সম্পাদকীয় : সংৰক্ষিত বনাঞ্চলত বেদখল
বিশ্বনাথ জিলাৰ বিহালী সংৰক্ষিত বনাঞ্চলত অৰুণাচলী দুর্বৃত্তই ছমাহ ধৰি নির্বিচাৰে বনজ সম্পদ ধ্বংস আৰু লুটৰাজত লিপ্ত হৈছে৷ বনাঞ্চলখনত অৰুণাচল সীমান্তৱর্তী অঞ্চলৰ একাংশ সশস্ত্র দুর্বৃত্তই বিহালী বনাঞ্চলত অনধিকাৰ প্রৱেশ কৰি ছমাহৰ ভিতৰতে ১৪ হাজাৰ হেক্টৰ ভূমিৰ ১০ সহস্রাধিক মূল্যৱান গছ কাটি তহিলং কৰে৷ অৰুণাচলী দুর্বৃত্তৰ দলটোৱে বনৰক্ষী আৰু অঞ্চলটোৰ স্থানীয় ৰাইজক আক্রমণৰ বাবে খেদি অহাৰ লগতে ধাৰাবাহিক গুলীচালনা কৰাৰ কেইবাটাও ঘটনা ঘটিছে৷ ১৬ জুলাইত বনমন্ত্রী জয়ন্ত মল্ল বৰুৱাই বিহালী সংৰক্ষিত বনাঞ্চলৰ ক্ষতিগ্রস্ত অঞ্চল ভ্রমণ কৰি বনাঞ্চলখন সুৰক্ষিত কৰিবলৈ বন বিভাগ আৰু বিশ্বনাথ জিলা প্রশাসনক নির্দেশ দিছিল৷ মন্ত্রীজনৰ ভ্রমণৰ পিছতে বিহালী বনাঞ্চলৰ অৰুণাচল সীমান্তৱর্তী অঞ্চলত বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয়৷ কিন্তু ১৭ আৰু ১৮ জুলাইত ডিকাল অঞ্চলত অৰুণাচলী দুর্বৃত্তৰ দলে অধিক আক্রমণাত্মক হৈ উঠে আৰু বনাঞ্চলখনৰ মূল্যৱান গছসমূহ কাটি নতুনকৈ বাসগৃহ নির্মাণৰ চেষ্টা চলায়৷ দুর্বৃত্তৰ দলটোৱে বনৰক্ষীক ২০ ৰাউণ্ড গুলীবর্ষণ কৰে আৰু প্রত্যুত্তৰত বনৰক্ষীয়েও ৪০ ৰাউণ্ড গুলীবর্ষণ কৰে৷ অৰুণাচলী দুর্বৃত্তৰ গুলীচালনাত কালি প্রেমচান্দ বসুমতাৰী নামৰ এজন লোক গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হৈছে৷ বিহালী সংৰক্ষিত বনাঞ্চলত সম্প্রতি ৪,৭৩১ হেক্টৰ ভূমি বেদখল হৈ আছে৷ বিহালী সংৰক্ষিত বনাঞ্চলখনক বেদখলমুক্ত কৰিবলৈ হ’লে নিশ্চিতভাৱে ৰাজ্য চৰকাৰে এক বিশেষ অভিযান চলোৱাৰ প্রয়োজন হৈছে৷ ৰাজ্যসমূহৰ সীমামূৰীয়া অঞ্চলত থকা সংৰক্ষিত বনাঞ্চলসমূহ সুৰক্ষিত কৰিবলৈ হ’লে সংশ্লিষ্ট দুয়োখন ৰাজ্যৰ পূর্ণ সহযোগিতাৰ প্রয়োজন৷ কিন্তু বিহালী বনাঞ্চলত সীমান্তত থকা অৰুণাচলৰ পাপুমপাৰে জিলাৰ একাংশ দুর্বৃত্তই বনজ সম্পদ লুণ্ঠনৰ লক্ষ্যৰে বেদখল চলাই নতুন বাসগৃহ নির্মাণৰ অশুভ পন্থা গ্রহণ কৰিছে৷ এইক্ষেত্রত ৰাজ্য চৰকাৰে চুবুৰীয়া ৰাজ্যখনৰ স’তে আলোচনামর্মে সংৰক্ষিত বনাঞ্চলখনৰ সুৰক্ষা নিশ্চিত কৰা উচিত৷ বনাঞ্চলসমূহৰ সেউজ আৱৰণ নিঃশেষ হ’লে পাৰিপার্শ্বিক আৰু জৈৱ–বৈচিত্র্যৰ জগতখনতো ইয়াৰ বিৰূপ প্রভাৱ পৰিব৷ ৰাজ্যখনৰ সংৰক্ষিত বনাঞ্চলসমূহ সুৰক্ষিত কৰিবলৈ হ’লে বন বিভাগক অধিক শক্তিশালী কৰাৰ প্রয়োজন আছে৷ এই কথাও ঠিক যে সংৰক্ষিত বনাঞ্চলসমূহৰ সুৰক্ষা আৰু বেদখলমুক্ত কৰাৰ জোখাৰে বন বিভাগৰ ওচৰত প্রয়োজনীয় বিষয়া অথবা বনৰক্ষী নাই৷ প্রয়োজনীয় আন্তঃগাঁথনি অবিহনে চলি থকা বন বিভাগৰ আন্তঃগাঁথনি নির্মাণৰ ক্ষেত্রতো ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব দিয়া উচিত৷ সংৰক্ষিত বনাঞ্চলত বেদখলক লৈ উদ্ভৱ হোৱা আইন–শৃংখলাজনিত পৰিস্থিতিৰ পূর্বে বন বিভাগেও স্থানীয় জিলা তথা সম–জিলাৰ আৰক্ষী তথা প্রশাসনৰ স’তে প্রতিৰোধৰ ব্যৱস্থা গ্রহণ কৰা উচিত৷
ৰাজ্যখনৰ আঠখন অভয়াৰণ্য আৰু ২৮১খন সংৰক্ষিত বনাঞ্চলত বুজন পৰিমাণৰ ভূমি বেদখল হৈ আছে৷ অসম গণ পৰিষদৰ বিধায়িকা দীপ্তিময়ী চৌধুৰীৰ প্রশ্ণৰ উত্তৰত বনমন্ত্রী জয়ন্ত মল্ল বৰুৱাই ৭ জুলাইত বিধানসভাত দাখিল কৰা তথ্য অনুসৰি, ৰাজ্যখনৰ প্রতিখন সংৰক্ষিত বনাঞ্চলতেই নহয়, আঠখন অভয়াৰণ্যতো বেদখল চলি আছে৷ বাক্সা আৰু ওদালগুৰি জিলাৰ বৰনদী বন্যপ্রাণী অভয়াৰণ্যৰ ৪০০ হেক্টৰ, কাছাৰ আৰু ডিমা হাছাও জিলাৰ বৰাইল বন্যপ্রাণী অভয়াৰণ্যৰ ৯৭৮.৮ হেক্টৰ, শোণিতপুৰৰ সোণাই–ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ ১০ হাজাৰ হেক্টৰ, তিনিচুকীয়াৰ ভেৰিজান–বৰাজান–পদুমণি বন্যপ্রাণী অভয়াৰণ্যৰ ১৩ হেক্টৰ, কামৰূপ মহানগৰ জিলাৰ আমচাং বন্যপ্রাণী অভয়াৰণ্যৰ ১৮৬ হেক্টৰ, কার্বি আংলঙৰ মৰাট লাংৰি বন্যপ্রাণী অভয়াৰণ্যৰ ৪,৪২৯ হেক্টৰ, নগাঁৱৰ লাওখোৱা বন্যপ্রাণী অভয়াৰণ্যৰ ১১৭ হেক্টৰ আৰু শোণিতপুৰৰ বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ ১,৪০৩ হেক্টৰ ভূমিকে ধৰি অভয়াৰণ্যসমূহৰ ১৭,৪২১.৫০ হেক্টৰ ভূমি বেদখল হৈ আছে৷ একেদৰে ৰাজ্যখনৰ ২৮১ সংৰক্ষিত বনাঞ্চলৰ মুঠ ২,৯৬,৭১৭.৯৩৫ হেক্টৰ ভূমি বেদখল হৈ আছে৷ গোলাঘাট জিলাৰ নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলত ২৩,৭৯০ হেক্টৰ, ৰেংমা বনাঞ্চলত ১১,৬১৩ হেক্টৰ, নামবৰ উত্তৰত ৫,০১৭ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে৷ আনকি কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ ৬১খন সংৰক্ষিত বনাঞ্চলতো বেদখল চলি আছে৷ গোটানগৰ সংৰক্ষিত বনাঞ্চলত ১৩৫ হেক্টৰ, শৰণীয়া পাহাৰ সংৰক্ষিত বনাঞ্চলত ২ হেক্টৰ, দক্ষিণ কালাপাহাৰ সংৰক্ষিত বনাঞ্চলত ৫৪ হেক্টৰ, ফটাশিল সংৰক্ষিত বনাঞ্চলত ৪৪২.