গ্লাছগো কমনৱেলথ গেমছত পদক নিশ্চিত লাভলীনা বৰগোহাঁইৰ
ডিজিটেল ডেস্ক, ২৩ জুলাই : গ্লাছগো কমনৱেলথ গেমছৰ আনুষ্ঠানিক মুকলি অনুষ্ঠানৰ পূৰ্বেই ভাৰতলৈ আহিল প্ৰথমটো পদক। অসম-কন্যা লাভলীনা বৰগোহাঁয়ে ভাৰতৰ হৈ গ্লাছগ’ কমনৱেলথ গেমছত প্ৰথমটো পদক নিশ্চিত কৰিলে। অলিম্পিক পদক বিজয়ী তথা অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁয়ে বক্সিং ৰিঙত নমাৰ পূৰ্বেই পদক নিশ্চিত কৰিছে। ৭৫ কেজি ওজনৰ বিভাগত পোনে পোনে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে অসম জীয়ৰীগৰাকীৰ ব্ৰঞ্জৰ পদক নিশ্চিত হৈ পৰে।
উল্লেখ্য যে গ্লাছগো কমনৱেলথ গেমছৰ বক্সিং প্ৰতিযোগিতাত মুঠ ৫গৰাকী প্ৰতিযোগীয়ে অৱতীৰ্ণ হোৱাত ড্ৰৰ নিয়ম অনুসৰি লাভলীনাক প্ৰথম ৰাউণ্ডত বাই দিয়া হয়। ইয়াৰ ফলত লাভলীনাই কোৱাৰ্টাৰ ফাইনেল খেলিবলগীয়া নহ’ল। ফলত তেওঁ পোনপটীয়াকৈ শেষ চাৰি অৰ্থাৎ ছেমি ফাইনেলত প্ৰৱেশ কৰে। নিয়ম অনুসৰি, কমনৱেলথ গেমছৰ বক্সিঙত ছেমি ফাইনেলত পৰাজিত হোৱা উভয় বক্সাৰকে ব্ৰঞ্জৰ পদক প্ৰদান কৰা হয়। গতিকে ৰিঙত নামাৰ পূৰ্বেই লাভলীনাৰ এই পদক নিশ্চিত হয়। অহা ৩১ জুলাইত অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেলত লাভলীনাৰ মুখামুখি হ’ব তুভালুৰ প্ৰতিযোগী টুভালাৰ তাৰোনা তাফাকী। এই মেচখনত জয়ী হ’ব পাৰিলেই স্বৰ্ণ পদকৰ যুঁজত অৱতীৰ্ণ হ’ব ভাৰতীয় তাৰকা বক্সাৰগৰাকী।
প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বেই লাভলীনাৰ এই সাফল্যই ভাৰতীয় ক্ৰীড়া দলটোৰ মনোবল বহু পৰিমাণে বৃদ্ধি কৰিছে। উল্লেখ্য যে বিগত বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতে ২২টা সোণৰ পদকসহ মুঠ ৬১টা পদক জিকি চতুৰ্থ স্থান দখল কৰিছিল। এইবাৰ ১২৬গৰাকী এথলীটেৰে গঠিত ভাৰতীয় দলটোৱে গ্লাছগো কমনৱেলথ গেমছত অংশ লৈছে। এই দলটোত অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰা, মীৰাবাই চানু, লাভলীনা বৰগোহাঁই, মুৰলী শ্ৰীশংকৰ, অনিমেষ কুজুৰ, তেজস্বীন শংকৰ আদিৰ দৰে তাৰকা ক্ৰীড়াবিদ আছে।