সুকন্যা : পৃথিৱীৰ বুকুতেই আছে সকলো বেমাৰৰ ঔষধ
ধীৰেন শইকীয়া
অৰুণাচল প্রদেশৰ মহিলা য়ানুং জামোহ লেগোৰ নাম নুশুনা মানুহ এতিয়া নাই৷ সামাজিক মাধ্যমতো সমানেই সৰৱ তেওঁ৷ বহু সংবাদ মাধ্যমৰো তেওঁ আলোচনাৰ মধ্যমণি৷ ২০২৪ চনৰ পদ্মশ্রীপ্রাপক এইগৰাকী নাৰী সম্প্রতি অৰুণাচল প্রদেশৰে গৌৰৱ নহয়, সমগ্র ভাৰতবর্ষৰ বাবে এক গৌৰৱ হৈ পৰিছে৷ তেওঁৰ সাধনা, ত্যাগ, মানৱতা আৰু প্রকৃতিৰ প্রতি থকা গভীৰ আস্থা তথা উপযোগিতাই যুগে যুগে মানুহক অনুপ্রাণিত কৰি থাকিব৷ সৰুৰে পৰা প্রকৃতিৰ মাজত ডাঙৰ–দীঘল হোৱা লেগোৱে বনাঞ্চলক, বিদ্যালয় আৰু গছ–গছনিক শিক্ষক হিচাপে গ্রহণ কৰিছিল৷ তেওঁৰ পিতৃ আছিল এজন জনপ্রিয় লোক–চিকিৎসক৷ পিতৃৰ কাষত বহি তেওঁ শিকিছিল কি গছৰ পাতে জ্বৰ কমায়, কি গছৰ শিপাহ বিষ নাশ কৰে, কি লতাই শৰীৰৰ ভিতৰত নতুন শক্তিৰ সঞ্চাৰ কৰে৷ কি গছৰ পাতে লিভাৰৰ সমস্যাবোৰ ঠিক কৰে৷ পিতৃপ্রদত্ত এইবোৰ শিক্ষাই পৰৱর্তী সময়ত তেওঁৰ জীৱনৰ গতিয়েই সলাই দিলে৷ তেওঁ বিশ্বাস কৰে– লোক–চিকিৎসাৰ জ্ঞান কেৱল কিতাপৰ পৃষ্ঠাত লিখা নাথাকে ই থাকে অভিজ্ঞতাৰ মাজত, পর্যবেক্ষণৰ মাজত আৰু প্রজন্মৰ পৰা প্রজন্মলৈ প্রৱাহিত হোৱা এক মৌখিক পৰম্পৰাৰ মাজত৷ য়ানুং জামোহ লেগোৱে এই ঐতিহ্যমণ্ডিত পৰম্পৰাক কেৱল সংৰক্ষণেই কৰা নাই, তেওঁ ইয়াক নতুন প্রজন্মৰ আগত সন্মান তথা প্রমাণসহকাৰে প্রতিষ্ঠা কৰিছে৷ চিকিৎসাৰ ক্ষেত্রত তেওঁৰ যাত্রা আৰম্ভ হৈছিল গাঁওবাসীৰ সাধাৰণ অসুখ–বিসুখৰ চিকিৎসাৰ মাজেৰে৷ তেওঁ গাঁৱৰ মানুহৰ বেমাৰ–আজাৰত দুই–এটা দিহা দিয়াত উপশম হৈছিল৷ বহুতেই ভাল পাইছিল, সেয়াই আৰম্ভণি যাত্রা৷ পৰৱৰ্তী সময়ত সেই বিষয়ত পঢ়া–শুনা কৰাত আৰু অধিক জ্ঞান বাঢ়িছিল৷ কৃষিবিজ্ঞান অধ্যয়ন কৰাত আৰু অধিক বাস্তৱসন্মত হৈ আত্মবিশ্বাস গঢ়ি উঠিছিল৷ ভাৰতৰ বহুকেইখন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰেও পৃথিৱীৰ বিভিন্ন দেশৰ (কানাডা, আমেৰিকা, দক্ষিণ কোৰিয়া আদি) পৰাও তেওঁলৈ বিভিন্ন ৰোগী আহি চিকিৎসা গ্রহণ কৰি আৰোগ্য হৈছে৷ হাবি–জংঘলৰ পৰা পৰিকল্পিতভাৱে সংগ্রহ কৰা বনৌষধিৰ দ্বাৰা চিকিৎসা কৰি তেওঁ হাজাৰ হাজাৰ লোকক নার্ভৰ সমস্যা, পাত্থৰৰ সমস্যা, থাইৰয়ডৰ সমস্যা, মধুমেহ, কর্কট, উচ্চ ৰক্তচাপৰ দৰে ৰোগো তেওঁ আৰোগ্য কৰি চমকপ্রদ হৈ পৰিছে৷ বিশেষকৈ কেইবাপ্রকাৰৰ কর্কট ৰোগো তেওঁৰ চিকিৎসাই হেনো আৰোগ্য কৰিছে৷ এক প্রতিবেদনত প্রকাশ যে তেওঁ দহ হাজাৰ চতুর্থ ষ্টেজপ্রাপ্ত কর্কট ৰোগীকো আৰোগ্য কৰিছে৷
