নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অংকুৰ ৰঞ্জন ফুকন আৰু মনোৰঞ্জন বড়িলৈ মুনীন বৰকটকী বঁটা

"ৎ" কাব্যগ্ৰন্থৰ পাণ্ডুলিপি আৰু "ম'হ যখ"গল্প সংকলনলৈ চলিত বৰ্ষৰ মুনীন বৰকটকী বঁটা ।

নিয়মীয়া বাৰ্তা,১১ নৱেম্বৰঃ মুনীন বৰকটকী ন্যাসে নতুন প্ৰজন্মৰ লেখক সকলক উৎসাহিত কৰাৰ মানসেৰে ১৯৯৫ চনৰ পৰা প্ৰদান কৰি অহা মুনীন বৰকটকী বঁটা চলিত বৰ্ষত আগবঢ়োৱা হৈছে যুৱ কবি অংকুৰ ৰঞ্জন ফুকন আৰু গল্পকাৰ মনোৰঞ্জন বড়িলৈ । সোমবাৰে মুনীন বৰকটকী স্মাৰক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী মীনাক্ষি বৰকটকীয়ে এক বিবৃতিযোগে সদৰী কৰি এই কথা । উল্লেখ্য যে , অংকুৰ ৰঞ্জন ফুকনৰ “ৎ” কাব্যগ্ৰন্থৰ পাণ্ডুলিপি আৰু মনোৰঞ্জন বড়িৰ “ম’হ যখ”গল্প সংকলনৰ বাবে প্ৰদান কৰা এই বঁটাত থাকিব ৫০,০০০ টকা , এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ ।

You might also like