সামাজিক কৰ্মী ছোনম ৱাংচুকক দিল্লীৰ ছফদৰজং হাস্পতালৰ পৰা মেদান্ত হাস্পতাললৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে। ৱাংচুকৰ পত্নী গীতাঞ্জলিয়ে দাখিল কৰা আবেদনত শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে।
আদালতৰ নিৰ্দেশ অনুসৰি, মেদান্ত হাস্পতালত বিশেষজ্ঞ চিকিৎসকৰ এখন বিশেষ পেনেল গঠন কৰা হ’ব। এই পেনেলটোৱে ছোনম ৱাংচুকৰ স্বাস্থ্যৰ নিৰীক্ষণ আৰু চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিব।
ইয়াৰ উপৰি ছফদৰজং হাস্পতালত এতিয়ালৈকে সম্পন্ন হোৱা সকলো চিকিৎসা পৰীক্ষাৰ প্ৰতিবেদন আৰু স্বাস্থ্য-সম্পৰ্কীয় নথি মেদান্তাৰ চিকিৎসক পেনেলৰ হাতত হস্তান্তৰ কৰিবলৈও আদালতে নিৰ্দেশ দিছে।
চিকিৎসাৰ ক্ষেত্ৰত সম্পূৰ্ণ চিকিৎসা-তথ্য আৰু নথি-পত্ৰ ভাগ-বতৰা কৰি উন্নত চিকিৎসা নিশ্চিত কৰাৰ ওপৰত আদালতে বিশেষ গুৰুত্ব আৰোপ কৰিছে।
ডিজিটেল ডেস্ক, ২১ জুন