নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিটমেনৰ অৱসৰক লৈ উৰাবাতৰি খাৰিজ BCCI-ৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) ৰোহিত শৰ্মাৰ অৱসৰক লৈ চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাইছে। BCCI-ৰ সচিব দেৱজিত শইকীয়াই স্পষ্টকৈ জনাইছে যে ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া এদিনীয়াৰ পিছতো ৰোহিত শৰ্মাই ভাৰতীয় দলৰ হৈ খেলি থাকিব। দৰাচলতে, কেইবাটাও সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় এদিনীয়াৰ পিছতে ৰোহিতে ODI ফৰ্মেটৰ পৰা অৱসৰ ল’ব। কিন্তু BCCI-এ এই খবৰ সম্পূৰ্ণ ভিত্তিহীন বুলি স্পষ্ট কৰিছে।

এটা সংবাদ সংস্থাৰ সৈতে হোৱা কথোপকথনত BCCI-ৰ সচিব দেৱজিত শইকীয়াই কয়, “সংবাদ মাধ্যমত ৰোহিত শৰ্মাৰ ভৱিষ্যতক লৈ বিভিন্ন ধৰণৰ জল্পনা চলি আছে। মই সম্পূৰ্ণ নিশ্চিতভাৱে ক’ব পাৰোঁ যে দেওবাৰে লৰ্ডছত ৰোহিতে নিজৰ অন্তিম মেচ খেলিব বুলি কোনো ধৰণৰ আলোচনা হোৱা নাই।”

দেৱজিত শইকীয়াৰ এই মন্তব্য এনে এক সময়ত আহিছে, যেতিয়া কিছু সংবাদ মাধ্যমত দাবী কৰা হৈছিল যে নিৰ্বাচকমণ্ডলী আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ২০২৭ চনৰ ODI বিশ্বকাপৰ পৰিকল্পনাৰ পৰা ৰোহিত শৰ্মাক বাদ দিছে। লগতে এই ধৰণৰো জল্পনা চলিছিল যে দলীয় পৰিচালনাই যুৱ খেলুৱৈসকলক সুযোগ দিব বিচাৰে আৰু যশস্বী জয়ছোৱালক উদ্বোধনী বেটছমেন হিচাপে সুযোগ দিবলৈ ৰোহিতক দলৰ বাহিৰত ৰাখিব পাৰে।

BCCI-ৰ সচিবে আৰু কয়, “ৰোহিত শৰ্মা ভাৰতীয় এদিনীয়া দলৰ নিয়মীয়া সদস্য। যেতিয়ালৈকে তেওঁক ভৱিষ্যতৰ পৰিকল্পনাত অন্তৰ্ভুক্ত কৰি ৰখা হৈছে, তেতিয়ালৈকে তেওঁ দেশৰ হৈ খেলি থাকিব। অৰ্থাৎ, লৰ্ডছত অনুষ্ঠিত মেচখন তেওঁৰ অন্তিম মেচ নহ’ব।”

উল্লেখ্য যে ইংলেণ্ডৰে ভাৰতৰ এদিনীয়া শৃংখলাৰ প্ৰথম দুখন মেচৰ অন্তত ভাৰত আৰু ইংলেণ্ডে এখনকৈ জয়লাভ কৰি ১-১ সমতাত আছে। এতিয়া দুয়োটা দলৰ মাজৰ তৃতীয় তথা শৃংখলাৰ নিৰ্ণায়ক এদিনীয়া মেচখন ১৯ জুলাইত ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব।

ডিজিটেল ডেস্ক, ১৮ জুলাই

You might also like