নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে মঙলবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ জিলাৰ সোণাৰিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বানত ক্ষতিগ্ৰস্ত গাঁওসমূহ পৰিদৰ্শন কৰাৰ লগতে তেওঁ সাহায্য শিবিৰত আশ্ৰয় লোৱা পৰিয়ালসমূহৰ সৈতে মত-বিনিময় কৰে।

পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে উদ্ধাৰ আৰু সাহায্য অভিযানৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে দুৰ্গম অঞ্চলত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়েও আলোচনা কৰে।

সংবাদ মাধ্যমৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰীয়ে কয়, “এইটো এক অভূতপূৰ্ব পৰিস্থিতি। বহু লোক সাহায্য শিবিৰত আশ্ৰয় লৈ আছে, আনহাতে বহু লোক এতিয়াও বানপানীত আৱদ্ধ হৈ আছে। কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে আৰু এতিয়াও বিভিন্ন ঠাইত মৃতদেহ উদ্ধাৰ হৈ আছে। ক্ষয়-ক্ষতি আমাৰ প্ৰাথমিক ধাৰণাতকৈ বহু বেছি।”

তেওঁ জনায় যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF), ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF), ভাৰতীয় সেনাবাহিনী, অসম চৰকাৰ আৰু জিলা প্ৰশাসনে যৌথভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে।

মুখ্যমন্ত্ৰীয়ে দুৰ্যোগ ব্যৱস্থাপনা আৰু বান সাহায্যৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক সহযোগিতাৰ বিষয়েও উল্লেখ কৰি কয়, “ৰাজ্য চৰকাৰৰ সাহায্য পুঁজিৰ সমগ্ৰ ধন কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে। বান সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে প্ৰয়োজনীয় ১০০ শতাংশ ধন কেন্দ্ৰই বহন কৰে।”

তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে আগতীয়াকৈ ৰাজ্যখনলৈ এক নিৰ্দিষ্ট পৰিমাণৰ ধন আবণ্টন দিয়ে আৰু প্ৰয়োজন হ’লে অতিৰিক্ত সাহায্যৰ বাবেও আবেদন জনোৱা হ’ব। “প্ৰয়োজন হ’লে আমি প্ৰধানমন্ত্ৰীৰ ওচৰতো অধিক সাহায্য বিচাৰিম,” বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

বানাক্ৰান্ত অঞ্চলসমূহত NDRF, SDRF, ভাৰতীয় সশস্ত্ৰ বাহিনী, অসম আৰক্ষী আৰু জিলা প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক, ২২ জুলাই

You might also like