ভয়াৱহ ভূমিকম্পত সলনি হৈ পৰিল বিশ্বৰ মানচিত্ৰ…
ডিজিটেল ডেস্ক, ২৮ জুলাই : যোৱা মাহত ভেনিজুৱেলাত অতি কম সময়ৰ ভিতৰতে হোৱা দুটা ধ্বংসাত্মক ভূঁইকঁপৰ জোকাৰণিয়ে কেৱল সেই ৰাষ্ট্রখনতে নহয়, বিশ্বৰ মানচিত্রতো ব্যাপক পৰিৱর্তন ঘটাইছে৷ ভূঁইকঁপৰ ফলত হাজাৰ হাজাৰ মানুহৰ মৃত্যু ঘটাৰ লগতে অনেক সা–সম্পত্তিৰো হানি হৈছিল৷
এই ভূঁইকঁপে সৃষ্টি কৰা বিপর্যয়ৰ ফলত সলনি হৈ পৰিছে পৃথিৱীৰ ভূ–পৃষ্ঠৰ অৱস্থানো৷ ইছৰো আৰু নাছাৰ যুটীয়া মিছন সন্দর্ভত ‘নিছাৰে’ প্রকাশ কৰা ‘আশ্চর্যজনক’ একাধিক ছবি আৰু তথ্য দেখি বিস্মিত হৈ পৰিছে বিজ্ঞানীসকল৷ জুন মাহত এটাৰ পিছত এটাকৈ হোৱা দুটা বিধ্বংসী ভূঁইকঁপে ৰাজধানী কাৰাকাছসহ ভেনিজুৱেলাৰ একাধিক এলেকাত সৃষ্টি কৰে বিপর্যয়৷ মার্কিন জিঅ’ল’জিকেল ছার্ভেৰ তথ্য অনুসৰি, যুটীয়া এই ভূঁইকঁপৰ অভিকেন্দ্র আছিল ভেনিজুৱেলাৰ কেৰিবিয়ান উপকূলৱর্তী মোৰান চহৰৰ পশ্চিমত৷
ভূ–পৃষ্ঠৰ পৰা মাত্র ১৩ কিলোমিটাৰ গভীৰত আছিল এই অভিকেন্দ্র৷ প্রথম ভূঁইকঁপটোৰ প্রাবল্য আছিল ৭.২, তাৰ প্রায় ৪০ ছেকেণ্ডৰ ভিতৰতে আন এটি শক্তিশালী ভূঁইকঁপে আঘাত হানে ভেনিজুৱেলাত৷ ইয়াৰ উৎপত্তিস্থলো একেটাই৷ ভূ–পৃষ্ঠৰ পৰা মাত্র ১০ কিলোমিটাৰ গভীৰত৷ ৰিখ্টাৰ স্কেলত ৭.৫ আছিল এই দ্বিতীয়টো ভূঁইকঁপৰ প্রাবল্য৷ এক মিনিটৰো কম সময়তে দুটাকৈ প্রবল ভূঁইকঁপে তচনচ কৰি পেলায় চাৰিওফাল৷
ভূঁইকঁপৰ পিছতেই ‘নিছাৰ’ মিছনৰ অভিযানত ক্ষতিগ্রস্ত এলেকাৰ ৰাডাৰ চিত্র সংগ্রহ আৰম্ভ হয়৷ ভূঁইকঁপৰ আগত আৰু পিছত তোলা চিত্রৰ তুলনা কৰি ক’ত আৰু কিমান পৰিৱর্তন হৈছে তাক বিবেচনা কৰে বিজ্ঞানীসকলে৷ ইনছাৰ প্রযুক্তি ব্যৱহাৰ কৰি দেখা গৈছে যে বিভিন্ন সময়ত তোলা ৰাডাৰ চিত্রৰ বিশ্লেষণত ধৰা পৰে একাধিক এলেকাৰ ভূ–ভাগ তাৰ আগৰ অৱস্থানৰ পৰা উল্লেখযোগ্যভাৱে আঁতৰি গৈছে৷
বিজ্ঞানীসকলৰ মতে, এই ভূঁইকঁপৰ কাৰণ আছিল ‘ষ্ট্রাইক–শ্লিপ ফল্ট’৷ এইধৰণৰ ভূঁইকঁপত দুখন টেক্ট’নিক প্লেট এখনে আনখনৰ বিপৰীতে আঁতৰি যায়৷ এই ঘটনাত কেৰিবিয়ান টেক্ট’নিক প্লেট আৰু দক্ষিণ আমেৰিকান টেক্ট’নিক প্লেটৰ মাজত এইধৰণৰ সঞ্চালন হয় বুলি মত প্রকাশ কৰিছে বিজ্ঞানীসকলে৷ আটাইতকৈ বেছি ভূ–ভাগ আঁতৰি যোৱাৰ ঘটনা ঘটিছে ৰাজধানী কাৰাকাছৰ বিমানবন্দৰ সংলগ্ন এলেকাত, য’ত ভূ–ভাগ প্রায় ৬০ চেণ্টিমিটাৰ পর্যন্ত আঁতৰি গৈছে৷