সম্পাদকীয় : বানৰ তাণ্ডৱ
অসমত এতিয়া বানৰ তাণ্ডৱ৷ বিশেষকৈ উজনি অসমৰ তিনিখন জিলা ক্রমে– শিৱসাগৰ, চৰাইদেই, যোৰহাটত অবর্ণনীয় পৰিস্থিতি৷ দিহিং, দিখৌ, জাঁজী, ভোগদৈ, নামতি, দিচাং, দেওপানী নৈৰ বানত হাহাকাৰ শ শ গাঁৱৰ হাজাৰ হাজাৰ লোকৰ৷ কেতিয়াও বানপানী সমস্যাৰ সন্মুখীন নোহোৱা বহু ঠাইৰ বহু লোকে হঠাৎ কি কৰিব টলকিবই নোৱাৰিলে৷ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত অসমৰ এই তিনিখন জিলা ভয়ংকৰ বানৰ কবলত পৰাৰ লগে লগে মানুহে নিৰাপদ ঠাই বিচাৰি হাহাকাৰ কৰিবলগীয়া হ’ল৷ এই বানে বহু লোকৰ বাসগৃহৰ ক্ষতি কৰাৰ লগতে পশুধন, কৃষিপথাৰৰ বিস্তৰ ক্ষতি কৰিলে৷ লাকুৱা, গড়গাঁও, শিলাকুটি, ভাজনি, চণ্টক, গেলেকী, বিহুবৰ, নাজিৰা, শিমলুগুৰি, কালুগাঁও, ধলগুৰি, জয়সাগৰ, সোণাৰি, আমগুৰি আদি বহু অঞ্চল পানীৰ তলত বুৰ গ’ল৷ যোৰহাটৰ লাহিং, কলিয়াপানী, চেলেংহাট, টীয়ক, মৰিয়নি আদি বহু অঞ্চলৰ গাঁও জলমগ্ণ হ’ল৷ কাকজান, মুদৈজান, টীয়ক আৰু জাঁজী নৈৰ জলস্তৰ বৃদ্ধিৰ ফলত এই পৰিস্থিতিৰ উদ্ভৱ হ’ল৷ ৰাষ্ট্রীয় ঘাইপথো পানীত বুৰ গ’ল, ৰাস্তাতেই শ শ যান–বাহন আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতি হ’ল৷ নাজিৰা ৰাজহ চক্রৰ ১২৬খন গাঁও, ভোগদৈৰ বানে মথাউৰি ভাঙি ৩০ৰো অধিক গাঁও জলমগ্ণ কৰিলে৷ শিৱসাগৰৰ ২২৪খন গাঁও জলমগ্ণ৷ এতিয়াও বহু ঠাই নতুনকৈ জলমগ্ণ হোৱা বুলি খবৰ আহিয়ে আছে৷ আনফালে নেৰানেপেৰা বৰষুণৰ ফলত নগাঁও ৰাঙলু–পলাশবাৰী, ৰামপুৰকে ধৰি বহু ঠাই কৃত্রিম বানে বুৰালে৷ প্রকৃততে অসমৰ বাবে এই বানপানীৰ খবৰ নতুন নহয়৷ প্রতি বছৰে বাৰিষা কালত অসমৰ ভিন্ন ঠাইত বান আহে আৰু যায়৷ নেৰানেপেৰা বৰষুণৰ ফলত কৃত্রিম বানৰো সৃষ্টি হয়, যি সমস্যা সময়ৰ লগে লগে কমিব লাগিছিল কিন্তু বাঢ়িহে আছে৷ এই সমস্যাবোৰক কেৱল দুদিনীয়া সমস্যা বুলি ভাবিলে নহ’ব৷ শেহতীয়াকৈ অসমত এই ভয়ংকৰ বান পৰিস্থিতি উদ্ভৱ হোৱাৰ মূল কাৰণসমূহ হ’ল–(১) অতিবৃষ্টি : জলবায়ু পৰিৱর্তন হৈছে৷ ফলত বৰষুণৰ পৰিমাণ পূর্বতকৈ বৃদ্ধি পাইছে৷ যাৰ ফলত নৈবোৰ ওফন্দি উঠিছে (২) নদীৰ গভীৰতা হ্রাস : পাহাৰবোৰ খনন৷ গৰা খহাৰ ফলত বাৰিষাৰ বতৰত মাটিবোৰ পানীৰ সৈতে নৈলৈ আহি পলস সৃষ্টি কৰে৷ যাৰ ফলত নৈৰ বুকু ক্রমান্বয়ে বাম হৈ গৈছে (৩) অপৰিকল্পিত নগৰীকৰণ : কৃত্রিম বানৰ মূলতেই হ’ল অপৰিকল্পিত নগৰীকৰণ৷ পর্যাপ্ত নলা–নর্দমাৰ ব্যৱস্থা নথকা, গছ–গছনি কটা, পাহাৰ খননৰ দৰে কার্যৰ ফল এতিয়া মানুহৰ হাতত (৪) মথাডৰিবোৰ দুর্বল : অসমৰ এতিয়াও বহু মথাউৰি পুৰণি৷ সঠিক চোৱাচিতা, সংৰক্ষণৰ অভাৱত পানীৰ প্রচণ্ড হেঁচাত এই মথাউৰিসমূহ ভাঙি যায়, যাৰ ফলত চৌদিশে পানী বিয়পি পৰে৷ গতানুগতিকভাৱে চলি থকা জিলাকেইখনত আজি সাগৰসদৃশ পৰিৱেশ ৷ এই পৰিৱেশৰ বাবে কিছু পৰিমাণে প্রশাসনো জগৰীয়া৷ বিষয়াসকলৰ অদূৰদর্শিতাৰ বাবে বহু সময়ত জনসাধাৰণ বিপদত পৰিবলগীয়া হয়৷
অসমত প্রতি বছৰে বান আহে, তাৰ পিছতো কিয় জলসম্পদ বিভাগে পুৰণি মথাডৰিবোৰ বিজ্ঞানসন্মত পৰিকল্পনাৰে ঠিক নকৰে৷ অসমৰ নদী–নৈৰ বুকু ক্রমাৎ বাম হৈ আহিছে, কিয় আজিপর্যন্ত নৈবোৰৰ খনন কৰা হোৱা নাই৷ নাগালেণ্ডৰ মন জিলাত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত উজনি অসমৰ তিনিখন জিলাত বহু লোকৰ মৃত্যু হৈছে৷ এতিয়াও বহু ঠাইত মৃতদেহ উদ্ধাৰ হৈয়ে আছে৷ এই মৃত্যুৰ হাৰ হ্রাস কৰিব পৰা গ’লহেঁতেন যদিহে বিভাগীয় লোকে ৰাইজক আগতীয়াকৈ সতর্ক কৰিলেহেঁতেন৷ পাহাৰীয়া ৰাজ্যবোৰত ধাৰাসাৰ বৰষুণ দিলে বানপানীৰ সৃৃষ্টি হয়, এই কথা সকলোৱে অৱগত, কিন্তু এই গুৰুত্বপূর্ণ বিষয়টো তৎকালেই যদি বিভাগীয় কর্তৃপক্ষই ব্যৱস্থা গ্রহণ কৰিলে হয়, তেনেহ’লে বহু লোকৰ প্রাণৰক্ষা পৰিল হয়৷ ইয়াৰ পৰা এটা কথাই প্রমাণ যে চুবুৰীয়া ৰাজ্যৰ বিষয়াসকলৰ সৈতে নিশ্চয়কৈ সমন্বয়ৰ অভাৱ৷ এই পৰিস্থিতিৰ বাবে কেৱল প্রশাসনক জগৰীয়া কৰিলেও নহ’ব, জনসাধাৰণো বহু পৰিমাণে জগৰীয়া৷ কোনো পৰিকল্পনা নোহোৱাকৈ গৃহ নির্মাণ কৰা, নলা–নর্দমাবোৰত জাবৰ পেলোৱা, গছ কটা, জলাশয়বোৰ পুতি গৃহ নির্মাণ কৰা এই সকলোবোৰৰ বাবেও এই সমস্যাবোৰ ক্রমাৎ বৃদ্ধি হৈছে৷ গতিকে, সময় থাকোঁতেই সকলো সজাগ–সচেতন হ’ব লাগিব৷ নদীৰ খনন, মথাউৰিৰ আধুনিকীকৰণ, প্রকৃতি সংৰক্ষণ, গছ ৰোপণ, পূর্ব পৰিকল্পনাৰে সতর্কতামূলক ব্যৱস্থা কৰিলে নিশ্চয়কৈ ক্ষয়–ক্ষতিৰ পৰিমাণ হ্রাস কৰিব পৰা যায়৷ অসম চৰকাৰে এই দিশবোৰত গুৰুত্ব আৰোপ কৰি আগন্তুক সময়ত যাতে সমস্যা হ্রাস কৰিব পাৰি, তাৰ বাবে পদক্ষেপ গ্রহণ কৰা উচিত৷ বানপানীৰ সমস্যা কেৱল চৰকাৰৰ সমস্যা নহয়, এই সমস্যা সকলোৰে৷ কেৱল চৰকাৰী সাহায্য আৰু পৰিকল্পনাই এই সমস্যা হ্রাস কৰিব নোৱাৰে৷ প্রতিজন নাগৰিকৰ সহায়–সহযোগেৰেহে এনে জটিল পৰিস্থিতি ৰোধ কৰিব পাৰি বা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰি৷ শেষত বৈজ্ঞানিক ব্যৱস্থাপনাৰ জৰিয়তে অসমক এই বিপর্যয়ৰ পৰা মুক্ত কৰিবলৈ আমি সকলোৱে আজিৰ পৰাই ঐক্যবদ্ধ হৈ আগবাঢ়ি সুন্দৰ অসম গঢ়াত হাত উজান দিব লাগিব৷