নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱৰ লেংটিছিঙাত ১২৮ বস্তা চৰকাৰী চাউলসহ জব্দ দুই বাহন, আটক ৪

নিয়মীয়া বার্তা, ১৭ এপ্রিলঃ ৰাজ্য চৰকাৰে সাধাৰণ দুখীয়া শ্রেণীৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে ইতিমধ্যে দুটা পর্যায়ত ৰেচন কার্ড থকা পৰিয়ালৰ প্রতিগৰাকী লোকৰ বিপৰীতে ৫ কিলোগ্রামকৈ মুঠ ১০ কিলোগ্রাম চাউল বিনামূলীয়াকৈ প্রদান কৰিছে ৷ কিন্তু এনে দুখীয়া ৰাইজৰ চাউলৰ ওপৰত শেনচকু পৰিছে একাংশ লোকৰ ৷ দুখীয়াৰ পৰা চান কাঢ়ি অথবা বঞ্চিত কৰি অসামৰিক যোগান বিভাগৰ চাউলৰ অবৈধ ৰমৰমীয়া ব্যৱসায়ী চলাইছে একাংশ দুষ্ট প্রকৃতিৰ লোকে ৷ বুধবাৰে নিশাও বৰপেটা জিলাৰ পৰা দুখন বলেৰ’ পিকআপ ভানত কঢ়িয়াই থকা অৱস্থাত বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱর্তী লেংটিছিঙাত আৰক্ষীৰ হাতত ধৰা পৰে ৷

প্রাপ্ত বাতৰি মতে, এ এছ ১৫ এ চি ০৫১২ নম্বৰ আৰু এ এছ ১৯ চি ২৩৪৭ নম্বৰৰ বলেৰ’ পিকআপ ভেন দুখনে লেংটিছিঙা অঞ্চলেৰে পাৰ হ’বলৈ ধৰোঁতে টহলদাৰী আৰক্ষীৰ দলে ৰখাই তালাচী চলায় ৷ তালাচী কালত গাড়ী দুখনত চাউল কঢ়িওৱাটো ধৰা পৰে ৷ গাড়ী দুখনত ৬৪ বস্তাকৈ মুঠ ১২৮ বস্তা (প্রায় ৬৪ কুইণ্টল) চাউল থকা প্রত্যক্ষ কৰি চাউলখিনি, গাড়ী দুখন জব্দ কৰাৰ লগতে চালকসহ গাড়ী দুখনত থকা চাৰিজন লোকক আটক কৰে ৷ আটক কৰা লোককেইজন ছাহিদুল ইছলাম আৰু ছফিকুল ইছলাম (শ্রমিক), জাহিদুল ইছলাম আৰু জাকিৰ হুছেইন (গাড়ী) চালকৰ ৷

ঘটনা সন্দর্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮/২৭০/৩৭৯/৪১/৩৫ ধাৰা আৰ ডব্লিউ ৫১ (বি) দুর্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ২৪১/২০২০ নং গোচৰ পঞ্জীয়ন কৰি আটক লোককেইজনক ন্যায়িক জিম্মাত লৈছে ৷ জানিব পৰা মতে চাউলখিনি বৰপেটা জিলাৰ লাংলা, মইনবৰী আদি অঞ্চলৰ আৰু জনৈক খালেক আৰু ছহিদুল ইছলামসহ মুঠ চাৰি–পাঁচজন লোকৰ জৰিয়তে মইনবৰীৰ পৰা লেংটিছিঙা হৈ অভয়াপুৰীৰ মাজেৰে কাবাইটাৰীলৈ সৰবৰাহৰ কথা আছিল ৷ ঘটনা সন্দর্ভত আৰক্ষীৰ উচ্চ পর্যায়ৰ তদন্ততহে প্রকৃত দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব ৷ অন্যথা বহু ৰৌ–বৰালি সাৰি যোৱাৰ সম্ভাৱনা আছে বুলি স্থানীয় লোকে প্রকাশ কৰিছে ৷

You might also like