পার্শ্বক্রিয়াহীন এই চিকিৎসাই তেওঁক এগৰাকী দেৱীৰ শাৰীলৈ উত্তৰণ ঘটাইছে৷ উত্তৰ–পূবৰ বিভিন্ন ঠাইৰ পৰা হার্বেল ঔষধবোৰ মূল্যৰ বিনিময়ত কিনি লৈহে লেগো বাইদেৱে এইবোৰ ঔষধ সংগ্রহ কৰি আহিছে৷ ইমানেই ব্যস্ত যে তেওঁ দিনটো মাত্র তিনি–চাৰি ঘণ্টামানহে শুবলৈ পায়৷ বাকীখিনি সময় ৰোগী চোৱা, ঔষধ বনোৱা, সংবাদ মাধ্যমৰ আগত সাক্ষ্য দিয়া, ভিডিঅ’ বনোৱা আদি কৰোঁতেই সময় পাৰ হৈ যায়৷ অসমকণ্ঠ জুবিন গার্গৰ অনুগামী এইগৰাকী মহীয়সী ৰমণীয়ে গছ–গছনিক বহুত ভাল পায়৷ বিশেষকৈ জুবিনৰ অতি মৰমৰ ‘নাহৰ’ পুলি ৰোপণৰ লগতো তেওঁ জড়িত৷ ব্যস্ততাৰ বাবে প্রায়ে ফোনৰ পৰাও আঁতৰি থকা বাইদেৱে পুৱা উঠেও খুব সোনকালেই৷ এই অৱস্থাত ফোনত নাপালে দিনটোলৈ তেওঁক ফোনত পোৱা অসুবিধা৷ অৰুণাচল প্রদেশৰ ‘আদি জনজাতিৰ বনৌষধিৰ ৰাণী’(Adi Queen of Herbs) বুলি সততে তেওঁক জনা যায়৷ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০২৪ চনত ভাৰত চৰকাৰে সন্মানীয় পদ্মশ্রী সন্মানেৰে সন্মানিত কৰিছিল৷ তেওঁ অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University)ৰ পৰা কৃষি বিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল৷ বনৌষধিৰ চিকিৎসা প্রদান কৰাৰ লগতে তেওঁ অৰুণাচল প্রদেশ চৰকাৰৰ কৃষি বিভাগৰ উপ–সঞ্চালক হিচাপে সেৱা আগবঢ়াই অৱসৰ গ্রহণ কৰে৷ ১৯৮৮ চনৰ পৰা ২০২৩ চনলৈ অৰুণাচল প্রদেশৰ কৃষি বিভাগত কৃষি পৰিদর্শক, কৃষি বিভাগৰ উপ–সঞ্চালক আদি বিভিন্ন পদত থাকি অৱসৰ লাভ কৰিছিল৷
তেওঁ ১৯৯৫ চনৰ পৰা হাজাৰ হাজাৰ লোকক ডায়েবেটিছ, কেঞ্চাৰ, থাইৰয়ড, লিভাৰৰ সমস্যা, উচ্চ ৰক্তচাপৰ দৰে গুৰুতৰ ৰোগৰ বাবে পৰম্পৰাগত বনৌষধিৰে চিকিৎসা প্রদান কৰি আহিছে৷ আমি জনা মতে, ২০০৯ চনত তেওঁ Indigenous Herbal Heritage নামৰ এটা প্রতিষ্ঠান আৰম্ভ কৰে, যিয়ে ঔষধি গছ–গছনি সংৰক্ষণ আৰু ইয়াৰ বিষয়ে সজাগতা সৃষ্টি কৰাত অহোপুৰুষার্থ কৰি আহিছে৷ তেওঁৰ পিতৃ অৰুণাচল প্রদেশৰ এজন প্রখ্যাত লোক–চিকিৎসক আছিল৷ ১৯৬৩ চনৰ ৯ জুলাইত জন্মগ্রহণ কৰিছিল পূব চিয়াং জিলাৰ ছিকা টোডকে গাঁৱত৷ তেওঁ পিতৃৰ লগত পোন্ধৰ বছৰমান হার্বেল মেডিচিন বিষয়ত ব্যস্ত থাকি পৰৱর্তীকালত কৃষি স্নাতকোত্তৰ অধ্যয়ন কৰি উচ্চ সেৱাত নিযুক্ত হৈ বর্তমান পাছিঘাটতে জনসাধাৰণৰ সেৱাকার্য চলাহ আহিছে৷ তেওঁ সাক্ষাৎকাৰ এটিত প্রকাশ কৰা মতে, লেগোৱে ১৯৮১ চনত পিতৃৰ পৰা অনুপ্রাণিত হৈ বনৌষধি চিকিৎসাৰ কাম আৰম্ভ কৰে৷ ১৯৯৫ চনত তেওঁ নিজাকৈ চিকিৎসা কেন্দ্র বা