নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিওপিনে গোমা-নিষ্প্ৰাণ পৰিৱেশৰ মাজতে আজি গোসাঁই বিহু

নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ কপৌৰ সুবাস নহয়, বতাহত ভাহিছে বিষাক্ত বীজাণু । নতুনকৈ খেতি মাটিডৰা চহোৱাৰ কোনো প্ৰস্তুতি নাই, উৎপাদিত শস্যবোৰ এতিয়াও ছেদেলি-ভেদেলি হৈ পৰি আছে পথাৰত । চাৰিওপিনে গোমা-নিষ্প্ৰাণ পৰিৱেশ । তাৰ মাজতে কেলেণ্ডাৰৰ পাত বাগৰি আহিছে ব’হাগ ।

আজি গোসাঁই বিহু । বছৰটো কুশলে যোৱাৰ কামনাৰে ধূপ, দীপ আৰু নৈবেদ্য আগৱঢ়াই প্ৰাৰ্থনা কৰে বিহুবলীয়া ৰাইজে।

আজি অসমীয়াৰ বাপতি সাহোন সাত বিহুৰ তৃতীয়টো দিন । বিহু বুলিলেই গা সাতখন-আঠখন হৈ পৰা ৰাইজৰ মনবোৰ এইবাৰ বিষণ্ণ । হেন্দোলিত ব’হাগৰ প্ৰাণ প্ৰাচুৰ্য উপভোগ কৰাৰ মানসিক আয়োজনো নাই । অৱশ্যে এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সামাজিক দূৰত্ব অৱলম্বন কৰি সকলো অসমীয়াই পালন কৰিছে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু ।

You might also like