নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিচয় বিচাৰি

🔹 ড০ পার্থসাৰথি মহন্ত

ডাঙৰ হ’লে কি হ’বা?
প্রায় প্রতিটো শিশুকে সোধা হয়৷
তোমাৰ জীৱনৰ লক্ষ্য কি?
পৰীক্ষাত ৰচনা লিখিব লগা হয়৷
এটা সুন্দৰ প্রশ্ণ৷ বহু মৰম আৰু আশাৰে সোধা হয়৷ উত্তৰটোত লুকাই থাকে শিশুটোৰ সপোন৷ ডাক্তৰ, অভিযন্তা, শিক্ষক, আৰক্ষী বিষয়া, পাইলট, ইত্যাদি ইত্যাদি৷
কিন্তু ইয়াৰ ভিতৰত লুকাই থাকে আন এটা প্রশ্ণ৷ আপুনি কিমান গুৰুত্বপূর্ণ হ’ব বিচাৰে?
এইটো বৃত্তি বা পেছাৰ বিষয়ে৷
তুমি কোন হ’ব খোজা অৱশ্যে সোধা নহয়– এইটো প্রশ্ণ চৰিত্রৰ বিষয়ে৷
এটা প্রশ্ণ হ’ল– আনে তোমাক কেনেকৈ চিনি পোৱাটো বিচাৰা? আনটো– তুমি নিজকে কেনেকৈ চিনি পাব খোজা? দ্বিতীয় প্রশ্ণটো আমি নোসোধো৷
তাৰ পৰাই আৰম্ভ হয় আমাৰ যাত্রা– পৰিচয় বিচাৰি৷
শিশু অৱস্থাত আমি পৰিচয়ৰ কথা বিশেষ চিন্তা নকৰোঁ৷ আমাৰ জীৱনত কোনো কৃত্রিমতা নাথাকে৷ আমাৰ কাম–কাজ সকলো স্বাভাৱিক৷
লাহেকৈ জীৱনত প্রৱেশ হয় প্রতিযোগিতাৰ৷ স্কুলৰ পৰীক্ষাবোৰ তুলনা হৈ পৰে৷ নম্বৰ ৰেংকিং হৈ পৰে৷ সফলতা জুখিব পৰা হৈ পৰে৷ আমি বুজিবলৈ আৰম্ভ কৰোঁ যে কর্মক্ষমতাৰ ওপৰত প্রশংসা নির্ভৰ কৰে৷ ভাল মার্কশ্বীটে প্রশংসা লাভ কৰে৷ জয়ী হ’লে হাতচাপৰি পোৱা যায়৷ সমাজে উৎকৃষ্টতাক উৎসাহিত কৰে৷ অভিভাৱকে সন্তান সফল হোৱাটো বিচাৰে৷
ক্রমাৎ কৃতিত্ব হৈ পৰে মূল্যায়নৰ মাধ্যম৷ শ্রেণীকোঠাটো কর্মক্ষেত্রত পৰিণত হয়৷ পৰীক্ষা হলটো হৈ পৰে জীৱনৰ বজাৰ, য’ত আমাৰ দাম নির্ধাৰণ হয়৷ জীৱন আগবঢ়াৰ লগে লগে বিষয়হে সলনি হয়, চাপ একেই থাকি যায়৷ নম্বৰৰ ঠাইত পদোন্নতি, গ্রেডৰ ঠাইত দৰমহা, স্কুলৰ ট্রফীটোৰ ঠাইত স্বীকৃতিৰ বাবে আমি প্রতিযোগিতা কৰিবলৈ লওঁ৷ দৌৰ একেই থাকে, কেতিয়াও শেষ নহয়৷
