নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাঞ্চল্যকৰ হত্যা : সুৰাপায়ী জোঁৱায়েকৰ হাতত শহুৰৰ প্ৰাণহানি

বৰপেটাৰোডৰ সমীপৱৰ্তী বিলাসীপাৰা পথাৰত সংঘটিত হোৱা এক চাঞ্চল্যকৰ হত্যাকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, সুৰাৰ নিচাত থকা এজন জোঁৱায়েকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নিজ শহুৰেকক হত্যা কৰে।

মৃত ব্যক্তিজনৰ নাম কাছেম আলী, আনহাতে অভিযুক্ত জোঁৱায়েকৰ নাম জহৰ আলী (৪৫) বুলি জানিব পৰা গৈছে।

পৰিয়াল আৰু স্থানীয় লোকে জনোৱা অনুসৰি, আজি পুৱতিনিশা প্ৰায় ১:৩০ বজাত জহৰ আলীয়ে সুৰাপান কৰি শহুৰৰ ঘৰলৈ আহি অশান্তিৰ সৃষ্টি কৰে। সেই সময়ত শহুৰ কাছেম আলীয়ে বাধা দিয়াত অভিযুক্তই ক্ষুব্ধ হৈ চোকা অস্ত্ৰৰে একাধিকবাৰ আঘাত কৰি তেওঁক হত্যা কৰে।

ঘটনাৰ পিছতে অভিযুক্তই পলায়নৰ চেষ্টা কৰে। কিন্তু পৰিয়ালৰ লোকৰ চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজে তৎপৰতাৰে জহৰ আলীক আটক কৰি বৰপেটাৰোড আৰক্ষীক খবৰ দিয়ে।

খবৰ পাই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে অভিযুক্ত জহৰ আলীক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়।

ইতিমধ্যে ঘটনাস্থলীত এটা ফৰেনছিক বিশেষজ্ঞৰ দল উপস্থিত হৈ বৈজ্ঞানিক তদন্ত আৰম্ভ কৰিছে। যদিও পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে, তথাপিও ঘটনাৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।

ইফালে, পৰিয়ালৰ সদস্য আৰু স্থানীয় ৰাইজে এই নৃশংস হত্যাকাণ্ডত জড়িত অভিযুক্তৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে।

ডিজিটেল ডেস্ক, ২৭ জুলাই

You might also like