সম্পাদকীয় : কথা পাতোঁ আহক
‘আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়৷’– এই বহুল ব্যৱহূত আপ্তবাক্যশাৰী সকলো সময়তে সকলোৰে বাবে প্রযোজ্য৷ বিশেষকৈ আমি কথা পতাৰ সময়ত ইয়াৰ ছিটিকনি পৰেই৷ কোনো ব্যক্তিৰ কথা পতাৰ ধৰণৰ পৰাই তেওঁৰ শিক্ষা আৰু সংস্কৃতিৰ লগতে ব্যক্তিত্বৰ উমান পাব পাৰি৷ কথনভংগীৰ পৰাই প্রতিফলিত হয় সেই ব্যক্তিৰ মানসিকতা৷ সেইবাবে কথা–বতৰাত নম্রতা, আৱেগৰ লগতে স্পষ্টতা থকা বাঞ্ছনীয়৷ সামাজিক আচৰণত সদায় সচেতন হৈ চলা দৰকাৰ৷ কথাশিল্পী হোমেন বৰগোহাঞিয়ে কৈ গৈছে যে কথা পতাটো কেৱল মুখৰ শব্দ উচ্চাৰণ কৰাই নহয়, ই হ’ল এটা গুৰুত্বপূর্ণ সামাজিক আৰু মানসিক কলা৷ তেওঁৰ মতে সুন্দৰকৈ কথা পাতিব জনাটো এটা ডাঙৰ গুণ বা কলা৷ প্রত্যেক মানুহৰে কথা কোৱাৰ একোটা সুকীয়া শৈলী থাকে৷ কেনেকৈ কাৰ সৈতে, কি পৰিস্থিতিত, কিমানখিনি কথা পাতিব লাগে সেইটো যিয়ে আয়ত্ত কৰিব পাৰে, তেওঁ সমাজত অনায়াসে সমাদৰ লাভ কৰে৷ মিতভাষী হোৱাৰ আৱশ্যকতা চিৰকলীয়া৷ অতিমাত্রা কথা কোৱা বা প্রগলভতা সকলোৰে অপছন্দ৷ কথাৰ শক্তি অনন্য৷ দুআষাৰ মৰমৰ কথাই এজন হতাশাগ্রস্ত মানুহক নৱজীৱন প্রদান কৰিব পাৰে, ইয়াৰ বিপৰীতে একেই মুখৰ কটুবাক্যই এটা সুন্দৰ সম্পর্ক মুহূতর্তে ছেদ কৰাৰ আশংকা সর্বাধিক৷ ভালদৰে কথা পাতিব জনাটো শিল্পলৈ উত্তৰণ ঘটিব পাৰে, কিন্তু ইয়াৰ লগতে আন এটা গুৰুত্বপূর্ণ কথা হ’ল শ্রৱণ৷ আনৰ কথা ভালদৰে, মনোযোগেৰে শুনিব পৰাটো বিৰল গুণ৷ প্রকৃত কথোপকথনৰ অর্থ হ’ল নিজে কৈ যোৱাৰ লগতে আনৰ মনৰ নীৰৱতাকো নিজৰ শব্দৰে স্পর্শ কৰা৷ কথা পতাটো মানৱীয় চেতনাৰ বহিঃপ্রকাশ৷ উমভৰা কথোপকথনে শ্রোতাক সঞ্জীৱনী প্রদান কৰিব পাৰে৷ চকুৰ লোতকেৰে সিক্ত কথাই মানুহক জীয়াই থকাৰ সমল যোগায়৷ বর্তমানৰ সবাতোকৈ চিন্তনীয় বিষয়টো হ’ল আমাৰ ন–পুৰুষ৷ যি বয়সত উমলি–জামলি শিশুৱে সমাজৰ সৈতে সম্পর্ক বজাই ওচৰ–চুবুৰীয়াৰে কথা