জীৱনৰ বাটত কিন্তু আমি কেতিয়াও নিজকে নোসোধো– যাত্রাটো উপভোগ কৰিছোঁনে? আমি মাত্র সোধো– আমি আগুৱাই গৈ আছোঁনে? আমি নিজকে আনৰ লগত তুলনা কৰিবলৈ আৰম্ভ কৰোঁ৷ মনে বিচৰা চাকৰি পোৱা মানুহজনেও এবাৰ হ’লেও চিন্তা কৰে– এই বৃত্তিটোৱে তেওঁক সমাজত কিমান প্রতিপত্তি দিছে? কোনোবাই হয়তো চাকৰি এটা কৰি আছে কাৰণ এৰি দিলে বিফলতা যেন লাগিব৷ অর্থাৎ লাহে লাহে আমাৰ সিদ্ধান্তবোৰ নিজৰ বিষয়ে নহৈ আনৰ চকুত কেনেকুৱা দেখিব সেইটোৱেহে বেছিকৈ প্রভাৱিত কৰিবলৈ লয়৷
আনৰ চকুত ভাল দেখা পৰিচয় এটা বিচাৰিবলৈ আমাক কোনেও নকয়৷ আমাক কোনেও নিজকে কাৰো লগত তুলনা কৰিবলৈ নকয়৷ আমি নিজেহে কৰোঁ৷ শিকো আমাৰ চৌপাশে ঘটি থকা ঘটনাবোৰ দেখি৷ কোনোবাই ভাল চাকৰি পালে সকলোৱে অভিনন্দন জনায়৷ কিন্তু কোনোবাই বছৰ বছৰ ধৰি বৃদ্ধ পিতৃ–মাতৃৰ যত্ন–শুশ্রূষা লৈ আছে– কোনো ৰাজহুৱা প্রশংসা নাই৷ কোনোবাই পুৰস্কাৰ পালে, বঁটা লাভ কৰিলে খবৰ কাকতত ফটো প্রকাশ হয়, কোনোবাই সকলো ওচৰ–চুবুৰীয়াকে সহায় কৰে, অথচ ক’তো এটা উল্লেখ নাই৷ কিছুমান বিশেষ সফলতাৰহে ৰাজহুৱা উদযাপন আমি দেখা পাওঁ৷ আৰু ৰাইজে কেতিয়া হাতচাপৰি বজায় আমি শিকি পেলাওঁ৷ আমি হাতচাপৰি বিচাৰিবলৈ আৰম্ভ কৰোঁ৷ সফলতাৰ কোনো দোষ নাই৷ কৃতিত্বৰ উদযাপন হ’ব লাগে৷
সমস্যাটো আৰম্ভ হয়– কৃতিত্ব যেতিয়া পৰিচয় হৈ পৰে৷ কোনোবাই আমাক কোন বুলি সুধিলে আমি নিজৰ পেছাৰে উত্তৰ দিওঁ৷ মই এজন ডাক্তৰ, উকীল, আৰক্ষী বিষয়া, ব্যৱসায়ী ইত্যাদি ইত্যাদি৷ আমি নিজৰ বর্ণনা নিদিওঁ৷ আমি কি কৰোঁ সেয়া বর্ণনা কৰোঁ৷ অর্থাৎ বৃত্তিটো হৈ পৰে আমাৰ পৰিচয়৷
আপাতদৃষ্টিত ইয়াত অস্বাভাৱিকতা একো নাই৷ কিন্তু কাইলৈ যেতিয়া সেই বৃত্তিটো নাথাকিব তেতিয়া কি হ’ব? অৱসৰে দশক দশক ধৰি কঢ়িয়াই লৈ ফুৰা এটা পৰিচয় নোহোৱা কৰি দিয়ে৷ ব্যক্তিজনৰ বিশেষ একো সলনি নহয়৷ তথাপি সকলো বেলেগ অনুভৱ হয়৷ কাৰণ– বছৰ বছৰ ধৰি সেই পদটোৱেই হৈ পৰিছিল তেওঁৰ পৰিচয়৷ আঁৰৰ মানুহজনক পাহৰি গৈছিল৷ অৱসৰ লোৱাটো সেয়েহে কাৰোবাৰ বাবে কঠিন, কাৰোবাৰ বাবে শান্তি৷ কেৱল কেৰিয়াৰৰ লগতে ব্যস্ত হৈ থকা মানুহখিনিয়ে অনুভৱ কৰে এক শূন্যতা, কিন্তু যিসকলে নিজকে গঢ়ি তুলিছিল তেওঁলোকে আৱিষ্কাৰ কৰে স্বাধীনতা৷
