নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোক অনশন ভংগ কৰিবলৈ নক’ব… স্থিতিত অটল ছোনম ৱাংচুক

সামাজিক কৰ্মী ছোনম ৱাংচুকে বিগত ১৮ দিন ধৰি আমৰণ অনশন কৰি আছে। তেওঁ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাই এই অনশন অব্যাহত ৰাখিছে। অনশনৰ মাজতে ছোনম ৱাংচুকৰ স্বাস্থ্যৰ অৱস্থা অত্যন্ত সংকটজনক হৈ পৰিছে।

চিকিৎসকৰ মতে, অতি সোনকালে তেওঁক খাদ্য গ্ৰহণ কৰোৱা নহ’লে পৰিস্থিতি ভয়ংকৰ ৰূপ ল’ব পাৰে। ছোনম ৱাংচুকৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত এতিয়া দিল্লী হাইক’ৰ্টত এখন আবেদন দাখিল কৰা হৈছে। আদালতে এই আবেদন শুনিবলৈ সন্মতি জনাইছে।

দিল্লী হাইক’ৰ্টে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে। গোচৰটোৰ গুৰুত্ব আৰু জৰুৰীতা বিবেচনা কৰি আদালতে বৃহস্পতিবাৰে (১৬ জুলাই) শুনানি গ্ৰহণ কৰিব। আজি আদালতত চৰকাৰৰ ফালৰ পৰা কোনো অধিবক্তা উপস্থিত নাছিল।

হাইক’ৰ্টত দাখিল কৰা আবেদনত দাবী কৰা হৈছে যে কেন্দ্ৰ আৰু দিল্লী চৰকাৰক ছোনম ৱাংচুকক তৎক্ষণাৎ চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়া হওক। প্ৰয়োজন হ’লে তেওঁক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ দাবী জনোৱা হৈছে।

আবেদনখনত লগতে কোৱা হৈছে যে জীৱন ৰক্ষাৰ বাবে প্ৰয়োজন হ’লে তেওঁক জোৰ কৰি খাদ্য প্ৰদান কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰা হওক।

উল্লেখ্য যে সোনম ৱাংচুকৰ সমৰ্থনত দেশৰ বিভিন্ন প্ৰান্তৰ নেতা আৰু চলচ্চিত্ৰ জগতৰ বহু ব্যক্তিয়ে সমৰ্থন আগবঢ়াইছে। শেহতীয়াকৈ নাছিৰুদ্দিন শ্বাহ, ৰত্না পাঠক শ্বাহসহ এক হাজাৰৰো অধিক লোকে ছোনম ৱাংচুকলৈ পত্ৰ লিখি তেওঁৰ আন্দোলনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে আৰু অনশন সমাপ্ত কৰিবলৈ আহ্বান জনায়।

আনহাতে, অভিনেত্ৰী জীনত আমানে কেন্দ্ৰীয় চৰকাৰক ছোনম ৱাংচুকৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আহ্বান জনাইছে।

সোনম ৱাংচুকে ২৮ জুনৰ পৰা দিল্লীৰ যন্তৰ-মন্তৰত অনিৰ্দিষ্টকালীন অনশন চলাই আছে। তেওঁ NEET UG-2026ৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগক লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাইছে।

অনশন আৰম্ভ কৰাৰ পিছৰে পৰা ছোনম ৱাংচুকৰ ওজন প্ৰায় ৮.৫ কিলোগ্ৰাম হ্ৰাস পাইছে। জানিব পৰা মতে, তেওঁৰ পেশী দুৰ্বল হ’বলৈ আৰম্ভ কৰিছে আৰু তেওঁ যথেষ্ট কষ্টৰ সন্মুখীন হৈছে। ইফালে ছোনম ৱাংচুকে কয়— “মোক অনশন শেষ কৰিবলৈ নক’ব। চৰকাৰক সোধক, তেওঁলোকে কিয় আলোচনা কৰা নাই?”

ডিজিটেল ডেস্ক, ১৫ জুলাই

You might also like