আজি ফিফা বিশ্বকাপৰ দ্বিতীয় ছেমিত সমুখসমৰত আৰ্জেণ্টিনা–ইংলেণ্ড
ফিফা বিশ্বকাপ ২০২৬ৰ দ্বিতীয় ছেমিফাইনেলত আজি মুখামুখি হ’ব দুটা ফুটবল মহাশক্তি আৰ্জেণ্টিনা আৰু ইংলেণ্ড। ডিয়েগো মাৰাডোনাৰ বিতৰ্কিত ‘হেণ্ড অৱ গড’ গ’লৰ পৰা আৰম্ভ কৰি ১৯৯৮ চনত ডেভিদ বেকহেমৰ ৰেড কাৰ্ডলৈকে— দুয়ো দেশৰ ফুটবল প্ৰতিদ্বন্দ্বিতা সদায়েই উত্তেজনা আৰু নাটকীয়তাৰে ভৰা। ফকলেণ্ড দ্বীপপুঞ্জক কেন্দ্ৰ কৰি ৰাজনৈতিক মতানৈক্য থকাৰ লগতে এইবাৰ বিশ্বকাপতো ইতিহাস ৰচিবলৈ নামিব দুয়ো দল।
ইংলেণ্ডে গ্ৰুপ এলৰ শীৰ্ষত থাকি ক্ৰোৱেছিয়া আৰু পানামাক পৰাস্ত কৰাৰ লগতে ঘানাৰ বিৰুদ্ধে ড্ৰ কৰে। নকআউট পৰ্যায়ত ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোক পৰাস্ত কৰাৰ পিছত মেক্সিকোক ৩-২ গ’লত হৰুৱাই ছেমিফাইনেল নিশ্চিত কৰে।
আনহাতে আৰ্জেণ্টিনাই গ্ৰুপ জে’ত আলজেৰিয়া, অষ্ট্ৰিয়া আৰু জৰ্ডানক পৰাস্ত কৰি শীৰ্ষস্থান দখল কৰে। ৰাউণ্ড অৱ ৩২ত অতিৰিক্ত সময়ত কেপ ভাৰ্দেক ৩-২ গ’লত হৰুৱায়। তাৰ পিছত দুটা গ’লত পিছপৰি থাকিও ইজিপ্তক ৩-২ গ’লত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত পুনৰ ১২০ মিনিটৰ যুঁজৰ অন্তত ছুইজাৰলেণ্ডক ৩-১ গ’লত পৰাস্ত কৰি ছেমিত প্ৰৱেশ কৰে।
বিশ্বকাপ, ক’পা আমেৰিকা, চেম্পিয়নছ লীগ, বেলন ডি’অৰ— প্ৰায় সকলো সন্মানেই লাভ কৰিছে লিঅ’নেল মেছিয়ে। কিন্তু ২১ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ কেতিয়াও ইংলেণ্ডৰ বিৰুদ্ধে খেলাৰ সুযোগ পোৱা নাছিল। ৩৯ বছৰীয়া মেছিয়ে কয়, “ইংলেণ্ডৰ বিৰুদ্ধে এয়াই মোৰ প্ৰথম মেচ। তেওঁলোক বিশ্ব ফুটবলৰ এক শক্তিশালী দল। বিশেষকৈ বিশ্বকাপৰ ছেমিফাইনেলত তেওঁলোকৰ বিৰুদ্ধে খেলাটো মোৰ বাবে বিশেষ।”
চলিত বিশ্বকাপত ৬খন মেচত ৮টা গ’ল কৰা মেছিয়ে গোল্ডেন বুট জয়ৰ দৌৰত আগবাঢ়িছে। লগতে তেওঁ আৰ্জেণ্টিনাক একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয় কৰোৱাৰ লক্ষ্য লৈছে।
আৰ্জেণ্টিনা জয়ী হ’লে শেষ চাৰিখন বিশ্বকাপৰ ভিতৰত তৃতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিব। মেছিয়েও ব্ৰাজিলৰ কিংবদন্তি কাফুৰ দৰে একেৰাহে তিনিখন বিশ্বকাপৰ ফাইনেল খেলাৰ কৃতিত্ব অৰ্জন কৰিব।
১৯৬৬ চনৰ পিছত ইংলেণ্ডে কোনো ডাঙৰ আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰা নাই। হেৰী কেন আৰু জুড বেলিংহামৰ নেতৃত্বত এই প্ৰজন্মৰ দলটোৱে সেই ইতিহাস সলনি কৰাৰ সপোন দেখিছে।
অপ্টাৰ ছুপাৰকম্পিউটাৰৰ হিচাপ অনুসৰি— ইংলেণ্ডৰ নিয়মীয়া সময়ত জয়ৰ সম্ভাৱনা ৩৯.১%, আৰ্জেণ্টিনাৰ জয়ৰ সম্ভাৱনা ৩১.৬% আৰু মেচ অতিৰিক্ত সময়লৈ যোৱাৰ সম্ভাৱনা ২৯.৩%
আৰ্জেণ্টিনা আৰু ইংলেণ্ড এতিয়ালৈকে ১৪বাৰ মুখামুখি হৈছে। ইয়াত ইংলেণ্ডৰ জয় ৬, আৰ্জেণ্টিনাৰ জয়, ৩ আৰু ড্ৰ ৫।
এই ছেমিফাইনেলৰ বিজয়ী দলে স্পেইনৰ বিৰুদ্ধে ২০ জুলাইত নিউয়ৰ্ক–নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হ’ব।
ডিজিটেল ডেস্ক, ১৫ জুলাই