আজি ২৬ জুলাই, শাওণ মাহৰ ৯ তাৰিখ
দেওবাৰ : তিথি–দ্বাদশী, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : নাই
মেষ : আজি আনে আপোনাৰ ক্ষতি কৰিবলৈ বিচাৰিব পাৰে, কিন্তু সফল নহ’ব৷ পৰিয়ালত কোনো সু–সংবাদে আনন্দ দিব৷ অযথা খৰচৰ পৰা বিৰত থাকিব৷ শিক্ষাত শুভ ফল লাভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷
বৃষ : আজি আপোনাৰ কর্মব্যস্ততা বাঢ়িব৷ সহকর্মীৰ সৈতে বিবাদ হ’ব পাৰে, কথা–বতৰাত ধ্যান ৰাখিব৷ শত্রুক লাই নিদিব৷ বিদ্যাত শুভ৷ দাম্পত্যত মধ্যম৷ আর্থিক দিশত লাভৱান হ’ব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷
মিথুন : আজি ধর্মীয় স্থান দর্শন কৰাৰ সুযোগ লাভ কৰিব৷ মানসিক অশান্তিয়ে মন ভাৰাক্রান্ত কৰি তুলিব পাৰে, ধৈর্য ধৰি থাকিব৷ আয়–ব্যয়ত মধ্যম ফল লাভ৷ দাম্পত্যত মধ্যম৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
কর্কট : আজি মনলৈ আহিলেও যিকোনো কাম নকৰিব৷ সন্তানৰ পৰা সুখ প্রাপ্তি হ’ব৷ দাম্পত্যত সুখ–শান্তি বর্তি থাকিব৷ সামাজিক দিশত পদোন্নতি লাভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৬৷
সিংহ : আজি যাতায়াতৰ ক্ষেত্রত সাৱধান হ’ব৷ বিবাহ প্রার্থীৰ বিবাহৰ যোগ৷ পেটৰ সমস্যাই দেখা দিব পাৰে৷ খোৱা–বোৱাত ধ্যান ৰাখিব৷ সামাজিক দিশত মধ্যম৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১৷
কন্যা : আজি ঘনিষ্ঠজনৰ আগমন হ’ব পাৰে৷ পৰিয়ালত শান্তিৰ পৰিৱেশ বিৰাজ কৰিব৷ আনক প্রয়োজনতকৈ বেছি বিশ্বাস নকৰিব৷ বিদ্যার্থীসকলে পঢ়া–শুনাত গুৰুত্ব দিলে আগুৱাই যোৱাৰ সুযোগ পাব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
তুলা : আজি কর্মত আনৰ পৰা সহযোগ লাভ কৰিব৷ খং নিয়ন্ত্রণ কৰিব৷ আজি উচ্চ ৰক্তচাপে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, স্বাস্থ্যৰ প্রতি সচেতন হ’ব৷ বিদ্যা–শিক্ষাত শুভ ফল লাভ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৫৷
বৃশ্চিক : আজি শিক্ষার্থীসকলে উচ্চ শিক্ষাৰ সুযোগ লাভ কৰিব৷ প্রেমৰ ক্ষেত্রত সমস্যাৰ সৃষ্টি হ’ব পাৰে, গতিকে বুজাবুজিৰ মাজেৰে সিদ্ধান্ত ল’ব৷ ব্যৱসায়ত সফলতা৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৯৷
ধনু : আজি দুষ্ট লোকৰ পৰা সাৱধান হ’ব৷ নিজৰ গোপন কথা আনৰ আগত ব্যক্ত নকৰিব৷ খৰচ কিছু বৃদ্ধি হ’ব পাৰে৷ যাকে–তাকে সংগ নিদিব৷ আর্থ–সামাজিক দিশত মধ্যম৷ শুভ ৰং ৰূপালী, শুভ সংখ্যা ২৷
মকৰ : আজি কোনো লোকে আপোনাক বদনাম দিবলৈ চেষ্টা কৰিব পাৰে৷ পুৰণি স্মৃতিয়ে আমনি কৰিব পাৰে৷ সন্তানক লৈ অযথা চিন্তা নকৰিব৷ সামাজিক দিশত উন্নতি হ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷
কুম্ভ : আজি আপোনাৰ ব্যৱসায়ত উন্নতি লাভ৷ যান–বাহন চলোৱাৰ ক্ষেত্রত সাৱধানতা অৱলম্বন কৰিব৷ আনৰ ওপৰত নির্ভৰ নকৰিব৷ ন্যায়িক কোনো সমস্যা নিষ্পত্তি হ’ব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
মীন : আজি দূৰ ভ্রমণ নকৰিব৷ স্বাস্থ্যৰ কিছু সমস্যাই দেখা দিব পাৰে৷ প্রেমত কাজিয়াৰ সৃষ্টি হোৱাৰ সম্ভাৱনা৷ যিকোনো সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰি ল’ব৷ খঙৰ ওপৰত নিয়ন্ত্রণ ৰাখিব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৭৷