নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দ্বিতীয় এদিনীয়াত কার্ডিফত শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ

ডিজিটেল ডেস্ক, ১৬ জুলাই : কার্ডিফত এদিনীয়া শৃংখলা দখলৰ লক্ষ্য লৈছে শুভমন গিল নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে খেলি থকা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি কার্ডিফত অনুষ্ঠিত হ’ব৷

আজিৰ মেচখনত বিজয় সাব্যস্ত কৰি ২–০ৰ অগ্রগতিৰে শৃংখলাটো দখলৰ লক্ষ্য ল’লেও অধিনায়ক গিলৰ আঘাতক লৈ চিন্তিত হৈ পৰিছে ভাৰতীয় দলটো৷ বার্মিংহামত মঙলবাৰে হৈ যোৱা প্রথমখন এদিনীয়াত ব্যক্তিগত ৮০ ৰান কৰাৰ সময়ত গিলে কিলাকুটিত আঘাত পাই ৰিটায়ার্ড হাৰ্ট হয়৷ অৱশ্যে অধিনায়কগৰাকীৰ আঘাত কিমান গুৰুতৰ সেয়া এতিয়ালৈকে জানিব পৰা নাই৷

অৱশ্যে প্রথমখন এদিনীয়াত ৬ উইকেটত সহজ বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা ভাৰতীয় দলটোৱে আজিৰ মেচখনক লৈও আত্মবিশ্বাসী৷ অৱশ্যে দুই জ্যেষ্ঠ তাৰকা বেটাৰ বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ প্রদর্শনে কিছু পৰিমাণে চিন্তিত কৰি ৰাখিছে দলটোক৷ কাৰণ, দুয়োজন তাৰকা বেটাৰে প্রথমখন মেচত বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব পৰা নাই৷

আজিৰ মেচখনতো মূল একাদশত কোনো সালসলনি হোৱাৰ সম্ভাৱনা নাই৷ অৱশ্যে যদি অধিনায়ক গিলে আঘাতৰ বাবে খেলিব নোৱাৰে, তেতিয়াহ’লে মূল একাদশলৈ প্রত্যাৱর্তন ঘটাৰ সম্ভাৱনা আছে ঈশান কিশনৰ৷ আনহাতে, তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহৰ প্রত্যাৱর্তনে ভাৰতীয় দলটোৰ বলিং বিভাগ অধিক শক্তিশালী কৰি তুলিছে৷ ইপিনে, ঘৰুৱা দল ইংলেণ্ডে আজিৰ মেচখনত বিজয় সাব্যস্ত কৰি শৃংখলাটোত প্রত্যাৱর্তন কৰাৰ লক্ষ্যৰে নামিব৷

খেলৰ সময় : সন্ধিয়া ৫.৩০ বজা৷

You might also like