নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীট পৰীক্ষাত ৫৫৮ নম্বৰ লাভেৰে যোৰহাটলৈ গৌৰৱ কঢ়িয়ালে অনুপম বৰুৱাই

যোৰহাট জিলাৰ হাতীগড় অঞ্চলৰ মেধাৱী ছাত্ৰ অনুপম বৰুৱাই সদ্যঘোষিত সৰ্বভাৰতীয় নীট (NEET) পৰীক্ষাত ৫৫৮ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৯৮.৪১ শতাংশ অৰ্জন কৰা অনুপমে চিকিৎসা শিক্ষাৰ দিশত এক উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

অনুপমে মঘাই শিশু নিকেতনৰ পৰা প্ৰাথমিক শিক্ষা আৰম্ভ কৰি হাতীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১ শতাংশ নম্বৰ লাভেৰে উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত বাহনা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮৮ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়।

সীমিত আৰ্থিক সামৰ্থ্য থকা এটি সাধাৰণ পৰিয়ালৰ সন্তান অনুপমৰ পিতৃ পেছাত এজন পকা মিস্ত্ৰী। বহু প্ৰতিকূলতাৰ মাজতো নিজৰ অধ্যৱসায়, একাগ্ৰতা আৰু অক্লান্ত পৰিশ্ৰমৰ বলত অনুপমে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই কৃতিত্বই প্ৰমাণ কৰিছে যে দৃঢ় ইচ্ছাশক্তি, অধ্যৱসায় আৰু সঠিক লক্ষ্য থাকিলে আৰ্থিক অসুবিধাই সফলতাৰ পথ ৰুদ্ধ কৰিব নোৱাৰে।

অনুপম বৰুৱাৰ এই উজ্জ্বল সফলতাত হাতীগড় অঞ্চলত আনন্দত অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে । অঞ্চলবাসী, শিক্ষক মণ্ডলী, শুভাকাংক্ষী আৰু বিভিন্ন দল-সংগঠনে তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগন্তুক সময়ত এজন সফল চিকিৎসক হিচাপে দেশ-সমাজৰ সেৱা আগবঢ়াবলৈ শুভেচ্ছা আৰু শুভকামনা জনাইছে।

নিয়মীয়া বাৰ্তা, কাকজান, ১৮ জুলাই :

You might also like