কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে যে ২০ শতাংশ ইথানল মিহলোৱা E20 পেট্ৰ’ল ব্যৱহাৰ কৰিলে গাড়ীৰ মাইলেজ ৩ৰ পৰা ৫ শতাংশলৈকে কমিব পাৰে। কিন্তু পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে স্পষ্ট কৰি কৈছে যে এই সামান্য মাইলেজ হ্ৰাসৰ তুলনাত E20 ইন্ধনৰ সামগ্ৰিক লাভ বহু বেছি।
মন্ত্ৰালয়ৰ মতে, E20 পেট্ৰ’লত উচ্চ অক্টেন ৰেটিং, উন্নত পিক-আপ, অধিক মসৃণ গতি বৃদ্ধি, দ্ৰুত দহন, ইঞ্জিন অধিক পৰিষ্কাৰভাৱে চলা আৰু কাৰ্বন নিঃসৰণ হ্ৰাস পোৱাৰ সুবিধা আছে।
এক বিশদ নথিত মন্ত্ৰালয়ে E20-অক “অধিক পৰিষ্কাৰ, উন্নতমানৰ আৰু অধিক কাৰ্যক্ষম ইন্ধন” বুলি উল্লেখ কৰে। চৰকাৰে বহু বছৰ ধৰি বৈজ্ঞানিক পৰীক্ষা আৰু গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহৰ সৈতে আলোচনা কৰাৰ পিছত এই ইন্ধন সমগ্ৰ দেশত প্ৰৱৰ্তন কৰিছে।
মন্ত্ৰালয়ে E20 কাৰ্যসূচী ততাতৈয়াকৈ ৰূপায়ণ কৰা হৈছে বুলি উত্থাপিত অভিযোগ নাকচ কৰে। ২০০১ চনতেই পাইলট প্ৰকল্প আৰম্ভ হৈছিল আৰু ২০০৬ চনৰ ভিতৰত দেশৰ কেইবাখনো অঞ্চলত ৫ শতাংশ ইথানল মিশ্ৰণ আৰম্ভ কৰা হৈছিল।
২০১৪ চনলৈকে ইথানল মিশ্ৰণ মাত্ৰ ১.৫ শতাংশ আছিল। কিন্তু ২০১৮ চনৰ ৰাষ্ট্ৰীয় জৈৱ ইন্ধন নীতি (National Policy on Biofuels)-ৰ পিছত এই কাৰ্যসূচীয়ে গতি লাভ কৰে। এই নীতিত আখৰ উপৰি আন কেঁচামালৰ পৰা ইথানল উৎপাদনৰ অনুমতি দিয়া হৈছিল।
ভাৰতে ২০২২ চনত ১০ শতাংশ ইথানল মিশ্ৰণৰ লক্ষ্য সময়ৰ আগতেই পূৰণ কৰে। পাছত বিশেষ উৎপাদন কেন্দ্ৰ আৰু সংৰক্ষণ ব্যৱস্থা গঢ়ি তুলি ২০২৫-২৬ যোগান বৰ্ষত ২০ শতাংশ মিশ্ৰণৰ লক্ষ্যও সফলতাৰে অৰ্জন কৰে।
পুৰণি গাড়ীৰ ওপৰত E20-ৰ প্ৰভাৱ সম্পৰ্কে উদ্বেগৰ প্ৰতি উত্তৰ দি মন্ত্ৰালয়ে কয় যে ইন্ধনটো ব্যৱহাৰৰ পূৰ্বে ইঞ্জিনৰ স্থায়িত্ব, ফিউৱেল ছিষ্টেম, প্ৰতিৰোধ ক্ষমতা আৰু সামগ্ৰিক ড্ৰাইভিং ক্ষমতা আদি বিষয়ত বিস্তৃত পৰীক্ষা সম্পন্ন কৰা হৈছিল।
মাৰুতি ছুজুকি আৰু হিৰো মট’কৰ্পৰ দৰে আগশাৰীৰ বাহন নিৰ্মাতা কোম্পানীয়েও ইতিবাচক মতামত প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, বাস্তৱ পৰিস্থিতিত ব্যৱহাৰ কৰা বাহনসমূহত কোনো ধৰণৰ অস্বাভাৱিক ইঞ্জিন ক্ষয় বা যান্ত্ৰিক ক্ষতি পৰিলক্ষিত হোৱা নাই।
পেট্ৰ’ল পাম্পত একেলগে শুদ্ধ পেট্ৰ’ল, E10 আৰু E20 বিক্ৰী কৰাৰ দাবীও মন্ত্ৰালয়ে নাকচ কৰিছে। মন্ত্ৰালয়ৰ মতে, পৃথক যোগান ব্যৱস্থা গঢ়ি তুলিলে লজিষ্টিক ব্যয় বৃদ্ধি পাব আৰু দেশজুৰি এক লাখতকৈ অধিক পেট্ৰ’ল পাম্পত ইন্ধন বিতৰণ জটিল হৈ পৰিব।
ইথানল মিশ্ৰিত পেট্ৰ’ল সদায় সস্তীয়া নহ’ব বুলি মন্ত্ৰালয়ে স্পষ্ট কৰিছে। কৃষকসকলক লাভজনক মূল্য নিশ্চিত কৰিবলৈ ইথানলৰ দাম নিৰ্ধাৰণ কৰা হয়। সেয়েহে কেতিয়াবা বিশ্ববজাৰত খাৰুৱা তেলৰ মূল্য কম থাকিলে ইথানলৰ মূল্য পেট্ৰ’লতকৈও অধিক হ’ব পাৰে।
চৰকাৰৰ মূল লক্ষ্য হৈছে খাৰুৱা তেলৰ আমদানি হ্ৰাস, শক্তি সুৰক্ষা বৃদ্ধি আৰু ইন্ধনৰ মূল্যৰ স্থিৰতা নিশ্চিত কৰা।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০১৪-১৫ বৰ্ষৰ পৰা ইথানল মিশ্ৰণ কাৰ্যসূচীৰ ফলত দেশৰ প্ৰায় ১.৯৭ লাখ কোটি টকাৰ বৈদেশিক মুদ্ৰা সঞ্চয় হৈছে। লগতে ৩১৬ লাখ টন খাৰুৱা তেলৰ আমদানি কমিছে আৰু ৯৫২ লাখ টন কাৰ্বন ডাই অক্সাইড নিঃসৰণ হ্ৰাস পাইছে।
ইয়াৰ উপৰি এই কাৰ্যসূচীৰ জৰিয়তে ভাৰতীয় কৃষকসকলৰ হাতলৈ ১.৬৬ লাখ কোটি টকাৰো অধিক ধন গৈছে।
মন্ত্ৰালয়ে জনসাধাৰণক গুজবত বিশ্বাস নকৰিবলৈ আহ্বান জনাই কয় যে E20 পেট্ৰ’লক গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান, পৰীক্ষণ সংস্থা আৰু নিয়ন্ত্ৰক কৰ্তৃপক্ষই সম্পূৰ্ণ অনুমোদন জনাইছে।
ডিজিটেল ডেস্ক, ১১ জুলাই