পাতি সামাজিক আচৰণৰ শিক্ষা ল’ব লাগে, সেই বয়সতে সিহঁতৰ হাতত তুলি দিয়া হৈছে স্মার্টফোন৷ ফলত শিশুসকলৰ ভাষিক বিকাশ, চিন্তা কৰাৰ ক্ষমতা আৰু অইনৰ আৱেগ অনুধাৱন কৰাৰ ক্ষমতা হ্রাস পাইছে৷ সঁচা বন্ধুৰ সংগ নলৈ সিহঁতে ম’বাইল ফোনৰ আশ্রয় লৈছে৷ স্ক্রীনৰ অবাস্তৱ জগতখনে সিহঁতৰ সোণালী শৈশৱ কাঢ়ি নিছে৷ ইফালে চ’ৰাঘৰৰ মেলৰ ঠাইত, নিশাৰ আহাৰৰ মেজত, চাহকাপৰ সৈতে কথা পতাৰ সলনি ভয়ংকৰ নীৰৱতাই সকলোকে গ্রাস কৰিছে৷
আমি কথা পতাৰ সময়ত মানুহৰ দৃষ্টিভংগী বুজিবলৈ চেষ্টা কৰোঁ৷ ইয়াকে সহানুভূতি বুলি কোৱা হয়৷ কিন্তু ডিজিটেল জগতত কথা পতাৰ সুযোগ নাথাকে, সেয়ে ব্যৱহাৰকাৰীয়ে কেৱল নিজৰ মতামত জাপি দিব খোজে৷ ট্র’লৰ প্রতাপত সামাজিক মাধ্যম মেলি চাব নোৱাৰা অৱস্থা৷ মানুহে সম্প্রতি নিজৰ লগতো কথা নাপাতে– পাতে কেৱল উজ্জ্বল পর্দাৰ সৈতে৷ অৱশ্যম্ভাৱী পৰিণতি ভয়াৱহ মৌনতা৷ ইম’জিৰ সহায়েৰে আমি এতিয়া নিজৰ অনুভূতি প্রকাশ কৰোঁ৷ মানৱীয় প্রকাশৰ স্বাভাৱিকতা ওলাই যোৱাৰ ফলত যান্ত্রিক শূন্যতা বিয়পি পৰে৷ সম্পর্কৰ উম হেৰাই যোৱাৰ ফলত আমি যান্ত্রিক আচৰণত মগ্ণ হৈ পৰিছোঁ৷ সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰে আমাক একাকীত্ব আৰু মানসিক অৱসাদৰ গহ্বৰলৈ ঠেলি দিছে৷ সহানুভূতি আৰু সহনশীলতাৰ অৱলুপ্তি ঘটাৰ লগতে সুকোমল অনুভূতি মৰহি গৈছে৷ এই ভয়াৱহ সংকটৰ পৰা পৰিত্রাণ পাবলৈ আমি সজাগ হ’বই লাগিব৷ প্রযুক্তিক সম্পূর্ণ বর্জন কৰাটো সম্ভৱ নহ’লেও প্রযুক্তিয়ে যাতে মানৱতাক গ্রাস কৰিব নোৱাৰে তাৰ প্রতি সজাগ হোৱাৰ সময় সমাগত৷ দৰাচলতে জোঁৰ পুৰি হাত পালেই৷ আহক, আমি স্মার্টফোনটো মেজত ওলোটাকৈ থৈ এখন্তেক কথা পাতোঁ– কাষত বহা মানুহজনক মাত এষাৰ দিওঁ, তেওঁৰ খবৰ লওঁ৷ ‘কওকচোন আপোনাৰ খবৰ৷’ এইষাৰ মাতে জগাই তুলিব পাৰে সম্পর্কৰ সজীৱতা৷ দুআষাৰ মৰমৰ মাতে জীপাল কৰি তুলিব পাৰে বিপন্ন সমাজখনক৷ আহকচোন, আমি কথা পাতোঁ৷