নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ ষ্টেচনত আবদ্ধ নগাঁৱৰ স্বামী–স্ত্রীঃ অনিদ্রা–অর্ধাহাৰে ২০ দিন

নিয়মীয়া বাৰ্তা, ১৬ এপ্রিলঃ লকডাউনে যোৰহাট ৰে’ল ষ্টেচনত আবদ্ধ কৰিলে নগাঁৱৰ এক বৃদ্ধ দম্পতীক ৷ নগাঁও জিলাৰ বঢ়হমপুৰৰ আদর্শ গাঁৱৰ বীৰেন বৰা আৰু তেওঁৰ পত্নীয়ে কাম কৰিছিল তিনিচুকীয়া জিলাৰ মাকুমৰ এখন ক্ষুদ্র চাহ বাগিচাত ৷ লকডাউন হোৱাত বাগিচাত কাম কৰা মানুহবোৰক মালিকে ঘৰলৈ পঠিয়াই দিয়ে ৷ পৌঢ় দম্পতীকো পঠিয়াই দিয়ে ঘৰলৈ ৷ ৰে’লযোগে আহি এওঁলোক আবদ্ধ হৈ পৰিল যোৰহাট ৰে’ল ষ্টেচনত ৷ প্রায় বিশ দিন অর্ধাহাৰ–অনিদ্রাই ইয়াতে পাৰ কৰিছে জীৱন ৷ বৃহস্পতিবাৰে একাংশ যুৱকে ষ্টেচনৰ গৃহহীনসকলক খাদ্য দিয়াৰ সময়ত এওঁলোকক প্রত্যক্ষ কৰে এই প্রতিবেদকে ৷ যুৱককেইজনে খাদ্য, এগৰাকী মহিলাই এখন আঁঠুৱা দিয়াৰ ব্যৱস্থা কৰে৷ এই প্রতিবেদকেও সামান্য সহায় আগবঢ়ায় আৰু প্রশাসনৰ লগত যোগাযোগৰ আশ্বাস দিয়ে৷ ইপিনে, সাহায্য লাভ কৰি সাংবাদিকজনৰ সন্মুখত আৱেগিক হৈ পৰে বীৰেন বৰা৷ ৷

You might also like