হাৰাৰেত আজি জিম্বাব’ৱেৰে প্রথমখন টি–২০ মেচত মুখামুখি ভাৰতৰ
ডিজিটেল ডেস্ক, ২৩ জুলাই : একেৰাহে তিনিটা শৃংখলাত পৰাজয়ৰ পিছত এক নতুন উদ্যমেৰে জিম্বাব’ৱেৰ বিপক্ষে খেলিবলগীয়া শৃংখলাটোৰ বাবে সাজু হৈছে শ্রেয়াছ আয়াৰ নেতৃত্বাধীন টীম ইণ্ডিয়া৷ ঘৰুৱা দল জিম্বাব’ৱেৰ বিপক্ষে খেলিবলগীয়া তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচ আজি হাৰাৰেত অনুষ্ঠিত হ’ব৷ আয়াৰলেণ্ডৰ হাতত টি–২০, ইংলেণ্ডৰ হাতত টি–২০ আৰু এদিনীয়া শৃংখলাত পৰাস্ত হোৱাৰ পিছত সমালোচনাৰ সন্মুখীন হোৱা ভাৰতীয় দলটোৱে আজিৰ পৰা জিম্বাব’ৱেৰ বিপক্ষে আৰম্ভ হ’বলগীয়া টি–২০ শৃংখলাটোক অধিক গুৰুত্বসহকাৰে লৈছে৷ এই শৃংখলাটো কেৱল ভাৰতীয় দলটোৰ বাবেই নহয়, একাংশ ক্রিকেটাৰৰ ভৱিষ্যতৰ বাবেও অতি গুৰুত্বপূর্ণ৷ যদি তেওঁলোকে শৃংখলাটোত ধাৰাবাহিকভাৱে উন্নত প্রদর্শন কৰিব নোৱাৰে তেন্তে তিনিগৰাকী ক্রিকেটাৰৰ ভাৰতীয় দলত স্থানক লৈ ডাঙৰ প্রশ্ণ উত্থাপন হ’ব পাৰে৷
শৃংখলাটোত শিৱম ডুবে, ৰিংকু সিং আৰু ৰবি বিষ্ণইৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব৷ যদি এই তিনিগৰাকী ক্রিকেটাৰে শৃংখলাটোত উন্নত প্রদর্শন কৰিব নোৱাৰে তেন্তে নির্বাচক মণ্ডলীয়ে বিকল্প চিন্তা কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ আয়াৰলেণ্ড আৰু ইংলেণ্ডৰে খেলা টি–২০ শৃংখলাৰ লগতে এদিনীয়া শৃংখলাটোতো শিৱম ডুবেৰ প্রদর্শন আছিল হতাশজনক৷ ইপিনে, ৰিংকু সিঙে আয়াৰলেণ্ড আৰু ইংলেণ্ডৰে খেলা টি–২০ শৃংখলা দুটাত খেলাৰ সুযোগ নাপালেও ভাৰতৰ হৈ খেলা অন্তিম পাঁচখন টি–২০ত মাত্র ২৪ ৰানহে কৰিছিল৷ গতিকে জিম্বাব’ৱে ভ্রমণত ডাঙৰ ইনিংছ খেলিব নোৱাৰিলে ভৱিষ্যৎ কঠিন হৈ পৰিব ক্রিকেটাৰগৰাকীৰ৷
আনহাতে, ইংলেণ্ডৰে খেলা টি–২০ শৃংখলাৰ দুখন মেচত এটাও উইকেট দখল কৰিব পৰা নাছিল ৰবি বিষ্ণয়ে৷ গতিকে জিম্বাব’ৱে ভ্রমণত বিষ্ণয়ে উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷ আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিপক্ষে শোচনীয় পৰাস্ত হোৱাৰ পিছত আজিৰ পৰা আৰম্ভ হ’বলগীয়া টি–২০ শৃংখলাটো অধিনায়ক শ্রেয়াছ আয়াৰৰ বাবে গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷
খেলৰ সময় : বিয়লি ৪.৩০ বজা৷