নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগষ্টৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ সকলো জনকল্যাণমূলক আঁচনি

অসম চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ আগষ্ট মাহৰ পৰা পুনৰ পূৰ্ণগতিত আৰম্ভ হ’ব বুলি সদনত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে কয় যে ‘অৰুণোদয়’ৰ পৰা ‘নিযুত মইনা’লৈকে ৰাজ্য চৰকাৰৰ সকলো জনকল্যাণমূলক আঁচনি আগষ্ট মাহৰ পৰা ৰূপায়ণ কৰা হ’ব।

এই মন্তব্যৰে মুখ্যমন্ত্ৰীয়ে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত অটল থকাৰ সংকল্প পুনৰ ব্যক্ত কৰে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছত ৰাজ্যৰ জনকল্যাণমূলক আঁচনিসমূহ পুনৰ গতিশীল হোৱাৰ আশা প্ৰকাশ কৰা হৈছে।

ডিজিটেল ডেস্ক, ১৫ জুলাই

You might also like