আজি ১২ জুলাই, আহাৰ মাহৰ ২৭ তাৰিখ
দেওবাৰ : তিথি–ত্রয়োদশী, নক্ষত্র : ৰোহিণী, যাত্রা : ভাল
মেষ : আজি কর্মক্ষেত্রত আপোনাৰ দক্ষতা আৰু পৰিশ্রমৰ মূল্যায়ন হ’ব পাৰে৷ বহুদিন ধৰি ৰৈ থকা কোনো কাম সম্পূর্ণ হোৱাৰ সম্ভাৱনা আছে৷ আর্থিক দিশত শুভ৷ সন্তানৰ সাফল্যত মানসিক আনন্দ পাব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭৷
বৃষ : আজি বৃদ্ধ ব্যক্তিসকলে শৰীৰক লৈ যত্ন লওক৷ সিদ্ধান্ত লোৱাৰ ক্ষেত্রত আৱেগ বর্জন কৰিব৷ পৰিয়ালৰ পৰা সহযোগিতা লাভ কৰিব৷ প্রেম–প্রীতিত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
মিথুন : আজি নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে অনুকূল দিন৷ বন্ধুৰ সহায়ত গুৰুত্বপূর্ণ কাম সম্ভৱ হৈ উঠিব পাৰে৷ শিক্ষার্থীসকলৰ বাবে দিনটো শুভ৷ নিজৰ বাক্য ব্যৱহাৰত সংযম ৰাখিলে সকলো দিশতে লাভৱান হ’ব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৪৷
কর্কট : আজি নিজৰ সিদ্ধান্তত আত্মবিশ্বাস ৰাখক৷ কর্মক্ষেত্রত নতুন সুযোগ লাভ হ’ব পাৰে৷ পৰিয়ালৰ সৈতে ভাল সময় অতিবাহিত হ’ব৷ আর্থিক বিষয়ত সাৱধান হৈ খৰচ কৰক৷ স্বাস্থ্য ঠিকেই থাকিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৯৷
সিংহ : আজি আপোনাৰ আত্মবিশ্বাসে বহু কাম সফল কৰাত সহায় কৰিব৷ ব্যৱসায়ত লাভৰ যোগ দেখা যায়৷ অপ্রয়োজনীয় তর্ক-বিতর্কৰ পৰা আঁতৰি থাকিব৷ বিদ্যার্থীসকলৰ ক্ষেত্রত শুভ ফল লাভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৬৷
কন্যা : আজি নিবনুৱাসকলৰ বাবে ভাল খবৰ অহাৰ সুযোগ আছে৷ চাকৰিয়ালসকলৰ বাবেও দিনটো ভাল৷ ভ্রমণ কিছু কষ্টদায়ক হ’ব পাৰে৷ দাম্পত্য আৰু প্রেম-প্রীতিত মধ্যম ফল লাভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
তুলা : আজি এই ৰাশিৰ জাতক–জাতিকাসকলৰ দাম্পত্য আৰু পাৰিবাৰিক জীৱনত সুখ–শান্তি বজাই থাকিব৷ আর্থিক দিশত মধ্যম৷ সামাজিক দিশত পদোন্নতিৰ যোগ৷ কর্মক্ষেত্রত সহকর্মীৰ সহযোগ লাভ৷ শুভ ৰং ৰূপালী, শুভ সংখ্যা ৩৷
বৃশ্চিক : আজি হঠাতে পুৰণি চিনাকি বা বন্ধুৰ সৈতে যোগাযোগ হ’ব পাৰে৷ নিজৰ লক্ষ্যৰ পৰা বিচলিত নহ’ব৷ সন্ধিয়াৰ ফালে মনটো অধিক শান্ত আৰু আনন্দিত অনুভৱ কৰিব৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৫৷
ধনু : আজি নতুন কাম আৰম্ভ কৰাত গুৰুত্ব দিব৷ দূৰ ভ্রমণ কৰিবলৈ শুভ দিন৷ ডাঙৰসকলৰ পৰামর্শ মানিলে লাভৱান হ’ব৷ সামাজিক দিশত শুভ দিন হিচাপে পৰিগণিত হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
মকৰ : আজি পৰিয়ালত আনন্দৰ বাতাৱৰণ বিৰাজ কৰিব৷ সৰু কথাক অৱহেলা নকৰিব৷ স্বাস্থ্য ঠিকেই থাকিব৷ বিদ্যার্থীসকলৰ শুভ৷ খৰচৰ প্রতি কিছু ধ্যান ৰাখিব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮৷
কুম্ভ : আজি কন্যা সন্তানৰ বিবাহৰ যোগ মুকলি হ’ব৷ ভ্রমণত কিছু সাৱধানতা অৱলম্বন কৰিব৷ পত্নী আৰু ভগ্নীৰ সহায় লাভ কৰিব৷ বিদ্যার্থীৰ পঢ়া–শুনাৰ প্রতি লক্ষ্য ৰাখিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ১৷
মীন : আজি আইনী সমস্যা সমাধান হোৱাৰ সুযোগ বৃদ্ধি হ’ব৷ প্রেমত নতুনত্ব আহিব৷ পাৰিবাৰিক দিশত শুভ৷ বিদ্যার্থীসকলৰ মধ্যম৷ সন্তানৰ প্রতিভা বিকাশ হ’ব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৭৷