৯৯৮ হেক্টৰ, জালুকবাৰী সংৰক্ষিত বনাঞ্চলত ৩.৫ হেক্টৰ, হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলত ৪৫৪ হেক্টৰ, গড়ভাংগা সংৰক্ষিত বনাঞ্চলত ৩১৮.৬৫১ হেক্টৰ, ৰাণী সংৰক্ষিত বনাঞ্চলত ৭০.৭৪ হেক্টৰ, জাৰাচাল সংৰক্ষিত বনাঞ্চলত ১১১.৫ হেক্টৰ, মালিৱাটা সংৰক্ষিত বনাঞ্চলত ৬.৮৫ হেক্টৰ, পশ্চিম আপ্রিকোলা সংৰক্ষিত বনাঞ্চলত ২২.৫০ হেক্টৰ, মাৰাকডোলা সংৰক্ষিত বনাঞ্চলত ৩৯৭ হেক্টৰ, মাতাপাহাৰ সংৰক্ষিত বনাঞ্চলত ৯.৮৯ হেক্টৰ, চামতা সংৰক্ষিত বনাঞ্চলত ০.৪২ হেক্টৰ আৰু তেঁতেলিগুৰি ২.৬৭ হেক্টৰ ভূমিত বেদখল চলি আছে৷ কামৰূপ জিলাৰ বৰদুৱাৰ সংৰক্ষিত বনাঞ্চলত ১৫২৩ হেক্টৰ, মাতাইখেৰ সংৰক্ষিত বনাঞ্চলত ৫২ হেক্টৰ, মায়ঙত ১৬৬ হেক্টৰ, কুলশীত ১১৬৯ হেক্টৰ, মিলমিলিয়াত ৪৫৬ হেক্টৰ, ছয়গাঁৱত ৬৭৮ হেক্টৰ, কুহুকচি চিক্রাবুঢ়াত ৮২ হেক্টৰ, মালাঘাট, ১৫ হেক্টৰ, দুমপাৰাত ২১ হেক্টৰ, ছিমলাত ১৩ হেক্টৰ, গোহানিগুৰুত ১০৯ হেক্টৰ, দুধখুৰি ১০ হেক্টৰ, ডিমালী ৯ হেক্টৰ, ঘোঁৰাপুটা ২২ হেক্টৰ, হাৰিয়াগাঁও ১১ হেক্টৰ, মোমান ১৩০০ হেক্টৰ, জাৰিখুৰি ৬১৯ হেক্টৰ, লুকি ৫৮৮ হেক্টৰ, চুৰচুৰিয়া ২৬৭ হেক্টৰ, তৰাইবাৰী ৩০১ হেক্টৰ, খাতাহাকতি পাহাৰ ২০৭ হেক্টৰ, মুগাখাল ৬০ হেক্টৰ, গৰুবালধা ১২ হেক্টৰ, খুৰখুৰি ৮ হেক্টৰ, গিজাং ৭০ হেক্টৰকে ধৰি সংৰক্ষিত বনাঞ্চলসমূহত বেদখল চলি আছে৷ সংৰক্ষিত বনাঞ্চলসমূহত চলি থকা এনে বেদখল এক–দুই বছৰৰ ভিতৰতে হোৱা নাই৷ সংৰক্ষিত বনাঞ্চলসমূহত বেদখল উচ্ছেদ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নির্দেশনা আছে যদিও বিভিন্ন কাৰকৰ বাবে বেদখলকাৰীৰ বিৰুদ্ধে বন বিভাগ তথা ৰাজ্য চৰকাৰে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা নাই৷ বনাঞ্চলত বেদখলকাৰীক সুৰক্ষা মানেই ৰাজ্যৰ সেউজ আৱৰণ ধ্বংস আৰু পাৰিপার্শ্বিক ভাৰসাম্যত আঘাত হনা৷ এইক্ষেত্রত ৰাজ্য চৰকাৰ আৰু বন বিভাগে সংৰক্ষিত বনাঞ্চলসমূহৰ পৰা বেদখলকাৰীক শীঘ্রে উচ্ছেদ কৰা উচিত৷