নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ অশান্ত মণিপুৰ, আছাম ৰাইফলছৰ শিবিৰত আক্ৰমণ

মণিপুৰৰ সেনাপতি জিলাত মঙলবাৰে নিশা উত্তেজিত জনতাই আছাম ৰাইফলছৰ এটা শিবিৰত আক্ৰমণ চলাই ৩খন বাহনত অগ্নিসংযোগ কৰে। অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলোৱাৰ কেইঘণ্টামান পিছতে এই ঘটনা সংঘটিত হয়।

উত্তেজিত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে খালী গুলী আৰু কন্দুৱা গেছৰ গ্ৰেনেড ব্যৱহাৰ কৰিবলগীয়া হয়। সংঘৰ্ষৰ ঘটনা জিলাখনৰ নিৰাপত্তা বাহিনীৰ কোম্পানী অপাৰেটিং বেছৰ সমীপত সংঘটিত হয়।

বিষয়াসকলৰ মতে, মাকুইলংদি অঞ্চলত সশস্ত্ৰ কেডাৰৰ উপস্থিতিৰ খবৰ লাভ কৰাৰ পিছত আছাম ৰাইফলছে তালাচী অভিযান আৰম্ভ কৰিছিল। এই স্থানটো ওকলঙত থকা NSCN-IM শিবিৰৰ পৰা প্ৰায় ২ কিলোমিটাৰ পশ্চিমে অৱস্থিত।

প্ৰতিৰক্ষা বিভাগৰ জনসংযোগ বিষয়াই (Defence PRO) জনোৱা মতে, ছ’চিয়েল মিডিয়াৰ পোষ্ট আৰু চোৰাংচোৱা তথ্যত প্ৰকাশ পাইছিল যে সশস্ত্ৰ কেডাৰসকলে নিজৰ নিৰ্ধাৰিত শিবিৰৰ বাহিৰত অস্ত্ৰ লৈ চলাচল কৰি আছিল। এই কাৰ্য যুদ্ধবিৰতিৰ নিয়ম ভংগ কৰাৰ সমান।

নিৰাপত্তা বাহিনীয়ে এই নিয়ম ভংগৰ বিষয়ে যুদ্ধবিৰতি নিৰীক্ষণ গোটক (Ceasefire Monitoring Group) অৱগত কৰে। অভিযান চলোৱাৰ সময়ত স্থানীয় লোক আৰু মহিলাসকলে আছাম ৰাইফলছৰ দলটোক গাঁৱত প্ৰৱেশ কৰাত বাধা দিয়ে।

ইয়াৰ পিছত বিষয়াসকলে স্থানীয় নেতাসকলক আশ্বস্ত কৰে যে তেওঁলোকৰ উদ্দেশ্য অঞ্চলটোত শান্তি বজাই ৰখা। লগতে অনুমোদিত কৰ্তৃপক্ষৰ অনুমতি অবিহনে কোনো গাঁৱত প্ৰৱেশ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

কিন্তু নিশা প্ৰায় ৯.০২ বজাত ছ’চিয়েল মিডিয়াত বিয়পি পৰা কেইটামান বাৰ্তাৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰে। সেই বাৰ্তাসমূহত নিৰাপত্তা বাহিনী আৰু NSCN-IMৰ হুথ্ৰং ব্ৰিগেড হেডকোৱাৰ্টাৰৰ মাজত সংঘৰ্ষ হোৱা বুলি দাবী কৰা হৈছিল।

অনলাইন পোষ্টসমূহত স্থানীয় লোকসকলক “প্ৰয়োজনীয় ব্যৱস্থা” গ্ৰহণৰ বাবে চহৰৰ ট্ৰেফিক পইণ্টত সমবেত হ’বলৈ আহ্বান জনোৱা হৈছিল। ইয়াৰ পিছতে বৃহৎসংখ্যক প্ৰতিবাদকাৰী একত্ৰিত হৈ আছাম ৰাইফলছৰ শিবিৰৰ দিশে আগবাঢ়ে।

প্ৰতিবাদকাৰীসকলে নিৰাপত্তা বাহিনীক অঞ্চলটো তৎক্ষণাৎ ত্যাগ কৰিবলৈ দাবী জনায়। যদিও বাহিনীয়ে ইতিমধ্যে আঁতৰি যাবলৈ আৰম্ভ কৰিছিল, তথাপি নিশা প্ৰায় ৯.৩০ বজাত উত্তেজিত জনতাই শিবিৰত উপস্থিত হৈ শিলাবৰ্ষণ আৰম্ভ কৰে।

জনতাই শিবিৰটোত তাণ্ডব চলোৱাৰ লগতে প্ৰৱেশদ্বাৰৰ বাহিৰত থকা এটা অপেক্ষা কক্ষ আৰু এখন বাহনত অগ্নিসংযোগ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তা বাহিনী আৰু মণিপুৰ আৰক্ষীয়ে “ন্যূনতম শক্তি” ব্যৱহাৰ কৰি জনতাক ছত্ৰভংগ কৰে।

পৰৱৰ্তী সময়ত সেনাপতি আৰক্ষী আৰু CRPFৰ অতিৰিক্ত জোৱান ঘটনাস্থলীত উপস্থিত হৈ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত সহায় কৰে। যৌথ বাহিনীয়ে নিশা ১২ বজালৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু জনতাক আঁতৰাই পঠিয়ায়।

বিষয়াসকলে নিশ্চিত কৰিছে যে এই হিংসাত কোনো সাধাৰণ নাগৰিক বা নিৰাপত্তা বাহিনীৰ লোক আহত হোৱা নাই। বৰ্তমান অঞ্চলটোত শান্তি-শৃংখলা বজাই ৰাখিবলৈ নিৰীক্ষণ অব্যাহত ৰখা হৈছে।

ডিজিটেল ডেস্ক, ১৫ জুলাই

You might also like