নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত গহপুৰৰ প্ৰেমচন্দ বসুমতাৰী

গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম -অৰুণাচল সীমান্তবৰ্তী ৰাজগড়ৰ কৰৈগুৰীত আজি দিন দুপৰতে সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। সন্দেহযুক্ত অৰুণাচলী দুৰ্বৃত্তই সংঘটিত কৰা উক্ত গুলীচালনাৰ ঘটনাত গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজগড় আৰক্ষী চকীৰ এলেকাধীন ৰাজপুৰ গাঁৱৰ প্ৰেমচন্দ বসুমতাৰী নামৰ এগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে -মটৰ বাইকেৰে প্ৰেমচন্দ বসুমতাৰীয়ে পত্নীক লৈ আজি পুৱা গৈছিল ৰাজগড়লৈ। ৰাজগড়ৰ পৰা দুয়ো উভতি আহি আজি দিনৰ প্ৰায় ১১-৩০ বজাত উপস্থিত হয় লাংডাংপাৰা পেট্ৰ’ল ডিপোত।

উক্ত পেট্ৰ’ল ডিপোত প্ৰেমচন্দ বসুমতাৰীয়ে লৈ যোৱা মটৰ বাইকখনত পেট্ৰ’ল ভৰাই দুয়ো ঘৰলৈ বুলি ডিপোটোৰ পৰা ওলাই আহে। পেট্ৰ’ল ডিপোটোৰ পৰা মাত্ৰ ১০/১৫ মিটাৰ অহাৰ পিছত চালকৰ আসনত থকা প্ৰেমচন্দ বসুমতাৰীৰ পেটৰ বাওঁফালে এটা গুলী লাগে।

আকস্মিকভাৱে গুলী লগাৰ ফলত তেওঁ আতংকিত হৈ পৰাৰ লগতে গুলী লগা অংশৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হয় তেওঁৰ। উক্ত গুলীচালনাৰ ঘটনাত কোনো হানি বিঘিনি নোহোৱাকৈ ৰক্ষা পৰে বাইকখনৰ পিছৰ আসনত থকা প্ৰেমচন্দ বসুমতাৰীৰ পত্নীৰ।

গুলীবিদ্ধ প্ৰেমচন্দ বসুমতাৰীক লগে লগে গহপুৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ লৈ অহা হয় যদিও চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

আহত প্ৰেমচন্দ বসুমতাৰীৰ পেটত এটা গুলী সোমাই থকা বুলি জানিব পৰা গৈছে। এইক্ষেত্ৰত গুলীবিদ্ধ প্ৰেমচন্দ বসুমতাৰীয়ে গুলীটো অৰুণাচলৰ দিশৰ পৰা অহা বুলি মন্তব্য আগবঢ়াইছে। প্ৰেমচন্দ বসুমতাৰীয়ে আগবঢ়োৱা মন্তব্যই উক্ত গুলীচালনা ঘটনাৰ লগত অৰুণাচলী দুৰ্বৃত্ত জড়িত থকাৰ নিশ্চয়তা প্ৰদান কৰিছে।

উক্ত গুলীচালনাৰ ঘটনাটোৰ পিছত গহপুৰ অসম অৰুণাচল সীমান্তত এক চেপা উত্তেজনাই বিৰাজ কৰিছে। উল্লেখযোগ্য যে বিশ্বনাথ জিলাৰ বিহালী অভয়াৰণ্যৰ ভিতৰত যোৱা কিছুদিনৰে পৰা অৰুণাচলী দুৰ্বৃত্তই ধাৰাবাহিক ভাবে গুলীচালনা কৰি এক সন্ত্ৰাস চলাই অহাৰ পিছত জিলাখনৰ গহপুৰৰ উত্তৰাঞ্চলত আজি অৰুণাচলী দুৰ্বৃত্তই অসমৰ লোকলৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাক্ৰমে সীমান্তবৰ্তী ৰাইজক অধিক আতংকিত কৰি তুলিছে।

বিশেষ বাৰ্তা, গহপুৰ, ১৮ জুলাই

You might also like