নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাকৃতিক পৰিৱেশৰ সামঞ্জস্যৰে বিশ্বমানৰ সুবিধাসম্পন্ন হ’ব ৰাজ্যিক চিৰিয়াখানা

ডিজিটেল ডেস্ক, ১২ জুলাই : ৩৬০ কোটি টকা ব্যয়সাপেক্ষে দেশৰ ভিতৰতে আধুনিকীকৰণ কৰি তোলা হ’ব ৰাজ্যিক চিৰিয়াখানাক৷ একাধিক জীৱ–জন্তুৰ মৃত্যুৰ ফলত প্রায় জৰাজীর্ণ ৰূপ লোৱা ৰাজ্যিক চিৰিয়াখানাক আধুনিকীকৰণৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সন্দর্ভত এই ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

উল্লেখ্য যে মুখ্যমন্ত্রীয়ে শনিবাৰে ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ আধুনিকীকৰণৰ কাম পৰিদর্শন কৰে৷ এই উদ্দেশ্যে চিৰিয়াখানাত উপস্থিত হোৱা মুখ্যমন্ত্রীয়ে চিৰিয়াখানাখনৰ নির্মীয়মাণ পশু চিকিৎসালয়, বন্যপ্রাণী পুনৰুদ্ধাৰ কেন্দ্র, সংগ্রহালয় আদি পৰিদর্শন কৰি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা প্রমুখ্যে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন বিভাগ, লোকনির্মাণ বিভাগৰ উচ্চস্তৰীয় বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশগ্রহণ কৰে৷

চিৰিয়াখানাখনৰ নির্মীয়মাণ পশু চিকিৎসালয়খন দেশৰ আগশাৰীৰ পশু চিকিৎসকৰ পৰামর্শ গ্রহণ কৰি নির্মাণ কৰিবলৈ, দর্শনার্থীৰ সুবিধা হোৱাকৈ চিৰিয়াখানাৰ ভিতৰত ৰে’লৰ ব্যৱস্থা কৰাৰ সম্ভাৱনীয়তা বিচাৰ কৰিবলৈ মুখ্যমন্ত্রীয়ে পৰামর্শ দিয়ে৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয়– চিৰিয়াখানাখনৰ আধুনিকীকৰণৰ কাম চলি আছে৷ এই কামসমূহৰ ভিতৰত চিৰিয়াখানা চাবলৈ অহা দর্শনার্থী আৰু চিৰিয়াখানাৰ জীৱ–জন্তু সকলোকে সুবিধা দিব পৰাকৈ অত্যাধুনিক কৰা হৈছে সকলো দিশ৷ ইয়াৰ ভিতৰত আছে অত্যাধুনিক পশু চিকিৎসালয়, জীৱ–জন্তু উদ্ধাৰ কেন্দ্র আৰু পৃথিৱীৰ ভিতৰতে পক্ষী থকা এক বৃহৎ গঁৰাল৷ এই কামসমূহ ক্ষিপ্রতাৰে চলি আছে৷ ইতিমধ্যে প্রকল্পটোৰ ২৭ শতাংশ কাম সম্পূর্ণ হৈছে৷ দেশৰ আগশাৰীৰ চিৰিয়াখানালৈ গৈ তাৰ ভাল ভাল উপাদানবোৰ গ্রহণ কৰি চিৰিয়াখানাখন সর্বাংগসুন্দৰ আৰু বন্যজীৱৰ বাবে অনুকূল হোৱাকৈ নির্মাণ কৰা হ’ব৷ ইতিমধ্যে বন বিভাগ তথা চিৰিয়াখানাৰ বিষয়াসকলক নির্দেশ দিয়া হৈছে যে দেশৰ ভাল ভাল চিৰিয়াখানাসমূহ পৰিদর্শন কৰি তাত থকা সুবিধাসমূহ ইয়াত সংযোজন কৰিব লাগে৷ বেংগালুৰু, মহীশূৰ, গুজৰাটৰ চর্দাৰ পেটেল পার্ক, ছিংগাপুৰৰ চিৰিয়াখানা এই সকলোবোৰ পৰিদর্শন কৰি ৰাজ্যিক চিৰিয়াখানাখন দেশৰ ভিতৰতে যাতে সুন্দৰ হয়, তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব৷

আনহাতে চিৰিয়াখানাখনত দর্শনার্থীৰ সুবিধা হোৱাকৈ ৰে’লৰ ব্যৱস্থা কৰাৰ সম্ভাৱনীয়তাক বিচাৰ কৰিবলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ চিৰিয়াখানাৰ নির্মাণকার্য পৰিদর্শনৰ পূর্বে মুখ্যমন্ত্রীয়ে চিৰিয়াখানাত থকা তিনিটা ৰেড পাণ্ডাৰ স্বাস্থ্যৰ বুজ লয়৷

উল্লেখ্য যে বন্যজন্তুৰ চোৰাং সৰবৰাহকাৰীৰ পৰা যোৱা ফেব্রুৱাৰী মাহতে ৰেড পাণ্ডাকেইটা উদ্ধাৰ কৰি চিৰিয়াখানালৈ অনা হৈছিল৷ চিৰিয়াখানা পৰিদর্শনকালত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা প্রমুখ্যে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন বিভাগ, লোকনির্মাণ বিভাগৰ উচ্চস্তৰীয় বিষয়াসকল উপস্থিত থাকে৷

You might also like