নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমনৱেলথ গেমছৰ পদক তালিকাত অষ্টমত ভাৰত

২০২৬ চনৰ কমনৱেল্থ গেমছত ভাৰতীয় ভাৰোত্তোলকসকলে উজ্জ্বল প্ৰদৰ্শন অব্যাহত ৰাখিছে। অলিম্পিক পদক বিজয়ী মীৰাবাই চানুই ভাৰতক প্ৰথমটো স্বৰ্ণ পদক উপহাৰ দিয়াৰ পিছতে ঋষিকান্ত সিং আৰু ৰাজা মুথুপাণ্ডীয়ে ঐতিহাসিক ৰূপৰ পদক জয় কৰি ভাৰতৰ সাফল্য আৰু অধিক সমৃদ্ধ কৰিছে। এতিয়ালৈকে প্ৰতিযোগিতাখনত ভাৰতৰ মুঠ ৪টা পদক লাভ হৈছে।

পদক তালিকাত ভাৰত বৰ্তমান অষ্টম স্থানত আছে। আনহাতে, ১৪টা স্বৰ্ণ, ৮টা ৰূপ আৰু ১১টা ব্ৰঞ্জসহ মুঠ ৩৩টা পদক জয় কৰি অষ্ট্ৰেলিয়াই শীৰ্ষস্থান দখল কৰি আছে।

মহিলাৰ ৪৮ কিলোগ্ৰাম শাখাত মীৰাবাই চানুৱে স্নেচত ৮৫ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১০৫ কিলোগ্ৰামসহ মুঠ ১৯০ কিলোগ্ৰাম ওজন উত্তোলন কৰি স্বৰ্ণ পদক জয় কৰে। এই প্ৰদৰ্শনৰ জৰিয়তে তেওঁ কমনৱেল্থ গেমছৰ কেইবাটাও অভিলেখ ভংগ কৰে। চলিত গেমছত এয়া ভাৰতৰ প্ৰথম স্বৰ্ণ পদক।

পুৰুষৰ ৬০ কিলোগ্ৰাম শাখাত মণিপুৰৰ ২৮ বছৰীয়া ঋষিকান্ত সিঙে আঁঠুৰ আঘাত সত্ত্বেও ৰূপৰ পদক লাভ কৰে। তেওঁ স্নেচত ১২১ কিলোগ্ৰাম ওজন উত্তোলন কৰি কমনৱেল্থ গেমছৰ অভিলেখ স্পৰ্শ কৰিছিল আৰু ক্লিন এণ্ড জাৰ্কৰ পূৰ্বে শীৰ্ষস্থানত আছিল।

কিন্তু ক্লিন এণ্ড জাৰ্কত তেওঁ ১৪৩ কিলোগ্ৰামহে উত্তোলন কৰিব পাৰিলে। অন্তিম দুটা প্ৰয়াস বিফল হোৱাত তেওঁৰ মুঠ ওজন ২৬৪ কিলোগ্ৰাম হয় আৰু তেওঁ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়।

মালয়েছিয়াৰ মোহাম্মদ আনিক কাচদানে ক্লিন এণ্ড জাৰ্কত ১৫২ কিলোগ্ৰাম উত্তোলন কৰি নতুন গেমছ ৰেকৰ্ড গঢ়ে আৰু মুঠ ২৭৩ কিলোগ্ৰাম ওজন উত্তোলন কৰি স্বৰ্ণ জয় কৰে। কেনিয়াৰ জশুৱা আমুঙ্গা এম্বোয়ায়ে ২৬০ কিলোগ্ৰামসহ ব্ৰঞ্জ পদক লাভ কৰে।

পুৰুষৰ ৬৫ কিলোগ্ৰাম শাখাত অভিষেকতে স্মৰণীয় সাফল্য লাভ কৰে ৰাজা মুথুপাণ্ডীয়ে। তেওঁ স্নেচত ১২৬ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১৬০ কিলোগ্ৰাম উত্তোলন কৰি মুঠ ২৮৬ কিলোগ্ৰাম ওজনৰে ৰূপৰ পদক জয় কৰে।

মালয়েছিয়াৰ মুহাম্মদ আজনিল বিন বিদিনে নতুন কমনৱেল্থ গেমছৰ অভিলেখ স্থাপন কৰি মুঠ ২৯৯ কিলোগ্ৰাম ওজন উত্তোলন কৰি স্বৰ্ণ পদক লাভ কৰে। পাপুৱা নিউ গিনিৰ মোৰিয়া বাৰুয়ে ২৮২ কিলোগ্ৰাম ওজন উত্তোলন কৰি ব্ৰঞ্জ পদক লাভ কৰে।

ইয়াৰ পূৰ্বে, শুকুৰবাৰে পেৰা পাৱাৰলিফ্টাৰ ঝাণ্ডু কুমাৰে পুৰুষৰ হেভীৱেইট শাখাত ব্ৰঞ্জ পদক জয় কৰি চলিত কমনৱেল্থ গেমছত ভাৰতৰ পদক অভিযানৰ শুভাৰম্ভ কৰিছিল।

ডিজিটেল ডেস্ক, ২৭ জুলাই

You might also like