নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলা ভাষাত ব্রহ্মপুত্র উপত্যকাত ক’ৰোনাৰ সজাগতা ফলক

নিয়মীয়া বাৰ্তা, ১৬ এপ্রিলঃ ক’ভিড–১৯ মহামাৰী ভাইৰাছে আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ সময়তে অসমীয়া ভাষাকলৈ এতিয়া সৃষ্টি হৈছে আন এক আতংকৰ ৷ সৌ সিদিনালৈকে জাতিধবংসী নাগৰিকত্ব সংশোধনী আইনকলৈ ৰাজ্যজুৰি প্রতিবাদ অব্যাহত আছিল যদিও অতি সম্প্রতি ক’ৰোনাৰ আতংকত ক্রমান্বয়ে স্থবিৰ হৈ পৰিছে বিতর্কিত আইন বিৰোধী আন্দোলন ৷ এনে সময়তে অবিভক্ত শোণিতপুৰ জিলাৰ বিশ্বনাথৰ বিহালীত ৰাষ্ট্রীয় স্বাস্থ্য অভিযান আঁচনিৰ অধীনত ক’ৰোনা ভাইৰাছ সম্পর্কত সতর্কতামূলক প্রচাৰৰ বাবে অঢ়া ফলকে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰাই নহয়, অসমীয়াৰ স্বাভিমানতো চৰম আঘাত কৰিছে ৷ কিয়নো ফলককেইখনত অসমীয়া ভাষাৰ পৰিৱর্তে ব্যৱহাৰ কৰা হৈছে বঙলা ভাষা ৷

বৰাক উপত্যকাৰ পৰিৱর্তে ব্রহ্মপুত্র উপত্যকাত এইদৰে চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ অধীনত বঙলা ভাষাৰ জৰিয়তে ক’ৰোনা ভাইৰাছ সংক্রমণ ৰোধৰ বাবে গ্রহণ কৰিবলগীয়া সাৱধানতাৰ প্রচাৰ চলোৱা ঘটনা সহজভাবে ল’ব পৰা নাই অঞ্চলটোৰ লগতে অবিভক্ত শোণিতপুৰৰ সচেতন ৰাইজে ৷ এই সন্দর্ভত তেজপুৰৰ সংবাদমহলত অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই গভীৰ উদ্বেগ প্রকাশ কৰিছে ৷ প্রধান সম্পাদক শর্মাই চৰকাৰৰ এই কর্মকাণ্ডহীনতাক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, বৰাক উপত্যকাত ল’বলগীয়া এনে ধৰণৰ ফলক ব্রহ্মপুত্র উপত্যকাত লগোৱাটো কোনো কাৰণতে গ্রহণযোগ্য নহয় ৷ সেয়েহে ব্রহ্মপুত্র উপত্যকাৰ যিকোনো স্থানত লগোৱা এনে বঙলা ভাষাৰ ফলক অনতি পলমে আঁতৰোৱাৰ লগতে এনে কার্য পুনৰ সংঘটিত কৰাৰ পৰা সংশ্লিষ্ট বিভাগক বিৰত থাকিবলৈ আহ্বান জনাইছে সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ শর্মাই ৷

উল্লেখ্য যে, অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া আৰু প্রধান সম্পাদক যাদৱ শর্মাৰ দ্বাৰা স্বাক্ষৰিত এক প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে যে, ক’ভিড–১৯ প্রতিৰোধৰ কামত নিয়োজিত বিভিন্ন চৰকাৰী–বেচৰকাৰী বিভাগ আৰু সংগঠনৰ লগতে স্বাস্থ্য কৰ্মীসকলৰ নিস্বার্থ সেৱাক অসম সাহিত্য সভাই কৃতজ্ঞতাৰে সঁহাৰি জনাইছে ৷ এই সন্দর্ভত সভাৰ জিলা আৰু শাখা সাহিত্য সভাসমূহৰ সদস্যসকলক সজাগ কৰি তোলা হৈছে বুলি উল্লেখ কৰা প্রেছ বিবৃতিটোত চৰকাৰৰ আৰোগ্য নিধি পুঁজিলৈ সাহিত্য সভাৰ কেন্দ্রীয় সমিতিৰ তৰফৰ পৰা এক লাখ টকাৰ চেক স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ হাতত অর্পণ কৰাবুলি জানিবলৈ দিছে ৷

You might also like