নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত নিৰ্মীয়মাণ প্ৰকল্পৰ কাম পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জালুকবাৰীত অৱস্থিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰি চৰকাৰৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। পৰিদৰ্শনৰ সময়ত তেওঁ সুধাকণ্ঠৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সমাধিক্ষেত্ৰক সম্পূৰ্ণ নতুন ৰূপত গঢ়ি তোলা হ’ব। সমাধিক্ষেত্ৰৰ নাম ‘সমন্বয় তীৰ্থ’ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

তেওঁ জনায় যে সমাধিক্ষেত্ৰত অত্যাধুনিক ডিজিটেল আৰু ভাৰ্চুৱেল ৰিয়েলিটি (VR) প্ৰযুক্তি সংযোজন কৰা হ’ব। আগন্তুক সময়ত দৰ্শনাৰ্থীসকলে ভাৰ্চুৱেলভাৱে ড০ ভূপেন হাজৰিকাৰ সৈতে ছেলফি তুলিব, তেওঁৰ গান শুনিব, আনকি তেওঁৰ সৈতে একেখন গাড়ীত ভ্ৰমণ কৰাৰ অভিজ্ঞতাও লাভ কৰিব পাৰিব।

ইয়াৰ উপৰি সমাধিক্ষেত্ৰত এখন মুকলি মঞ্চ নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ পৰিচালনাৰ বাবে এখন বিশেষ পৰিচালনা সমিতি গঠন কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে চাৰিৰ পৰা ছয় মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা পৰিদৰ্শন কৰি আধুনিকীকৰণৰ কামৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ জানিবলৈ দিয়ে যে ৩৬০ কোটি টকা ব্যয়সাপেক্ষে চলি থকা আধুনিকীকৰণ প্ৰকল্পৰ ২৭ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰীয়ে বনমন্ত্ৰীক দেশৰ উন্নত চিৰিয়াখানাসমূহ পৰিদৰ্শন কৰি সেই অভিজ্ঞতাৰ ভিত্তিত অসম ৰাজ্যিক চিৰিয়াখানাকো বিশ্বমানৰ ৰূপ দিয়াৰ বাবে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পল্টন বজাৰত নিৰ্মাণাধীন গুৱাহাটী চিটী পুলিচ ৰিজাৰ্ভ কেম্পাছ পৰিদৰ্শন কৰি জানিবলৈ দিয়ে যে ডিচেম্বৰ মাহত এই অত্যাধুনিক কেম্পাছ জনসাধাৰণৰ বাবে মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ৬০৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হৈ থকা এই প্ৰকল্পত আৰক্ষীৰ বাবে আৱাসগৃহ, আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ আৰু মাল্টিলেভেল কাৰ পাৰ্কিঙৰ সুবিধা থাকিব।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্ৰায় ৬০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই আৰক্ষী ছাউনীত নামঘৰ, মন্দিৰ, খেলপথাৰ, আধুনিক কাৰ্যালয় আদি সকলো সুবিধা উপলব্ধ থাকিব। ৰাজ্যৰ আৰক্ষী বাহিনীৰ সকলো বাহন একেলগে সংৰক্ষণ কৰিব পৰাকৈ এখন বৃহৎ মাল্টিলেভেল কাৰ পাৰ্কিঙো নিৰ্মাণ কৰা হৈছে।

তেওঁৰ মতে, এই নতুন কেম্পাছে অসম আৰক্ষীৰ কৰ্মপৰিবেশ অধিক উন্নত কৰাৰ লগতে আধুনিক আৰক্ষী ব্যৱস্থা গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ডিজিটেল ডেস্ক, ১১ জুলাই

You might also like