- বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিত ছিপাঝাৰত কৰুণ মৃত্যু এজন লোকৰ।
- বিদ্যুতৰ ছিগি থকা তাঁৰত লাগি মৃত্যু ছিপাঝাৰৰ চ’লাৰ দলৰ ডিম্বেশ্বৰ নাথ (৪৭)।
- নিশা সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো।
- গোৱাল সন্থাৰ সভাৰ পৰা উভতি অহা পথত সংঘটিত হয় এই ঘটনাটো।
- নিশাই মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও মৃত্যু মুখত পৰে লোকজন।
- গাওঁবাসীয়ে বিদ্যুৎ বিভাগক ভুক্তভোগী পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনায়।
- এতিয়াও অঞ্চলটোত বহু বৈদ্যুতিক তাঁৰ সমূহ বিপদসংকুলভাৱে উলমি আছে।
- ইমানৰ পিছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ।
ডিজিটেল ডেস্ক, ১৮ জুলাই