নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰামত্ত স্বামীৰ লাঠীৰ কোবত প্ৰাণ গ’ল পত্নীৰ

ডিজিটেল ডেস্ক, ১৩ জুলাই : লাহোৱালৰ মটক চাহ বাগিচাত দেওবাৰে নিশা এক জঘন্য আৰু হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। অভিযোগ অনুসৰি বাগিচাখনৰ ন গঢ়া বাগান লাইনত দেবাৰু ওৰাং নামৰ এজন সুৰামত্ত ব্যক্তিয়ে নিজ পত্নী পাৰুল ওৰাঙক লাঠীৰে নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, অভিযুক্ত দেবাৰু ওৰাঙে অত্যধিক সুৰাপান কৰাৰ লগতে অবৈধ সম্পৰ্কৰ সন্দেহত পত্নীৰ সৈতে বিবাদত লিপ্ত হৈছিল। পৰৱৰ্তী সময়ত এই বিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু স্বামীৰ লাঠীৰ কোবত পাৰুল ওৰাঙে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়।

ঘটনা সন্দৰ্ভত লাহোৱাল থানাত খবৰ দিয়াৰ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্ত স্বামী দেবাৰু ওৰাঙক গ্ৰেপ্তাৰ কৰে। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হোৱাৰ লগতে স্থানীয় সচেতন ৰাইজে ইয়াক মানৱ জাতিৰ বাবে এক লজ্জাজনক ঘটনা বুলি আখ্যা দিছে।

You might also like