বাংলাদেশৰ ৰাষ্ট্রপতি মহম্মদ চাহাবুদ্দিনৰ পদত্যাগ
ডিজিটেল ডেস্ক, ২৫ জুলাই : বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে আন এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। শেহতীয়াকৈ বিয়পি পৰিছিল পদত্যাগৰ জল্পনা–কল্পনা৷ অৱশেষত সেই খবৰকে সত্য প্রমাণিত কৰি শুকুৰবাৰে বাংলাদেশৰ ৰাষ্ট্রপতি পদ এৰিলে মহম্মদ চাহাবুদ্দিনে৷ ৰাষ্ট্রপতিৰ পদ শূন্য হোৱাৰ পিছত দেশখনৰ সংবিধান অনুসৰি নতুন ৰাষ্ট্রপতিয়ে দায়িত্ব গ্রহণ নকৰাপর্যন্ত অধ্যক্ষই সেই দায়িত্ব পালন কৰিব৷
জানিব পৰা মতে, যোৱা মে’ মাহত চাহাবুদ্দিনে লণ্ডন ভ্রমণলৈ গৈছিল৷ সেই সময়তে শ্বেখ হাছিনাৰ সৈতে টেলিফোনত তেওঁৰ কথা–বতৰা হয়৷ ধাৰণা কৰা হৈছে যে ইয়াৰ ফলতেই তেওঁ পদত্যাগ কৰিবলগীয়া হ’ল৷
বাংলাদেশৰ সংবিধান অনুসৰি ৰাষ্ট্রপতিয়ে অধ্যক্ষৰ ওচৰত পদত্যাগ–পত্র জমা দিব পাৰে৷ অহা ৯০ দিনৰ ভিতৰত জাতীয় সংসদে নতুন ৰাষ্ট্রপতি নির্বাচন কৰিব লাগিব৷ লণ্ডন ভ্রমণৰ সময়ত প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সৈতে ফোনত কথা পতাৰ বিষয়টো চোৰাংচোৱা সূত্রৰ পৰা পোহৰলৈ অহাত তেওঁক পদত্যাগ কৰাৰ বাবে প্রশাসনে বার্তা দিয়ে বুলি ধাৰণা কৰা হৈছে৷
উল্লেখ্য যে শুকুৰবাৰে স্বাস্থ্যজনিত কাৰণ দৰ্শাই বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে পদত্যাগ কৰে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ঘনিষ্ঠ সহযোগী চাহাবুদ্দিনে ২০২৩ চনৰ এপ্ৰিলৰ পৰা বাংলাদেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল।
বিএনপিৰ এগৰাকী নেতাৰ মতে অহা ডিচেম্বৰত শ্বেখ হাছিনা দেশখনলৈ উভতি আহিলে যাতে পৰিস্থিতিৰ অৱনতি নঘটে, তাৰ বাবে সতর্ক থাকিবলৈ এই ব্যৱস্থা গ্রহণ কৰিছে তাৰিক ৰহমান চৰকাৰে৷ হাছিনাৰ দিনত ৰাষ্ট্রপতি হোৱা চাহাবুদ্দিনৰ কার্যকাল ২০২৮ চনৰ এপ্রিললৈকে আছিল৷