এইবাৰ ভাৰতৰ মাটিত ঐতিহাসিক এছেজ শৃংখলা !
ডিজিটেল ডেস্ক, ২৬ জুলাই : ক্রিকেট অষ্ট্রেলিয়াই ভাৰতীয় ক্রিকেট বজাৰখন দখল কৰাৰ নতুন পৰিকল্পনা কৰিছে৷ ভাৰতত বিগ বেছ লীগৰ উদ্বোধনী মেচখন আয়োজন কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত অষ্ট্রেলিয়ান ক্রিকেট ব’র্ডে ভাৰতত ঐতিহাসিক এছেজ শৃংখলাৰ এখন বা ততোধিক টেষ্ট আয়োজন কৰাৰ চিন্তাচর্চা কৰিছে৷
ক্রিকেট অষ্ট্রেলিয়াৰ মুখ্য কার্যবাহী টড গ্রীনবার্গে সংবাদ প্রতিষ্ঠানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে আমি ভাৰতত এছেজ শৃংখলাৰ এখন বা দুখন টেষ্ট অনুষ্ঠিত কৰিব পৰা যাব নেকি, সেই বিষয়ে বিবেচনা কৰি আছোঁ৷ ব’ৰ্ডৰ পৰিচালকে অনুমোদন দিলে বিশদ পৰিকল্পনা কৰা হ’ব৷ এতিয়াও একো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই৷ কিন্তু ভৱিষ্যতৰ বাবে সকলো সম্ভাৱনা মুকলি কৰি ৰখা হৈছে৷ অর্থাৎ বিষয়টো এতিয়াও প্রাৰম্ভিক আলোচনাৰ পর্যায়ত আছে৷ ২০২৭ চনৰ আগতে ভাৰতত এছেজ শৃংখলাৰ টেষ্ট মেচ অনুষ্ঠিত হোৱাৰ কোনো সম্ভাৱনা নাই৷
গ্রীনবার্গৰ মতে ভাৰত–ইংলেণ্ড আৰু অষ্ট্রেলিয়াত টেষ্ট ক্রিকেট বর্তমান অতি শক্তিশালী অৱস্থাত আছে৷ গতিকে এই তিনিখন দেশৰ সহযোগত টেষ্ট ক্রিকেটক অধিক জনপ্রিয় কৰি তোলাৰ সুযোগ আছে৷ আমি বিচাৰোঁ টেষ্ট ক্রিকেটৰ প্রসাৰ আৰু সম্প্রসাৰণ৷ আটাইতকৈ ডাঙৰ প্রত্যাহ্বান হৈছে সময়৷ আমি ক্রিকেটৰ পৰিকল্পনা কৰিব বিচৰা ধৰণেৰে এমাহ বা দুমাহ অতিৰিক্ত থাকিলে ভাল হ’ব৷ টেষ্ট ক্রিকেটক জীয়াই ৰাখিবলৈ নতুন ধাৰণাৰ প্রয়োজন৷ নিৰপেক্ষ স্থানত এছেজৰ আয়োজন কৰিলে তিনিওখন দেশৰ বাবে আর্থিক লাভজনক হ’ব৷ ইয়াৰ উপৰি ৰেড বল ক্রিকেট সমগ্র বিশ্বতে অধিক দর্শকৰ কাষ চাপিব৷