নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’কৰোচ জনতা পার্টীৰ যাত্রাপথ…

ডিজিটেল ডেস্ক, ২৬ জুলাই : যেন অভিষেক মেচতেই চেঞ্চুৰী৷ জন্মৰ ৭১ দিনৰ ভিতৰতে প্রথম আন্দোলন ‘সফল’ কৰিলে পঁইতাচোৰাই৷ নীটৰ প্রশ্ণকাকত ফাদিল আৰু দেশৰ শিক্ষাখণ্ডৰ দুর্নীতিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি ক’কৰোচ জনতা পার্টী (চিজেপি)–এ উত্থাপন কৰা তিনিওটা দাবীয়েই মানি ল’লে কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে শনিবাৰে পদত্যাগ কৰাৰ লগতে প্রশ্নকাকত ফাদিলত হতাশাগ্রস্ত হৈ আত্মহনন কৰা শিক্ষার্থীসকলৰ পৰিয়ালক এক কোটি টকাকৈ অর্থসাহায্য আৰু আন্দোলনকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্রত্যাহাৰৰ বিষয়কেইটাই মান্যতা লাভ কৰিলে৷ কিন্তু জেন–জি আৰু মিলেনিয়ালসকলক লৈ জন্মৰ ৭১টা দিনত পঁইতাচোৰাসকলৰ এই যাত্রাৰ তাৎপর্য লক্ষণীয়৷

দেশজুৰি উত্তাল ছাত্র আন্দোলনৰ নেতৃত্ব দিয়া চিজেপিৰ যাত্রাপথ কেনেকুৱা আছিল? চিজেপিৰ জন্ম হৈছিল চলিত বর্ষৰ ১৬ মে’ত৷ ঠিক তাৰ এদিন পূর্বে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্তে কৰা এক মন্তব্যক কেন্দ্র কৰি দেশজুৰি বিতর্কৰ উদ্ভৱ হৈছিল৷ এটা গোচৰৰ প্রসংগত নিবনুৱাসকলক পঁইতাচোৰা আৰু সমাজৰ পৰজীৱী আখ্যা দি তেওঁ সমালোচনা কৰিছিল৷ কার্যতঃ তাৰেই ‘ফচল’ সামাজিক মাধ্যমত পঁইতাচোৰাসকলৰ উপস্থিতি৷ পঁইতাচোৰাৰ একাউণ্টৰ পৰা প্রথমতে ব্যংগাত্মক পোষ্ট কৰা হয়৷ প্রায় সকলোৱেই জেন–জি৷ তেওঁলোকৰ একাউণ্টত ফল’ৱাৰ ক্রমশঃ বাঢ়ি গৈ থাকে৷ পিছত মুখ্য ন্যায়াধীশ সূর্য কান্তে দাবী কৰে যে তেওঁৰ মন্তব্যৰ অপব্যাখ্যা কৰা হৈছে৷

পিছে পঁইতাচোৰাসকলে ইতিমধ্যে সামাজিক মাধ্যমৰ পৰা ওলাই আহি ৰাজপথত নামি পৰিছিল৷ নীটৰ প্রশ্ণকাকত ফাদিলৰ বিৰুদ্ধে শিক্ষার্থীসকলৰ কাষত থিয় হৈ তেওঁলোকে আন প্রতিবাদৰ আহ্বান জনায়৷ তাৰ পিছত বাকীখিনি ইতিহাস৷ ৰাজধানীৰ বুকুত পঁইতাচোৰাৰ প্রথমটো আন্দোলন যুদ্ধত জয়ী হ’ল৷ ৰাজপথত নমাৰ ৩৬ দিনত এই সাফল্য লাভ কৰে৷ চিজেপিৰ প্রতিষ্ঠাপক হৈছে অভিজিৎ দীপকে৷ তেওঁ সাংবাদিকতাৰ ছাত্রৰ পৰা ৰাজনৈতিক যোগাযোগৰ কৌশলবিদ৷ বিদেশত জনসংযোগ বিষয়ত পঢ়া–শুনা কৰা এইজন যুৱকেই সামাজিক মাধ্যমত চিজেপিৰ নামত একাউণ্ট খুলিছিল৷

প্রথমতে শাসকীয় দল তথা বিভিন্ন সামাজিক বিষয়ক লৈ ব্যংগাত্মক পোষ্ট কৰা আৰম্ভ কৰে৷ অভাৱনীয়ভাৱে বাঢ়ি গৈ থাকে ফল’ৱাৰ৷ কিন্তু হঠাৎ ঢাক্কা৷ অভিজিৎ দীপকেৰ একাউণ্টৰ ফল’ৱাৰ যেতিয়া ৯০ হাজাৰ অতিক্রম কৰি গৈছিল, তেতিয়াই হঠাৎ আহে স্থগিতাদেশ৷ যোৱা ২১ জুনত কেন্দ্রীয় ইলেক্ট্র’নিকছ–তথ্য প্রযুক্তি মন্ত্রালয়ে তথ্য–প্রযুক্তি আইনৰ ৬৯ (এ) ধাৰাৰ অধীনত তেওঁৰ একাউণ্টটোৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে৷ চিজেপিৰ পোষ্টসমূহক প্রৰোচনামূলক আৰু যুৱপ্রজন্মক ভুল বার্তা প্রদানকাৰী আখ্যা দিয়া হয়৷ কিন্তু পঁইতাচোৰাৰ গতি যেন দুর্বাৰ৷ কিছু সময়ৰ পাছতেই সামাজিক মাধ্যমত আন এটা একাউণ্ট খোলা হয়৷ নাম ‘ককৰোচ ইজ বেক’ ৷ ইয়াৰ সমান্তৰালভাৱে কেন্দ্রৰ নিষেধাজ্ঞাক প্রত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় অভিজিৎ দীপকে৷ আদালতে ৭ জুলাইত পূর্বৰ একাউণ্টটো আনলক কৰাৰ নির্দেশ দিয়ে৷

