আজি ২২ জুলাই, শাওণ মাহৰ ৫ তাৰিখ
বুধবাৰঃ তিথি–অষ্টমী, নক্ষত্রঃ স্বাতী, যাত্রাঃ নাই
মেষঃ আজি আপোনালোকে কর্মত সফলতা পাব৷ শিক্ষার্থীসকলে কষ্টৰ ফল লাভ কৰিব৷ সামাজিক ক্ষেত্রত উন্নতি লাভ৷ প্রেম–প্রীতিত শুভ৷ সন্তানৰ পৰা সন্মান লাভ কৰিব৷ শুভ ৰং, নীলা, শুভ সংখ্যা ২৷
বৃষঃ আজি বহুদিন ধৰি স্থবিৰ হৈ থকা কোনো কাম হঠাৎ আগবাঢ়িব পাৰে৷ মন স্থিৰ কৰি সিদ্ধান্ত ল’ব৷ কর্মক্ষেত্রত নিজৰ মতামত স্পষ্টকৈ প্রকাশ কৰিব৷ প্রেম–প্রীতিত শুভ৷ বিদ্যাত মধ্যম৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৫৷
মিথুনঃ আজি আপোনাৰ টকাৰ ক্ষেত্রত নতুন পথ মুকলি হ’ব৷ ঘৰত আনন্দময় পৰিৱেশ বিৰাজ কৰিব৷ যাত্রা লাভজনক হ’ব৷ প্রেমত শুভ৷ শিক্ষার্থীসকলে পঢ়াত মনোযোগ দিব৷শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷
কর্কটঃ আজি নিজৰ কামত মনোযোগ দিব৷ মনৰ ইচ্ছা পূৰণ হ’ব পাৰে৷ জ্ঞানী ব্যক্তিৰ সৈতে দেখা হ’ব পাৰে৷ সন্ধিয়া সময়ত পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব৷ প্রেমত উৎসাহ৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
সিংহঃ আজি বিবাহিত মহিলাই পাৰিলে যাত্রা নকৰিব৷ পুৰণি ঋণ আদায় কৰাৰ সুযোগ পাব৷ ভ্রমণ ফলদায়ক হ’ব৷ বিদ্যা–শিক্ষাত শুভ ফল লাভ৷ দাম্পত্যত মধ্যম৷ ব্যয়ৰ ক্ষেত্রত অলপ সাৱধান হ’ব৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৮৷
কন্যাঃ আজি আইনী কামত সফলতা লাভ কৰিব৷ নতুনবস্তু ক্রয় কৰিব পাৰে৷ ব্যৱসায় বা চাকৰিত ইতিবাচক আলোচনা হ’ব পাৰে৷ অযথা তর্ক–বিতর্ক এৰাই চলিব৷ শুভ ৰং সোণালী, শুভ সংখ্যা ১৷
তুলাঃ আজি ঘৰত শুভ আলোচনা বা নতুন পৰিকল্পনাৰ আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে৷ কর্মক্ষেত্রত আপোনাৰ শান্ত স্বভাৱে জটিল পৰিস্থিতি সহজ কৰিব৷ সন্ধিয়াৰ ফালে কোনো ভাল খবৰে মন আনন্দিত কৰিব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷
বৃশ্চিকঃ আজি অভিনেতা আৰু অভিনেত্রীসকলে মান–সন্মান লাভ কৰিব৷ ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল৷ বিদ্যাৰ ক্ষেত্রত মধ্যম৷ আর্থিক দিশত মধ্যম৷ শুভ ৰং ৰূপালী, শুভ সংখ্যা ৫৷
ধনুঃ আজি বহুদিন ধৰি মনত চিন্তা কৰা ইচ্ছা পূৰণ হ’ব পাৰে৷ কর্মক্ষেত্রত স্থানপ্রাপ্তিৰ যোগ৷ আর্থিক ক্ষেত্রত লাভৰ সম্ভাৱনা আছে যদিও খৰচৰ ওপৰত অলপ নিয়ন্ত্রণ ৰাখিব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৭৷
মকৰঃ আজি বন্বুূৰ লগত মতবিৰোধ হ’ব পাৰে, সাৱধান হ’ব৷ বিদ্যার্থীসকলৰ ভ্রমণৰ যোগ আছে৷ নতুন গৃহ লোৱাৰ সিদ্ধান্ত ল’ব পাৰে৷ দাম্পত্য জীৱন সুখৰ হ’ব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬৷
কুম্ভঃ আজি চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ আছে৷ বেছি দূৰ ভ্রমণ নকৰিব৷ প্রেমত অলপ সাৱধান থাকিব৷ ব্যৱসায়ত মধ্যম৷ বিদ্যার্থীসকলে শিক্ষাত কিছু মনোযোগ দিয়াৰ প্রয়োজন৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
মীনঃ আজি প্রেমত সুখ লাভ কৰিব৷ শত্রু নাশ হ’ব৷ বহুদিনৰ পাব লগা ধন ঘূৰাই পাব পাৰে৷ নিবনুৱাসকলে কর্মসংস্থাপনৰ সুবিধা লাভ কৰিব৷ পাৰিবাৰিক ক্ষেত্রত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