জীৱনত আমি মনত ৰখা মানুহবোৰ আন দহজনৰ দৃষ্টিত সফল নহ’বও পাৰে৷ আমাৰ মনত কি থাকি যায়? আমাৰ সঁচাকৈয়ে যত্ন লোৱা শিক্ষকজন, সদায় সহায় কৰা প্রতিৱেশীজন, আমাক মৰমত ডুবাই ৰখা ককা–আইতা৷ তেওঁলোকৰ মহত্ত্ব, তেওঁলোকৰ পৰিচয় বা কৃতিত্বৰে জোখা নহয়৷ মানুহৰ স্মৃতিশক্তিৰ এটা বৈশিষ্ট্য হ’ল– দয়া–মৰম–উদাৰতা বেছিকৈ মনত থকা– দৰমহা বা খিতাপ নহয়৷ কিন্তু বর্তমানত আমি এনেকৈ জীয়াই থাকোঁ যেন ধন–টকা–পইচা–খিতাপহে স্থায়ী, চৰিত্র নহয়৷ আধুনিক জীৱনত এই বিভ্রান্তি আৰু বেছি বাঢ়ি গৈছে৷ সামাজিক মাধ্যমত আমি নিতৌ অসাধাৰণ কাহিনী দেখি থাকোঁ৷ ফলত, আমি সফলতাৰ তুলনা কৰোঁ, মনৰ শান্তিৰ নহয়৷ প্রভাৱ–প্রতিপত্তিৰ তুলনা কৰোঁ, দয়া–সততাৰ তুলনা নকৰোঁ৷ আমি উপার্জনৰ তুলনা কৰোঁ আৰু সফলতাৰ সংজ্ঞাক সংকীর্ণ কৰি পেলাওঁ৷ অর্থাৎ কোনোবা হোৱাৰ অর্থ আমাৰ বাবে হৈ পৰে দৃশ্যমান হোৱা৷
তদুপৰি, সফলতাৰ আৰু এটা দিশ আছে যিটো খুব কমেইহে আলোচনা হয়৷ স্বীকৃতি অনাৰ লগতে সফলতাই আশাৰো সৃষ্টি কৰে৷ সফল ব্যক্তি কেতিয়াও বিফল হ’ব নোৱাৰিব৷ শক্তিশালী ব্যক্তিয়ে কান্দিব নোৱাৰিব৷ আনৰ আশা–প্রত্যাশা পূৰণ কৰাই হৈ পৰে সফলতা৷ আন কাৰোবাৰ সংজ্ঞাই নিৰূপণ কৰে আমাৰ সফলতা৷
এই অদৃশ্য চাপ পাৰ হৈ যায় এটা প্রজন্মৰ পৰা আন এটা প্রজন্মলৈ৷ পিতৃ–মাতৃৰ পৰা সন্তানলৈ– নিজৰ আধৰুৱা উচ্চাকাংক্ষা পূৰণ কৰিবলৈ৷ চিত্রকলা ভাল পোৱা শিশুক অভিযন্তা হ’বলৈ কোৱা হয়৷ বুজাই দিয়া হয়– প্রথমতে কোনোবা হোৱা, তাৰ পিছত নিজে হোৱা৷ দুর্ভাগ্যজনকভাৱে, বহুতৰে ক্ষেত্রত সেই ‘পিছত’টো কেতিয়াও নাহে৷
পৰিচয় বিচাৰি ফুৰাৰ সময়ত আমি এইটোৱেই পাহৰি যাওঁ৷ আমি কেৰিয়াৰ গঢ়াত ব্যস্ত হৈ পৰোঁ৷ নিজক নহয়৷ আমি সন্মান অর্জন কৰিব খোজোঁ, সন্মানৰ যোগ্য হ’ব নোখোজোঁ৷ বহু ডাঙৰ পৰিচয় থকা লোকেও সেইবাবে অসম্পূর্ণ অনুভৱ কৰে৷
অর্থাৎ জীৱনৰ আচল প্রশ্ণ এইটো নহয়– আপোনাৰ পৰিচয় কি? প্রশ্ণটো হ’ল– সেই পৰিচয় বিচাৰি আপুনি আপোনাৰ নিজৰ পৰিচয় হেৰুৱাই পেলালে নেকি?

You might also like