গ্লাছগো কমনৱেলথ গেমছত স্বর্ণ জয়েৰে ইতিহাস ৰচনা মীৰাবাঈ চানুৰ
ডিজিটেল ডেস্ক, ২৭ জুলাই : কমনৱেলথ গেমছত স্বর্ণ জয়ৰ হেটট্রিক অর্জন কৰি নজিৰ গঢ়িলে ভাৰতৰ তাৰকা মহিলা ভাৰোত্তোলক মীৰাবাঈ চানুৱে৷ গ্লাছগোত চলি থকা প্রতিযোগিতাখনৰ দেওবাৰে চতুর্থ দিনা অনুষ্ঠিত মহিলাৰ ভাৰোত্তোলনৰ ৪৮ কেজি শাখাত স্বর্ণ পদক জয় কৰাই নহয়, ৪টাকৈ অভিলেখো গঢ়ে মীৰাবাঈ চানুৱে৷
গ্লাছগো কমনৱেলথ গেমছৰ পূর্বে ২০১৮ চনৰ গ’ল্ড ক’ষ্ট আৰু ২০২২ চনৰ বার্মিংহাম কমনৱেলথ গেমছতো স্বর্ণ পদক জয় কৰিছিল মণিপুৰৰ তাৰকা ভাৰোত্তোলকগৰাকীয়ে৷ ইপিনে, কমনৱেলথ গেমছৰ ব্যক্তিগত শাখাত ক্রমাগত ৩বাৰ স্বর্ণ পদক জয় কৰা মীৰাবাঈ চানু হ’ল ভাৰতৰ তৃতীয়গৰাকী এথলীট৷ মীৰাবাঈৰ পূর্বে এই গৌৰৱ অর্জন কৰিছিল মল্লযুঁজাৰু সুশীল কুমাৰ (২০১০, ২০১৪ আৰু ২০১৮) আৰু ভিনেশ ফ’গাটে (২০১৪, ২০১৮ আৰু ২০২২)৷
দেওবাৰে আৰম্ভণিৰ পৰাই চমকপ্রদ প্রদর্শন দাঙি ধৰিছিল মীৰাবাঈ চানুৱে৷ অলিম্পিকত ৰূপৰ পদক জয়ী মীৰাবাঈয়ে স্নেটছ ইভেণ্টৰ দ্বিতীয়টো প্রচেষ্টাত ৮২ কেজি উত্তোলন কৰি ৪৮ কেজি শাখাত কমনৱেলথ গেমছত নতুন অভিলেখ গঢ়ে৷ ইপিনে, পৰৱর্তী প্রচেষ্টাত ৮৫ কেজি উত্তোলন কৰি নিজৰেই অভিলেখ ভংগ কৰে৷
ইপিনে, ক্লীন এণ্ড জার্ক ইভেণ্টৰ প্রথমটো প্রচেষ্টাত ১০৫ কেজি উত্তোলন কৰাত ব্যর্থ হয় যদিও পৰৱর্তী প্রচেষ্টাত সফল উত্তোলন কৰে৷ এয়াও কমনৱেলথ গেমছত অভিলেখ৷ চানুৱে সর্বমুঠ ১৯০ কেজি উত্তোলন কৰি আন এক অভিলেখ ৰচে৷ মুঠতে ৪টাকৈ অভিলেখ গঢ়ে চানুৱে৷
ইপিনে, মীৰাবাঈ চানুৰ পূর্বে দেওবাৰে দেশলৈ প্রথমটো ৰূপৰ পদক কঢ়িয়াই আনিছিল মণিপুৰৰে উদীয়মান ভাৰোত্তোলক ঋষিকান্ত সিং চনমবামে৷ পুৰুষৰ ৬০ কেজিত মুঠ ২৬৪ কেজি উত্তোলন কৰি দ্বিতীয় স্থান দখল কৰি ৰূপৰ পদক জয় কৰে৷ স্নেটছত ১৩১ কেজি উত্তোলন কৰি কমনৱেলথ গেমছত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হোৱা ঋষিকান্তে ক্লীন এণ্ড জার্কত ১৪৩ কেজি উত্তোলন কৰি ৰূপৰ পদক লাভ কৰাতো নিশ্চিত কৰে৷
আনহাতে, শ্রীহৰি নটৰাজ, আৰিয়ান নেহৰা, অনিশ গৌড়া আৰু ধাকচান শশীকুমাৰৰ দ্বাৰা গঠিত ভাৰতীয় পুৰুষ দলটোৱে পুৰুষৰ ৪×২০০ মিটাৰ ফ্রীষ্টাইল ৰীলেৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ ৭ মিনিট ৩৯.৪৮ ছেকেণ্ডৰে হিট ২ত তৃতীয় স্থান অধিকাৰ কৰি ভাৰতীয় দলটোৱে ফাইনেলত প্রৱেশ কৰে৷
ইপিনে, ল’নবলৰ মহিলাৰ পিয়ের্ছত পৰাস্ত হয় ভাৰতৰ ৰূপাৰাণী তির্কী আৰু পিংকী সিঙৰ যুটি৷ দেওবাৰে নামিবিয়াৰ বিপক্ষে খেলা মেচখনত ভাৰতীয় যুটিটো টাইব্রেকাৰত পৰাজিত হয়৷ ইভেণ্টটোত ভাৰতীয় যুটিটোৰ এয়া আছিল প্রথম পৰাজয়৷ আনহাতে, জিমনাষ্টিকৰ ভ’ল্ট ইভেণ্টৰ ফাইনেলত প্রৱেশ কৰিছে ভাৰতৰ প্রতিভা সমন্তাই৷ সপ্তম স্থান দখল কৰি ফাইনেলৰ টিকট নিশ্চিত কৰে সমন্তাই৷