ইয়াৰ মাজতে সর্বত্র চর্চিত হয় অভিজিৎ দীপকে৷ তেওঁ হ’ল ঔৰংগাবাদৰ বাসিন্দা৷ সম্প্রতি অধ্যয়নৰ সূত্রে আমেৰিকা নিৱাসী৷ ব’ষ্টন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র৷ একমাত্র নীট কাণ্ডৰ প্রতিবাদ কৰিবলৈয়ে যোৱা ৬ জুনত দেশলৈ উভতি আহিছিল৷

ৰাজধানীৰ ৰাজপথত পঁইতাচোৰা

নীটৰ প্রশ্ণকাকত ফাদিলৰ বিৰুদ্ধে সৰৱ হৈ পৰে চিজেপি৷ এই কেলেংকাৰিৰ তদন্তৰ সমান্তৰালভাৱে কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ পদত্যাগৰ দাবী তুলি চিজেপিয়ে জুনৰ প্রথমার্ধত প্রথম অফলাইন প্রতিবাদ আৰম্ভ কৰে৷ ইয়াৰ পিছত ২০ জুনৰ পৰা যন্তৰ মন্তৰত আৰম্ভ হয় বিক্ষোভ৷ নীট দুনিয়াৰ পৰা বাস্তৱৰ মাটিত নামি প্রথমতে ৰাজধানী দিল্লী আৰু তাৰ পাছত দেশজুৰি বিভিন্ন প্রতিবাদী কার্যসূচীৰ আহ্বান জনায় চিজেপিয়ে৷ জুনৰ শেষৰ ভাগত চিজেপিৰ নেতা-সমর্থকসকলে দিল্লীত দ্বিতীয় বিক্ষোভ সমাৱেশৰ আহ্বান জনায়৷

এইবাৰ কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ পদত্যাগৰ দাবীত তেওঁলোক অটল হৈ পৰে৷ আন্দোলনকাৰীসকলৰ সৈতে যোগ দিবলৈ লাডাখৰ পৰা দিল্লীলৈ আহে বিশিষ্ট সমাজকর্মী সোণম ৱাংচুক৷ কিন্তু চৰকাৰৰ তৰফৰ পৰা প্রথমতে আলোচনাত বহাৰ কোনো প্রস্তাৱ নাহিল৷ বৰং কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আন্দোলনকাৰীসকলক সন্ত্রাসবাদীৰ বি টীম আখ্যা দিয়ে৷ যোৱা ২০ জুলাইত পঁইতাচোৰাই সংসদ অভিযানৰ আহ্বান জনায়৷ কিন্তু দিল্লী আৰক্ষীয়ে ইয়াৰ অনুমতি নিদিলে৷ প্রতিবাদকাৰীসকলে আগুৱাই যাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে লাঠীচালনাৰ সমান্তৰালভাৱে কন্দুৱা গেছ নিক্ষেপ কৰে৷ এটা সময়ত পৰিস্থিতিয়ে সংঘর্ষময় ৰূপ লয়৷ প্রতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘর্ষত দুয়োপক্ষৰেই আহত হয় বহুজন৷

পঁইতাচোৰাৰ জয়

যোৱা সোমবাৰে কেন্দ্রীয় চৰকাৰে প্রথমবাৰ আন্দোলনকাৰীসকলক আলোচনাৰ প্রস্তাৱ দিছিল৷ কিন্তু মাত্র ১০ মিনিটৰ সংক্ষিপ্ত আলোচনাত তিনিওটা দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰিলেও কোনোধৰণৰ প্রতিশ্রুতি লাভ নকৰিলে বুলি চিজেপিৰ তৰফৰ পৰা সদৰী কৰা হয়৷ ইয়াৰ পিছত শুকুৰবাৰে কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা–জিতেন্দ্র সিঙৰ সৈতে দ্বিতীয়খন বৈঠকত বহে চিজেপিৰ প্রতিনিধি৷ তাৰ পূর্বে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এক ভিডিঅ’ বার্তাৰ জৰিয়তে নীটৰ প্রশ্ণকাকত ফাদিলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণৰ আশ্বাস দিয়ে৷ এই বৈঠকৰ পিছতে কেন্দ্রীয় কেবিনেটে অনুমোদন জনায় ৰাজহুৱা পৰীক্ষা (অসৎ উপায় প্রতিৰোধ) আইন–২০২৪ সংশোধনী বিধেয়কত৷ য’ত প্রশ্ণকাকত ফাদিলত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা ৰখা হৈছিল৷

কিন্তু চিজেপি তথা আন্দোলনকাৰীসকলে কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ পদত্যাগ অবিহনে আন্দোলন কোনো কাৰণতে বন্ধ নহয় বুলি স্পষ্ট কৰি দিয়ে৷ শনিবাৰে কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে পদত্যাগ কৰে৷ ইয়াৰ পিছত পূর্বনির্ধাৰিত ধৰণে কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা–জিতেন্দ্র সিং আৰু চিজেপিৰ মাজত তৃতীয়লানি বৈঠক অনুষ্ঠিত হয়৷ বৈঠকৰ অন্তত এক যুটীয়া সংবাদ মেলত চিজেপিৰ প্রতিনিধিয়ে তেওঁলোকৰ আন দুটা দাবী মানি লোৱাৰ ক্ষেত্রত চৰকাৰে সহমত প্রকাশ কৰা বুলি জানিবলৈ দিয়ে৷

You might also like