দিল্লীৰ মালব্য নগৰত বুধবাৰে সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত কমেও ২১জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। “হোটেল ফ্ল’ৰিছ ষ্টে” নামৰ এটা ৰেষ্টুৰেণ্ট তথা আৱাসিক প্ৰতিষ্ঠানত জুই লাগি এই শোকাৱহ ঘটনাটো সংঘটিত হয়।
প্ৰতিবেদন অনুসৰি, জুইৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ বহু লোকে ভৱনৰ পৰা জঁপিয়াই পৰিবলৈ বাধ্য হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়।
পুৱা প্ৰায় ৯ বজাত অগ্নিনিৰ্বাপক বিভাগে জুই লগাৰ খবৰ লাভ কৰে। ইয়াৰ পিছতে ঘটনাস্থলীলৈ ১০খন অগ্নিনিৰ্বাপক বাহন প্ৰেৰণ কৰা হয়। আৰম্ভণিতে মৃত্যুৰ সংখ্যা ১০ বুলি কোৱা হৈছিল যদিও পিছত এই সংখ্যা বৃদ্ধি পাই ২১জনলৈ হয়।
জুই নিয়ন্ত্ৰণলৈ আনিবলৈ ২খন ৱাটাৰ টেণ্ডাৰ, ২খন ৱাটাৰ বাউজাৰ, এখন কুইক ৰেছপন্স বাহন আৰু আন কেইবাখনো বিশেষ অগ্নিনিৰ্বাপক ইউনিট মোতায়েন কৰা হৈছিল।
উদ্ধাৰকাৰী দলটোৱে হোটেলখনত আবদ্ধ হৈ থকা ৩৫জন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। হোটেলখনত কেইবাজনো বিদেশী নাগৰিকো অৱস্থান কৰি আছিল বুলি জানিব পৰা গৈছে। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
ডিজিটেল ডেস্ক, ৩ জুন