ক্লিনিক খুলি ডেংগু, হাঁপানী আৰু স্ত্রীৰোগ ৰোগৰ পৰা আৰম্ভ কৰি কেঞ্চাৰ, মৃগী আৰু কুষ্ঠ ৰোগৰ চিকিৎসা আৰম্ভ কৰি জনপ্রিয় হৈছিল৷ তেওঁ প্রায় বত্রিশ বছৰৰ ভিতৰত ৩ লাখতকৈ অধিক ৰোগীৰ চিকিৎসা কৰা বুলি কোৱা হয়৷ তেওঁ লাভ কৰা সন্মানসমূহ হ’ল– সৃষ্টি সন্মান, পাৰম্পৰিক বৈদ্যৰত্ন, অৰুণাচল প্রদেশ ৰাজ্যিক বঁটাৰ লগতে ২০০৪ চনত পদ্মশ্রী সন্মানো লাভ কৰিছে৷ ৰোগীৰ চাহিদালৈ চাই তেওঁ পাছিঘাটতে প্রতি সপ্তাহৰ শনিবাৰ আৰু মঙলবাৰে ৰোগী চায়৷ পৰম্পৰাগত আয়ুর্বেদিক ঔষধ দিয়া লেগোৱে ২০০৯ চনৰ পৰাই ৰোগীৰ বাবে এনেদৰে ঔষধ যোগান ধৰি আহিছে ingenious herbal heritage নামৰ সংগঠনটোৰ জৰিয়তে৷ তেওঁ কয়, প্রকৃতিৰ বুকুতেই আছে সকলো ঔষধীয় বিধান৷ কেৱল আমাৰ অজ্ঞতা আৰু ধৈর্যহীনতাৰ বাবে আমি বিদেশী ঔষধত মনোনিৱেশ কৰিছোঁ৷ ৩২ বছৰ ধৰি তেওঁৰ এই মহানুভৱী সেৱাত জড়িত হৈ আছে৷ তেওঁ এবাৰ কৈছিল– “my mission is to serve humanity through nature’s gift”.
তেওঁ কয়, ‘কিচেন গার্ডেন’ৰ মেডিচিনৰ গুৰুত্ব মানুহে আজিও উপলব্ধি নকৰা আৰু জধে–মধে খাদ্য খোৱাৰ বাবেই নিজৰ বেমাৰ নিজে মাতিছে৷ জাংক ফুড তথা উল্টা–পুল্টা সময়ত খোৱাৰ প্রৱণতাই আমাক আজি ৰুগীয়া কৰিছে৷ যিমানেই আধুনিক হৈ খোৱাৰ অভিৰুচি সলাইছো সিমানেই বেমাৰী হৈছোঁ আমি৷ নিশাৰ খাদ্য আঠ বজাৰ পিছত খাবই নালাগে৷ পুৱা ৯–১০ বজাৰ ভাতসাঁজ অতি দৰকাৰী বা স্বাস্থ্যসন্মত৷ নিশাৰ আহাৰ দেঢ়িকৈ খাই নিজৰ বেমাৰ আমি নিজেই মাতিছো৷ বাৰীৰ বতৰৰ ফল–মূলেই আমাক বহু ৰোগ নির্মূল কৰিব পাৰে৷ খাব লাগে কম কমকৈ কেইবাবাৰো৷ আমাৰ বেছিভাগ লোকেই খালী পেটেৰে দুপৰীয়ালৈ থাকি দুপৰীয়া পেট ভৰাই মাছ–মাংসৰে ভাত খায়৷ বহুতেই ভাতৰ লগে লগে পানীও খায়৷ ইও অপকাৰী৷ কুহুমীয়া গৰম পানী দিনটো কেইবাবাৰো খাই থাকিব লাগে৷ পেষ্টুৰাইজেচন কৰা গাখীৰেৰে বনোৱা চেনি দিয়া চাহ পেটৰ বাবে অতিশয় অপকাৰী৷ প্লাষ্টিকৰ বাচন স্বাস্থ্যসন্মত নহয়৷ প্রেছাৰ কুকাৰত ৰন্ধা খাদ্যই আমাৰ বহু ৰোগৰ কাৰণ হৈ থিয় দিছে৷ তদুপৰি ৰাতিৰ সাঁজো দহ বজাৰ পিছত খোৱাটো বহু পৰিয়ালৰ নিয়ম৷ পিছে সাত বজাৰ পিছত খাদ্য খোৱা অনুচিত৷ পুৱা সোনকালে টোপনিৰ পৰা উঠি খোজ নকঢ়া, ব্যায়াম নকৰা শৰীৰ দুর্বল হ’বই৷ আমাৰ পৰম্পৰাগত খাদ্যত বহুত ৰোগ প্রতিৰোধক আছিল৷ পিছে আমি পশ্চিমীয়া খাদ্যতহে অভ্যস্ত হ’লোঁ৷ মাছ–মাংসও আজিকালি ভেজাল হ’ল৷ শাক–পাচলিতো ৰাসায়নিক সাৰ দি উৎপাদন বেছি কৰাত লাগিল৷ বেমাৰ বাঢ়িল সেয়ে৷’
ফোনঃ ৯১০১৯–১১২৯৪