ছুইজাৰলেণ্ডৰ বিৰুদ্ধে কঠিন সংগ্ৰামৰ অন্তত ছেমিত আৰ্জেণ্টিনা
ডিজিটেল ডেস্ক, ১২ জুলাই : বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে লিঅ’নেল মেছিৰ আৰ্জেণ্টিনাই। অৱশ্যে কোৱাৰ্টাৰ ফাইনেলৰ মেচখনত মেছিৰ সৈতে যুক্ত হ’ল আন দুজন খেলুৱৈৰ চমক— এজন জুলিয়ান আলভাৰেছ আৰু আনজন গ’লৰক্ষক এমি মাৰ্টিনেজ। কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডৰ যোদ্ধাসকলে অনবদ্য যুঁজ দিলে যদিও খেলখনত শেষ হাঁহি আৰ্জেণ্টিনাই মাৰিলে। আলভাৰেছৰ মেজিক গ’লৰ সহায়ত অতিৰিক্ত সময়ত ছুইজাৰলেণ্ডক ৩-১ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে মেছিহঁতে।
নকআউটৰ প্ৰথম দুটা ৰাউণ্ডতে উজুটি খাই খাই জিকিবলগীয়া হৈছিল আৰ্জেণ্টিনাই। প্ৰথম ৰাউণ্ডত কেপ ভাৰ্ডেই মেছি বাহিনীক চাপত পেলাইছিল। দ্বিতীয়খন মেচতো মহম্মদ ছালাহৰ ইজিপ্তে আৰ্জেণ্টিনাৰ সমৰ্থকসকলৰ হৃদস্পন্দন বঢ়াই তুলিছিল। কোৱাৰ্টাৰ ফাইনেলতো ইয়াৰ ব্যতিক্ৰম নহ’ল। দীৰ্ঘসময় ১০ জন খেলুৱৈৰে খেলিও ছুইজাৰলেণ্ডে লিঅ’নেল মেছিহঁতক অতিৰিক্ত সময়লৈ টানি লৈ গ’ল।
দেওবাৰৰ এই মেচখনৰ আৰম্ভণি আৰ্জেণ্টিনাই ধুনীয়াকৈয়ে কৰিছিল। প্ৰথমটো গ’ল কৰিছিল আৰ্জেণ্টিনাৰ মেক এলিকাষ্টাৰে। তাতো সহায় কৰিছিল সেই মেছি মেজিকে। কৰ্নাৰৰ পৰা লিঅ’ৰ নিখুঁত ক্ৰছত কেৱল মূৰটো চুই বল নেটত সুমুৱাই দিয়ে মেক এলিকাষ্টাৰে। বিশ্বকাপৰ সামগ্ৰিক ইতিহাসত এয়া মেছিৰ ১০ নম্বৰ এছিষ্ট। কিংবদন্তি ডিয়েগো মাৰাডোনাক এছিষ্টৰ সংখ্যাত তেওঁ চেৰ পেলালে। কিন্তু সেই গ’লটোৰ পিছত আৰ্জেণ্টিনা যেন কিছু ম্লান পৰি গ’ল। অৱশেষত ৬৭ মিনিটত এটা অনবদ্য টিম গ’লেৰে মেচত সমতা ঘূৰাই আনিলে ছুইজাৰলেণ্ডৰ এনডয়ে। সেই সময়ত অনুভৱ হৈছিল যেন ছুইছসকল কিছু সুবিধাজনক স্থিতিত আছে। কিন্তু যিহেতু ভাগ্যই সদায় আৰ্জেণ্টিনাক সহায় কৰি আহিছে, আজিও কৰিলে। ৭২ মিনিটত দ্বিতীয়খন হালধীয়া কাৰ্ডৰ পিছত ৰঙা কাৰ্ড পায় ছুইজাৰলেণ্ডৰ ব্ৰিল এমবলোৱে। ১০জনলৈ সংকুচিত হৈ পৰিল ছুইজাৰলেণ্ডৰ দলটো। শেষৰফালে ১০ জনেৰে যুঁজি তেওঁলোকে মেচখন অতিৰিক্ত সময়লৈ টানি নিয়ে।
অতিৰিক্ত সময়তো ১০জনীয়া ছুইছ ডিফেন্সক বিশেষ চাপত ৰাখিব পৰা নাছিল আৰ্জেণ্টিনাই। এটা সময়ত ধাৰণা হৈছিল যে এই মেচৰ ভাগ্য হয়তো পেনাল্টীতহে নিৰ্ধাৰণ হ’ব। ঠিক তেনেতে আহিল আলভাৰেছৰ সেই মেজিক মোমেণ্ট। বক্সৰ বাহিৰৰ পৰা এক অবিশ্বাস্য গ’ল কৰি মেছিহঁতক জয়ৰ পথলৈ আনিলে এটলেটিকো মাদ্ৰিদৰ ফৰৱাৰ্ডজনে। অৱশ্যে পিছত আৰ্জেণ্টিনাৰ বাবে আৰু এটা গ’ল আহে, এইবাৰ লাউতাৰো মাৰ্টিনেজৰ ভৰিৰ পৰা। কিন্তু তেতিয়ালৈকে মেচৰ ভাগ্য নিৰ্ধাৰণ হৈ গৈছিল। শেষত ৩-১ গ’লত জিকি শেষ চাৰিত (ছেমি ফাইনেল) প্ৰৱেশ কৰে মেছি বাহিনী।