নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৫ নাগালেণ্ডফেৰৎ শ্রমিকক ডিমৌৰ কোৱাৰেণ্টাইন গৃহলৈ

অৰুণাচলৰ পৰা অসমলৈ দুশ কিঃমিঃ যাত্রাৰম্ভ ৭ শ্রমিকৰ

নিয়মীয়া বার্তা, ১৭ এপ্রিলঃ নাগালেণ্ড আৰু অসম–নাগালেণ্ড সীমান্তৱর্তী বিভিন্ন ভিতৰুৱা ঠাইত দিন মজুৰি কামত কর্মৰত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ ৪৫গৰাকী লোক বৃহস্পতিবাৰে আমগুৰিত উপস্থিত হোৱাৰ পিছত স্থানীয় প্রশাসনৰ তৎপৰতাত আমগুৰি সামূহিক চিকিৎসালয়লৈ নি যাৱতীয় চিকিৎসা ব্যৱস্থা গ্রহণৰ পিছত কোৱাৰেণ্টাইনৰ বাবে ডিমৌলৈ প্রেৰণ কৰা হয় ৷ জানিব পৰা মতে, নাগালেণ্ডৰ বিভিন্ন ভিতৰুৱা ঠাইত কিছুসংখ্যক ঠিকাদাৰৰ দায়িত্বত কয়লা, শিলৰ খননৰ লগতে কাঠৰ কামত নিয়োজিত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ ৪৫গৰাকী লোকক লকডাউনৰ সময়ত সংশ্লিষ্ট ঠিকাদাৰে প্রাপ্য মজুৰিৰ লগতে খাদ্যৰ যোগান নধৰাত তেওঁলোক বহুকেইদিন অনাহাৰে আছিল ৷ পিছত লোকসকল খোজকাঢ়ি আহি আমগুৰিত উপস্থিত হয় ৷

প্রথমে ১৪গৰাকী লোক টালি–টোপোলাৰ সৈতে একেলগে খোজকাঢ়ি অহাৰ কিছু সময়ৰ পিছত অন্য ৩১গৰাকী লোক খোজকাঢ়ি আমগুৰি নগৰত উপস্থিত হোৱা দেখি কর্তব্যৰত আৰক্ষীয়ে লোকসকলক সোধা–পোছা কৰি আমগুৰি সামূহিক চিকিৎসালয়লৈ নিয়ে ৷ কেইবাদিনো অনাহাৰে থকা লোকসকলৰ আহাৰৰ ব্যৱস্থা কৰি পিছত চিকিৎসালয়ৰ পৰা শিৱসাগৰৰ ডিমৌস্থিত কোৱাৰেণ্টাইন গৃহলৈ পঠিয়াই দিয়া হয় ৷ আনহাতে, বিশ্বব্যাপি আতংক সৃষ্টি কৰা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ পৰা বাচি থাকিবলৈ প্রতিৰোধমূলক ব্যৱস্থা হিচাপে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ চৰকাৰে ঘোষণা কৰা লকডাউনৰ ফলত আবদ্ধ হৈ থকা অসমৰ একাংশ শ্রমিকৰ মাজত দেখা দিছে খাদ্য– বাসস্থানৰ তীব্র সংকট ৷ ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে দ্বিতীযবাৰৰ বাবে পোন্ধৰ এপ্রিলৰ পৰা পুনৰ লকডাউন ঘোষণা কৰাৰ ফলত বুধবাৰে অৰুণাচল প্রদেশৰ পূব চিয়াং জিলাৰ পাছিঘাটত আবদ্ধ হৈ থকা অসমৰ ৭গৰাকী শ্রমিকে থকা–মেলা, খাদ্য আদিৰ সংকটক সহিব নোৱাৰি পুৱতিনিশা প্রায় ৩ বজাত পাছিঘাটৰ পৰা পলাই আহি ভোকে–পিয়াহে অসমৰ নিজগৃহ গোগামুখলৈ বুলি খোজকাঢ়ি আৰম্ভ কৰে প্রায় ২০০ কিলোমিটাৰ পথযাত্রা ৷

জানিব পৰা মতে, অসমৰ এইসকল শ্রমিক পাছিঘাটত শ্রমিক হিচাপে কাম কৰিছিল এজন অৰুণাচলৰ মানুহৰ ঘৰত ৷ কিন্তু চৰকাৰে প্রথম পর্যায়ত ২৪ মার্চৰ পৰা ১৪ এপ্রিললৈ লকডাউন ঘোষণা কৰাৰ পিছতো পৰিস্থিতি অনুকূল নোহোৱাৰ প্রতি লক্ষ্য ৰাখি পুনৰ ৩ মে’লৈকে দ্বিতীয় পর্যায়লৈ লকডাউন ঘোষণা কৰাত সম্পূর্ণৰূপে আবদ্ধ হৈ পৰে শ্রমিকসকল ৷ লকডাউন ঘোষণা কৰা প্রথম পর্যায়ৰ পৰাই মালিকে কোনোধৰণৰ ৰেচন যোগান নিদিয়াত পকেটৰ ধনেৰে লকডাউনৰ সময়ছোৱাত কোনোমতে খাই–বৈ আছিল যদিও লকদাউন পুনৰ বৃদ্ধি কৰাত অসমৰ শ্রমিকসকলৰ পকেট উদং হোৱাৰ লগতে মালিকে শ্রমিকসকলৰ থকা ঘৰভাৰাও বিচৰাত উপায়ান্তৰ হৈ এইসকল অসমৰ শ্রমিকে সকলো বয়–বস্তু এৰি পলাবলৈ বাধ্য হৈ পুৱতিনিশাই পলাই অহা শ্রমিকৰ দলটোৱে ২০০ কিলোমিটাৰ পদ খোজকাঢ়ি পাছিঘাটৰ পৰা নিজগৃহ গোগামুখ অভিমুখে আৰম্ভ কৰে এই দুখ লগা পদযাত্রা ৷ আনহাতে চিলাপথাৰৰ এটা ঊনৈশজনীয়া শ্রমিকৰ দলে একেই পৰিস্থিতিৰ সন্মুখীন হৈ আজি পাছিঘাটৰ পৰা জোনাইৰ তৰাজান হৈ উভতি আহে৷ শ্রমিক দলটোক তৰাজান গাঁৱৰ ৰাইজে এসাঁজ ভাত খুৱাই জোনাই আৰক্ষীক চমজাই দিয়ে৷ জোনাই আৰক্ষীয়ে উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাই নিজ নিজ ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে বুলি জোনাই আৰক্ষীৰ সূত্রে জানিব পৰা গৈছে ৷

You might also like