎসা মহাবিদ্যালয়, বিত্তমন্ত্ৰীৰ ঘোষণা

ডিজিটেল ডেস্ক, ১০ জুলাই : আজি সদনত উত্থাপন হ’ল ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বহু প্ৰতীক্ষিত পূৰ্ণাংগ বাজেট । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ এইখন প্ৰথম তথা আটাইতকৈ গুৰুত্বপূৰ্ণ বাজেট । ৰাজ্যৰ নতুন বিত্তমন্ত্ৰী হিচাপে জয়ন্ত মল্ল বৰুৱাই আজি প্ৰথমখন বাজেট সদনত দাখিল কৰে ।

আজি (১০ জুলাই) ২০২৬-২৭ বৰ্ষৰ অসম বাজেট বিধানসভাত দাখিল কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যত নতুনকৈ চাৰিখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ঘোষণা কৰে।

বিত্তমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, নতুন চিকিৎসা মহাবিদ্যালয়সমূহ গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালী জিলাত স্থাপন কৰা হ’ব। ইয়াৰ ফলত অসমত চিকিৎসা মহাবিদ্যালয়ৰ মুঠ সংখ্যা ২৮খনলৈ বৃদ্ধি পাব।

এই পদক্ষেপ ৰাজ্য চৰকাৰৰ ‘এখন জিলা, এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয় আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয়’ গঢ়ি তোলাৰ দৃষ্টিভংগীৰ অংশ। ইয়াৰ জৰিয়তে ৰাজ্যৰ প্ৰতিখন জিলাত উন্নত মানৰ উচ্চ শিক্ষা নিশ্চিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।

ইফালে, আন এক গুৰুত্বপূৰ্ণ ঘোষণাত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে নতুন সুবিধা স্থাপন কৰি ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত অন্ততঃ এখনকৈ ৫০খন বিছনাযুক্ত ফাৰ্ষ্ট ৰেফাৰেল ইউনিট (FRU) স্থাপন কৰা হ’ব।

বাজেট ভাষণত তেওঁ ঘোষণা কৰে, “অসমৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহ অধিক শক্তিশালী কৰিবলৈ চৰকাৰে এমবিবিএছ চিকিৎসক, আয়ুস চিকিৎসক, দন্ত চিকিৎসক, নাৰ্ছ, ফাৰ্মাচিষ্ট, পৰীক্ষাগাৰ কাৰিকৰী সহায়ক, ৰেডিঅ’গ্ৰাফাৰ আৰু এএনএমকে ধৰি বিভিন্ন নতুন স্বাস্থ্যসেৱাৰ পদ সৃষ্টি কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।”

You might also like