চীনত পুনৰ ক’ৰোনাঃ নতুনকৈ আক্ৰান্ত শতাধিক
নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ চীনৰ য়ুহান চহৰৰ পৰা বিশ্বৰ প্ৰতিটো প্ৰান্তলৈ সংক্ৰমিত হোৱাৰ ন’ভেল ক’ৰোনা ভাইৰাছে এতিয়া ধৰাশায়ী কৰিছে সমগ্ৰ বিশ্ব । লক্ষাধিক লোকে মৃত্যুক সাৱটি লোৱা এই ভাইৰাছৰ ফলত আক্ৰান্ত হৈছে প্ৰায় ১৮ লাখতকৈ অধিক লোক ।
৭৯ দিনীয়া লকডাউনৰ পাচত ক’ৰোনাৰ উৎপত্তিস্থল চীনত স্বাভাৱিক অৱস্থা ঘূৰি আহিছিল যদিও পুনৰ দেশখনত আক্ৰান্ত হৈছে শতাধিক লোক । চীনৰ স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰা অনুসৰি , দেওবাৰে চীনত মুঠ ১০৮ জনৰ শৰীৰত নতুনকৈ ধৰা পৰিছে ক’ৰোনা সংক্ৰমণৰ তথ্য । ইয়াৰ মাজৰে ৯৮ জনেই বিদেশৰ পৰা উভতি আহিছিল চীনলৈ ।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিদেশৰ পৰা উভতি অহা মুঠ ১,৩৭৮ গৰাকীৰ মাজৰ ১,০৬৪ গৰাকী লোকৰ শৰীৰত ক’ৰোনা সংক্ৰমণৰ প্ৰমাণ পোৱাৰ পাচতেই আইছুলেচনত ৰখা হৈছিল । ইয়াৰ মাজৰে ৫১১ জন সম্পূৰ্ণ সুস্থ হৈ উঠাত হাস্পতালৰ পৰা তেওঁলোকক ঘৰলৈ পঠোৱা হৈছে । ৮৬৭ জন লোকৰ ওপৰত বৰ্তমানেও চিকিৎসা অব্যাহত আছে চীনত । ইয়াৰ মাজৰ ৩৮ জনৰ অৱস্থা সংকটজনক বুলিও প্ৰকাশ কৰিছে মন্ত্ৰণালয়ে ।