বেলজিয়ামক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমিফাইনেলত স্পেইন
ফিফা বিশ্বকাপ ২০২৬ৰ ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত স্পেইনে বেলজিয়ামক ২-১ গ’লত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে। লছ এঞ্জেলছত অনুষ্ঠিত এই উত্তেজনাপূৰ্ণ খেলখনত পুনৰ স্পেইনৰ নায়ক হিচাপে উজলি উঠিল মিকেল মেৰিনো। ৮৮ মিনিটত তেওঁ কৰা গ’লটোৱেই স্পেইনক বিজয় উপহাৰ দিয়ে।
পৰ্তুগালৰ বিৰুদ্ধে ৰাউণ্ড অৱ ১৬ৰ খেলতো ইনজুৰি টাইমত বিজয়সূচক গ’ল কৰা মেৰিনোৱে এইবাৰো বদলি খেলুৱৈ হিচাপে নামি মাত্ৰ ১১৭ ছেকেণ্ডৰ ভিতৰতে গ’ল কৰে। বেলজিয়ামৰ বদলি গ’লৰক্ষক ছেনে লেমেন্সে পাও কুবাৰ্ছিৰ শ্বট ধৰি ৰাখিব নোৱাৰাত ৰিবাউণ্ডত মেৰিনোৱে সহজেই বল জালত প্ৰেৰণ কৰে।
স্পেইনে ৩০ মিনিটত মিডফিল্ডাৰ ফাবিয়ান ৰুইজৰ গ’লত আগবাঢ়ে। লামিনে য়ামাল আৰু পেদ্ৰো পোৰোৰ সুন্দৰ আক্ৰমণৰ পাছত থিব’ কুৰ্তোৱাই প্ৰথম শ্বট ৰখাবলৈ সক্ষম হৈছিল যদিও ৰিবাউণ্ডত ৰুইজে গ’ল কৰি দলক আগবঢ়ায়।
অৱশ্যে বেলজিয়ামে ৪০ মিনিটত চাৰ্লছ ডে কেটেলায়াৰৰ হেডাৰৰ জৰিয়তে সমতা ঘূৰাই আনে। এই গ’লটোৱে বিশ্বকাপত স্পেইনৰ একেৰাহে ৬৪৯ মিনিট গ’ল নখোৱাৰ বিশ্ব অভিলেখৰ সমাপ্তি ঘটায়।
দ্বিতীয়াৰ্ধত দুয়োটা দলে আক্ৰমণাত্মক ফুটবল খেলিলেও ৭১ মিনিটত বেলজিয়ামে ডাঙৰ আঘাত পায়। কিংবদন্তি গ’লৰক্ষক থিব’ কুৰ্তোৱা পেশীৰ আঘাতত কান্দি কান্দি খেলপথাৰ এৰিবলগীয়া হয়। তেওঁৰ ঠাইত অহা মানচেষ্টাৰ ইউনাইটেডৰ গ’লৰক্ষক ছেনে লেমেন্সৰ ভুলেই শেষত বেলজিয়ামৰ পৰাজয়ৰ মূল কাৰণ হৈ পৰে।
স্পেইনৰ কিশোৰ তাৰকা লামিনে য়ামালে এই খেলৰ জৰিয়তে ১৮ বছৰৰ আগতেই সৰ্বাধিক বিশ্বকাপ খেলৰ অভিলেখো গঢ়ে। যদিও তেওঁ নিজৰ স্বাভাৱিক ছন্দত নাছিল, তথাপিও কেইবাটাও সুন্দৰ আক্ৰমণ সৃষ্টি কৰি দৃষ্টিগোচৰ হয়।
এই জয়ে ইউৰো ২০২৪ৰ চেম্পিয়ন স্পেইনক ছেমিফাইনেলত ফ্ৰান্সৰ মুখামুখি কৰিলে। ১৪ জুলাই ডালাছত অনুষ্ঠিত হ’বলগীয়া এই ছেমিফাইনেলত স্পেইনে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ ফাইনেলত প্ৰৱেশৰ লক্ষ্য লৈ খেলিব।
২০১০ চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰাৰ পাছত স্পেইনে বিশেষ সফলতা লাভ কৰিব পৰা নাছিল। ২০১৪ত গ্ৰুপ পৰ্যায়ৰ পৰা বিদায় লোৱাৰ পিছত ২০১৮ আৰু ২০২২ত ৰাউণ্ড অৱ ১৬তে অভিযান শেষ হৈছিল। কিন্তু প্ৰশিক্ষক লুইছ ডে লা ফুৱেন্তেৰ নেতৃত্বত দলটোৱে পুনৰ বিশ্ব ফুটবলত নিজৰ শক্তি প্ৰদৰ্শন কৰিছে।
আনহাতে, বেলজিয়ামৰ বাবে এই পৰাজয়টো অত্যন্ত হতাশাজনক। কুৰ্তোৱা, কেৱিন ডি ব্ৰুইনে, থমাছ মেনিয়েৰ, লিয়াণ্ড্ৰো ট্ৰছাৰ্ড আৰু ৰোমেলু লুকাকুৰ দৰে “গ’ল্ডেন জেনেৰেচন”ৰ তাৰকাসকলৰ বাবে এয়া সম্ভৱতঃ অন্তিম বিশ্বকাপ আছিল। বহুচৰ্চিত এই প্ৰজন্মটোৱে পুনৰবাৰ কোনো ডাঙৰ আন্তঃৰাষ্ট্ৰীয় মুকুট জয় নকৰাকৈ বিশ্বকাপৰ পৰা বিদায় ল’ব লগা হ’ল।
ডিজিটেল ডেস্ক, ১১ জুলাই